• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

40 minutes ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

6 minutes ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

2 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

3 hours ago
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

3 hours ago
অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

অসম প্ৰীমিয়াৰ লীগৰ ফচল ৰোহিত সেন

15 hours ago
কেনে যাব কাইলৈ আপোনাৰ দিনটো?

কেনে যাব কাইলৈ আপোনাৰ দিনটো?

16 hours ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

16 hours ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

17 hours ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

17 hours ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

18 hours ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

19 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

আৰক্ষীৰ বিৰুদ্ধে ধন লৈ 'মেনেজ' হোৱাৰ গুৰুতৰ অভিযোগ

editor by editor
August 25, 2026
in অপৰাধ, অসম, বিবিধ, লেখা
0
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
0
SHARES
36
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনতা ভৱনৰ সন্মুখত এগৰাকী মাতৃৰ হিয়াভগা কান্দোন। পুত্ৰৰ ৰহস্যজনক মৃত্যুৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি লখিমপুৰৰ পৰা আহি প্ৰতিবাদত বহিল এগৰাকী দুৰ্ভগীয়া মাতৃ। মাতৃগৰাকীৰ অভিযোগ, তেওঁৰ পুত্ৰ ৰাকেশ বৰাৰ মৃ*ত্যু সাধাৰণ দুৰ্ঘটনা নহয়, এয়া পৰিকল্পিত হ*ত্যাকাণ্ড। অভিযোগ অনুসৰি, চলিত বৰ্ষৰ ২৮ ফেব্ৰুৱাৰীত বগীনদীৰ ক’লাপানীত ৰাকেশ বৰাৰ ৰহস্যজনকভাৱে মৃ*ত্যু হৈছিল। ঘটনাৰ পিছতে ৰাকেশৰ মাতৃ লক্ষী ওৰফে জেৰিনা বৰাই বগীনদী থানাত এখন এজাহাৰ দাখিল কৰিছিল। কিন্তু জেৰিনা বৰাৰ এজাহাৰৰ কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ বগীনদী থানাৰ বিৰুদ্ধে। জনৈক গংগাফুকন নামৰ এজন আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনি স্থানীয় আৰক্ষীৰ পৰা ন্যায় নাপায় দুৰ্ভগীয়া মহিলাগৰাকীয়ে এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ ন্যায় বিচাৰি অহা বুলিও সদৰী কৰে।

দুৰ্ভগীয়া মাতৃগৰাকীৰ অভিযোগ, ৰাকেশৰ শৰীৰত আঘাতৰ চিন আছিল। কিন্তু ৰাকেশে চলাই যোৱা স্কুটাৰখনত কোনো ধৰণৰ আঘাত বা দুৰ্ঘটনাৰ স্পষ্ট দাগ নাছিল। এই কথাই ঘটনাটো সন্দেহজনক কৰি তুলিছে বুলি দাবী কৰিছে মাতৃগৰাকীয়ে। ৰাকেশৰ মাতৃ জেৰিনা বৰাৰ অভিযোগ অনুসৰি, আৰক্ষীয়ে সমগ্ৰ ঘটনাটোক দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে। আৰক্ষীৰ কাষ চাপিও তেওঁ পুত্ৰৰ মৃত্যুৰ সন্দৰ্ভত কোনো সন্তোষজনক উত্তৰ লাভ নকৰিলে বুলিও অভিযোগ কৰে।

এজাহাৰত পদ্মেশ্বৰ গগৈ, দিপু গগৈ, শৰৎ সোণোৱাল আৰু ৰুবুল তামুলীৰ নাম উল্লেখ কৰা হৈছিল বুলি মাতৃগৰাকীয়ে দাবী কৰিছে। কিন্তু এই লোকসকলৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলিও অভিযোগ উত্থাপন কৰিছে তেওঁ। আনকি বৃহৎ ধনৰ বিনিময়ত আৰক্ষীক ‘মেনেজ’ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মাতৃগৰাকীয়ে। অৱশ্যে এই অভিযোগসমূহৰ স্বতন্ত্ৰ সত্যতা এই মুহূৰ্তত নিশ্চিত হোৱা নাই।

পুত্ৰৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত অৱশেষত জনতা ভৱনৰ সন্মুখত প্ৰতিবাদত বহিবলৈ বাধ্য হয় জেৰিনা বৰা। দুবছৰ পূৰ্বে স্বামী মিণ্টু বৰাৰো মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে তেওঁ। স্বামীক হেৰুওৱাৰ পিছত পুত্ৰকো হেৰুওৱা মাতৃগৰাকীয়ে এতিয়া পুত্ৰৰ মৃত্যুৰ প্ৰকৃত সত্য পোহৰলৈ অহাটো বিচাৰিছে। জেৰিনা বৰাই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (CBI)-ৰ জৰিয়তে তদন্ত কৰাৰ বাবেও দাবী জনাব বুলি জানিবলৈ দিছে।

মাতৃগৰাকীৰ দাবী, তদন্ত নিৰপেক্ষভাৱে আগবঢ়াই ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আনিব লাগে আৰু দোষী কোনো ব্যক্তি থাকিলে তেওঁৰ বিৰুদ্ধে কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। পুত্ৰৰ মৃত্যুৰ ন্যায় নাপালে জনতা ভৱনৰ সন্মুখতে আত্মজাহৰো হুংকাৰ দিয়ে দুৰ্ভগীয়া জেৰিনা বৰাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম
জীৱনশৈলী

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

August 25, 2026
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ
ভাৰত

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

August 25, 2026
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল
বিনোদন

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

August 25, 2026
মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’
বিনোদন

মুক্তিৰ ৭০ দিনৰ পিছতো মহানগৰীৰ Matrix cinemasত এতিয়াও হাউছফুল ‘চুপা চুপি’

August 25, 2026
Next Post
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.