নেপালৰ ৰছুৱা জিলাৰ ভোটাকোশী নদীত অহা ভয়ংকৰ বানত এতিয়ালৈকে দেশখনৰ বিভিন্ন অঞ্চলৰ পৰা কমেও ১৭টা মৃ*তদেহ উদ্ধাৰ কৰা হৈছে। আনহাতে ২৯১জন বিদেশী আৰু ৯৩জন নেপালী নাগৰিকসহ মুঠ ৩৮৪জন লোক সন্ধানহীন হৈ আছে। নেপাল পৰ্যটন ব’ৰ্ডৰ তথ্য অনুসৰি, সন্ধানহীন লোকসকলৰ ভিতৰত ১০০ৰো অধিক ভাৰতীয় নাগৰিক আছে। বানৰ ফলত উত্তৰ নেপালৰ কেইবাটাও অঞ্চলত ব্যাপক ক্ষয়-ক্ষতি হোৱাৰ আশংকা কৰা হৈছে। বহু গাঁও পানীত বুৰ যোৱাৰ লগতে দলং, পথ আৰু জলবিদ্যুৎ প্ৰকল্পকে ধৰি বিভিন্ন আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হৈছে।
বুধবাৰে পুৱতি নিশা ৰছুৱা অঞ্চলত হঠাতে বান আহে। ভোটাকোশীৰ লগতে ত্ৰিশূলী নদীতো পানী বৃদ্ধি পোৱাত নদীৰ কাষৰ বহু জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। বিষয়াসকলে তিব্বতৰ পৰা বৈ অহা নদীত বৰফ বা হিমবাহ গলাৰ ফলত পানীৰ প্ৰবাহ হঠাতে বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। উদ্ধাৰ অভিযানত এতিয়ালৈকে ১২জন লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। ইফালে নেপালৰ সশ*স্ত্ৰ আৰক্ষী বাহিনীৰ ১৩জন জোৱান সন্ধানহীন হৈ আছে। ইয়াৰে চাৰিজন মৈলুং আৰু নজন তিমুৰে অঞ্চলৰ পৰা সন্ধানহীন হৈছে।
বানৰ ফলত নুৱাকোট জিলাৰ ঐতিহাসিক ত্ৰিশূলী বজাৰতো ব্যাপক ক্ষতি হৈছে। স্থানীয় প্ৰশাসনৰ মতে, বজাৰৰ আধাতকৈ অধিক অংশ পানীত ডুব গৈছে। জলবিদ্যুৎ প্ৰকল্প, পুৰণি আৰু নতুন দলং, বিদ্যালয়, মন্দিৰ আৰু বহু ঘৰ ক্ষতিগ্ৰস্ত হৈছে। বহু বাসিন্দাই নিৰাপদ স্থানলৈ আশ্ৰয় লৈছে। নেপালৰ ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পোড়েলে এই দুৰ্যোগত গভীৰ দুখ প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে জৰুৰী বৈঠক অনুষ্ঠিত কৰি চিকিৎসা দল, স্কাউট আৰু ৰেড ক্ৰছৰ সহযোগত উদ্ধাৰ আৰু সাহায্য অভিযান চলোৱাৰ কথা জনাইছে।
ইফালে নেপালৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই নদীকাষৰীয়া আৰু বিপজ্জনক অঞ্চলত থকা লোকসকলক সতৰ্ক হৈ নিৰাপদ স্থানলৈ যাবলৈ আহ্বান জনাইছে। সম্প্ৰতি উদ্ধাৰ অভিযান অব্যাহত আছে আৰু পৰিস্থিতি স্বাভাৱিক কৰিবলৈ প্ৰশাসনে সকলো প্ৰচেষ্টা চলাই আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















