ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন খেলুৱৈ তথা প্ৰাক্তন বেটিং প্ৰশিক্ষক সঞ্জয় বাংগাৰৰ সন্তান অনায়া বাংগাৰে পুনৰ ক্ৰিকেটৰ পথলৈ ঘূৰি অহাৰ দিশত এক গুৰুত্বপূৰ্ণ সফলতা লাভ কৰিছে। শেহতীয়াকৈ ক্ৰিকেট অষ্ট্ৰেলিয়াই অনায়াক মহিলা ক্ৰিকেটৰ Community Cricketত খেলাৰ অনুমতি দিছে। লগতে নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিলে ২০২৭ চনৰ মাৰ্চৰ পৰা Elite Women’s Cricket অৰ্থাৎ WBBLতো খেলাৰ পথ মুকলি হ’ব।

অনায়াই পূৰ্বতে মুম্বাইত Under-19 ক্ৰিকেট। লিংগ পৰিৱৰ্তন কৰাৰ আগত অনায়াৰ নাম আছিল অৰিয়ান বাংগাৰ। পৰৱৰ্তী সময়ত gender-affirming surgery কৰাৰ পিছত তেওঁ ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। এতিয়া ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অনুমোদনে তেওঁক ক্ৰিকেট কেৰিয়াৰ পুনৰ আৰম্ভ কৰাৰ পুনৰবাৰ সুযোগ দিছে।
ক্ৰিকেট অষ্ট্ৰেলিয়াৰ সিদ্ধান্ত অনুসৰি অনায়াই বৰ্তমান অষ্ট্ৰেলিয়াৰ Community Cricket খেলিব পাৰিব। কিন্তু অষ্ট্ৰেলিয়াৰ Women’s Big Bash Leagueখন Elite Cricketৰ অন্তৰ্গত হোৱাৰ বাবে অতিৰিক্ত যোগ্যতাৰ চৰ্ত পূৰণ কৰিব লাগিব। বিশেষকৈ ২০২৭ চনৰ মাৰ্চৰ পূৰ্বে serum testosteroneৰ মাত্ৰা ১০ nmol/Lৰ তলত থকাৰ প্ৰমাণ দিব লাগিব অনায়াই। ইয়াৰ উপৰিও আন আন নীতিসহ সকলো চৰ্ত পূৰণ কৰিব লাগিব। অৱশ্যে কেৱল যোগ্যতা লাভ কৰিলেই WBBLৰ কোনো দলত স্থান নিশ্চিত নহয়। অনায়াই নিজেও স্পষ্ট কৰিছে যে তেওঁ পুনৰ fitness, batting, bowling আৰু fieldingত নিজকে প্ৰমাণ কৰিব লাগিব আৰু তাৰ পিছতহে কোনো WBBL franchiseএ তেওঁক দলত লোৱাৰ সিদ্ধান্ত ল’ব।

অৱশ্যে ক্ৰিকেট অষ্ট্ৰেলিয়াৰ অনুমোদনে অনায়াক WPLত খেলাৰ যোগ্যতা প্ৰদান নকৰে। WPL BCCIৰ অধীনত অনুষ্ঠিত হয় আৰু খেলুৱৈৰ যোগ্যতা, পঞ্জীয়ন আৰু বিদেশী খেলুৱৈৰ নিয়ম পৃথক। বৰ্তমান BCCIৰ ফালৰ পৰা অনায়াৰ দৰে transgender মহিলা ক্ৰিকেটাৰৰ WPLত অংশগ্ৰহণৰ ক্ষেত্ৰত স্পষ্ট নীতি ঘোষণা কৰা হোৱা নাই। The Indian Expressৰ প্ৰতিবেদন অনুসৰি BCCIৰ এজন জ্যেষ্ঠ বিষয়াই জনাইছে যে এই বিষয়ত ব’ৰ্ডৰ বৰ্তমান কোনো নিৰ্দিষ্ট নীতি নাই। ইয়াৰ উপৰি ICCৰ ২০২৩ চনৰ নীতি অনুসৰি, পুৰুষৰ pubertyৰ মাজেৰে যোৱা transgender মহিলা খেলুৱৈক elite international women’s cricketত অংশগ্ৰহণৰ পৰা নিষিদ্ধ কৰা হৈছে। সেয়েহে অনায়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহিলা ক্ৰিকেটত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ পথ বৰ্তমান মুকলি নহয়। কিন্তু বৰ্তমান নিশ্চিত খবৰটো হ’ল—তেওঁ অষ্ট্ৰেলিয়াত মহিলা Community Cricket খেলিব পাৰিব আৰু নিৰ্দিষ্ট চৰ্ত পূৰণ কৰিলে ২০২৭ চনৰ পৰা Elite Cricket/WBBLৰ বাবে যোগ্য হোৱাৰ পথ মুকলি হৈছে। তাৰ পিছত প্ৰদৰ্শন, fitness আৰু সংশ্লিষ্ট প্ৰতিযোগিতাৰ নিয়মৰ ওপৰত তেওঁৰ পৰৱৰ্তী ক্ৰিকেট কেৰিয়াৰ নিৰ্ভৰ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















