২৮ আগষ্টত হৈছে ৰাখীবন্ধন। ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধি দিয়ে। সেই ৰাখীডালতে প্ৰকাশ কৰে মৰম-চেনেহ। ৰাখী বন্ধন শব্দটো সংস্কৃত শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে সুৰক্ষা আৰু বন্ধন। এই উৎসৱে ভাতৃ -ভগ্নীৰ ইজনে সিজনৰ প্রতি থকা মৰম, সুৰক্ষা, আনুগত্য, যত্ন আৰু দায়বদ্ধতাক সূচায়। যদি আপোনাৰ ভাতৃ-ভগ্নী আপোনাৰ দূৰত থাকে তেন্তে এই বিশেষ বাৰ্তা প্ৰেৰণ কৰি ৰাখীবন্ধনৰ শুভেচ্ছা জনাব পাৰে।
শুভেচ্ছা (Happy Raksha Bandhan)
- আমাৰ মাজত প্ৰেমৰ বান্ধোন সদায় দৃঢ় হৈ থাকক। ৰাখীবন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
- জনম জনমৰ সম্বন্ধ আমাৰ, বিশ্বাস আৰু মৰমেৰে ভৰা, ব’লা ইয়াক মৰমৰ এনাজৰীৰে বান্ধো, ৰাখীৰ মৰমৰ বান্ধোনত।Happy Raksha Bandhan 2026
- এই ৰাখী বন্ধন আপোনাৰ বাবে বিশেষ হওঁক আৰু ই আপোনালোকৰ বাবে পৃথিৱীৰ সকলো সুখ কঢ়িয়াই আনক। ৰাখী বন্ধনৰ শুভেচ্ছা!
- কিছুমান সম্পর্কই জীৱনতটো জীপাল কৰি ৰাখে, তাৰ ভিতৰত ভাই – ভনীৰ সম্পর্কটো হ’ল শ্রেষ্ঠ। শুভ ৰাখীবন্ধন।
- মোৰ ভাতৃয়ে যেন সকলো সময়ত সুস্থ আৰু ভালে থাকে, জীৱনটো যেন হয় আনন্দময়..তাৰেই কামনা কৰোঁ। ৰাখীবন্ধনৰ শুভেচ্ছা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















