এখন দুখন নহয়, প্ৰায় ৭৫খন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক দিয়া মধ্যাহ্ন ভোজনত পোক ওলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগৰ পিছতে বিদ্যালয়সমূহত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ আৰৱল জিলাৰ সদৰ প্ৰখণ্ডৰ প্ৰায় ৭৫খন বিদ্যালয়ত। বিদ্যালয়ত খাদ্য পৰিৱেশন কৰাৰ সময়ত কেইবাখনো বিদ্যালয়ত পাচলিৰ ভিতৰত সৰু সৰু বগা পোক দেখা পোৱা যায়। ছাত্ৰ-ছাত্ৰী আৰু ৰান্ধনীসকলে এই কথা লক্ষ্য কৰাৰ পিছতে বিদ্যালয় কৰ্তৃপক্ষই খাদ্য পৰিৱেশন বন্ধ কৰি দিয়ে। খাদ্যত পোক ওলোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে ৰাজ্যখনৰ শিক্ষা বিভাগতো হাহাকাৰ লাগে।
ঘটনাৰ বিষয়ে অৱগত হোৱাৰ পিছতে শিক্ষা বিভাগে তদন্ত আৰম্ভ কৰিছে। জিলা শিক্ষা বিষয়া আছগৰ হুছেইনে জনোৱা মতে, ঘটনাটোৰ তদন্তৰ বাবে জিলা কাৰ্যসূচী বিষয়া (মধ্যাহ্নভোজন)ক বিদ্যালয়সমূহলৈ পঠিওৱা হৈছে। তদন্তত যদি খাদ্য যোগানত কোনো ধৰণৰ অনিয়ম ধৰা পৰে, তেন্তে দোষী সংস্থাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হ’ব বুলি শিক্ষা বিভাগে জানিবলৈ দিছে। বৰ্তমান অভিযোগ উত্থাপিত হোৱা বিদ্যালয়সমূহত খাদ্য যোগান বন্ধ কৰি দিয়া হৈছে। আৰৱল জিলাৰ চৰকাৰী বিদ্যালয়সমূহলৈ মধ্যাহ্নভোজন যোগান ধৰাৰ দায়িত্বত আছিল ‘ৰয়েল মানৱ মিত্ৰ সেৱা সমিতি’ নামৰ এটা সংস্থা। এই সংস্থাৰ জৰিয়তেই বিদ্যালয়সমূহলৈ চাউল আৰু ছয়াবিন-আলু যোগান ধৰা হৈছিল।
ইফালে, একেটা দিনতে বিহাৰৰ নালন্দা জিলাতো মধ্যাহ্ন ভোজনক লৈ আন এক গুৰুতৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে। নূৰছৰাই প্ৰখণ্ডৰ পৰাসী মধ্য বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে মধ্যাহ্ন ভোজনৰ সৈতে অতিৰিক্ত নিমখ বিচৰাত নিমখৰ সলনি কাপোৰ ধোৱা চাৰ্ফ (ডিটাৰজেণ্ট পাউডাৰ) পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন হয়। এই খাদ্য খোৱাৰ পিছত ৩৫জনতকৈ অধিক ছাত্ৰ-ছাত্ৰীৰ পেটৰ বিষ, বমি আৰু মূৰ ঘূৰোৱাৰ দৰে সমস্যা হোৱা বুলি জানিব পৰা গৈছে। অসুস্থ ছাত্ৰ-ছাত্ৰীসকলক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাত তেওঁলোকৰ চিকিৎসা কৰা হয়।
একে সময়তে বিহাৰৰ দুটা জিলাৰ চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্নভোজনক লৈ এনে গুৰুতৰ অভিযোগ উত্থাপন হোৱাত বিদ্যালয়ৰ খাদ্যৰ মান আৰু ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষাক লৈ প্ৰশ্ন উত্থাপন হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















