হিমালয় অঞ্চলত জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ ক্ৰমাৎ অধিক স্পষ্ট হৈ পৰিছে। অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ উচ্চ হিমালয়ত থকা খাংগ্ৰি হিমবাহৰ দ্ৰুত গলনে নতুনকৈ উদ্বেগ সৃষ্টি কৰিছে। বিজ্ঞানীসকলে হিমবাহটোৰ পৰিৱৰ্তন, ভূমিৰ অস্থিৰতা আৰু নতুন হিমবাহ-সংলগ্ন হ্ৰদৰ সৃষ্টি লক্ষ্য কৰাৰ পিছতে সম্ভাৱ্য Glacial Lake Outburst Flood (GLOF) বা হিমবাহ-হ্ৰদ বিস্ফোৰণজনিত বানৰ আশংকা প্ৰকাশ কৰিছে। এই উদ্বেগৰ মাজতে বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে হিমালয়ৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ দুৰ্যোগ প্ৰস্তুতি সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰে। কেন্দ্ৰীয় গৃহ সচিব গোবিন্দ মোহনে বৈঠকখনৰ সভাপতিত্ব কৰে। বৈঠকত হিমবাহ-হ্ৰদ বিস্ফোৰণজনিত বান আৰু তুষাৰধসৰ আশংকা, আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা আৰু উদ্ধাৰ-প্ৰস্তুতিৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়।
খাংগ্ৰি হিমবাহক লৈ কিয় উদ্বেগ?
অৰুণাচলৰ টাৱাং জিলাৰ গোৰিচেন পৰ্বতমালা অঞ্চলৰ মাগো চু অৱবাহিকাত খাংগ্ৰি হিমবাহ অৱস্থিত। এই অঞ্চল পূব হিমালয়ৰ অন্যতম গুৰুত্বপূৰ্ণ কিন্তু তুলনামূলকভাৱে কম অধ্যয়নৰ ক্ষেত্ৰ। চলিত বৰ্ষৰ পঞ্চম খাংগ্ৰি হিমবাহ অভিযানত বিজ্ঞানীসকলে হিমবাহটোৰ ক্ষেত্ৰত কেইবাটাও চিন্তনীয় পৰিৱৰ্তন লক্ষ্য কৰে। অভিযানটোৰ সময়ত হিমবাহৰ মুখ বা ‘snout’ অঞ্চলত ভাঙন আৰু তললৈ বহি যোৱা এটা অস্থিৰ অঞ্চল দেখা যায়। ইয়াৰ ফলত ভূমিস্খলন, আকস্মিক বান আৰু অন্যান্য ভূ-প্ৰাকৃতিক বিপদৰ আশংকা বৃদ্ধি পাব পাৰে বুলি বিজ্ঞানীসকলে সতৰ্ক কৰিছে। আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে, হিমবাহৰ কাষত এটা নতুন হ্ৰদৰ সৃষ্টি হৈছে। এই ধৰণৰ হ্ৰদত অধিক পৰিমাণৰ পানী জমা হ’লে আৰু প্ৰাকৃতিক বাধা দুৰ্বল বা ভাঙি গ’লে অতি কম সময়ৰ ভিতৰতে বিপুল পৰিমাণৰ পানী তললৈ নামি আহিব পাৰে। ইয়াকে GLOF বুলি কোৱা হয়।
১.৫ মিটাৰ পৰ্যন্ত বৰফ গলাৰ তথ্য
২০২৫ চনৰ বৈজ্ঞানিক পৰ্যবেক্ষণতো খাংগ্ৰি হিমবাহৰ দ্ৰুত পৰিৱৰ্তনৰ চিন ধৰা পৰিছিল। বিজ্ঞানীসকলে উলম্ব ‘stake’ ব্যৱহাৰ কৰি কৰা ক্ষেত্ৰ পৰিমাপত এক সময়ছোৱাত প্ৰায় ১.৫ মিটাৰ বৰফ গলাৰ তথ্য লাভ কৰিছিল। উপগ্ৰহৰ তথ্যতো ২০১৬ৰ পৰা ২০২৫লৈ মাগো চু অৱবাহিকাৰ হিমবাহ-সংলগ্ন হ্ৰদসমূহৰ পৰিসৰ বৃদ্ধি পোৱাৰ কথা প্ৰকাশ পাইছিল। এই গৱেষণাৰ সৈতে Centre for Earth Sciences and Himalayan Studies (CESHS), National Centre for Polar and Ocean Research (NCPOR) আৰু North Eastern Regional Institute of Science and Technology (NERIST) জড়িত আছিল। ২০২৬ চনৰ পঞ্চম অভিযানতো হিমবাহৰ স্বাস্থ্য, বৰফৰ পৰিৱৰ্তন আৰু জলবায়ু-সম্পৰ্কীয় দুৰ্যোগৰ সম্ভাৱনা পৰীক্ষা কৰা হয়।
মাগো চুৰ পানী ক’লৈ যায়?
খাংগ্ৰি হিমবাহৰ সৈতে জড়িত মাগো চু অৱবাহিকা কেৱল টাৱাং অঞ্চলৰ বাবেই গুৰুত্বপূৰ্ণ নহয়। এই অঞ্চল বৃহত্তৰ ব্ৰহ্মপুত্ৰ নদী ব্যৱস্থাৰ উজনিৰ জলধাৰাসমূহৰ সৈতে জড়িত। সেয়েহে হিমবাহ-হ্ৰদৰ পৰা আকস্মিকভাৱে পানী ওলাই আহিলে তলৰ অঞ্চলসমূহত বানৰ প্ৰভাৱ পৰাৰ আশংকা থাকে। অৱশ্যে, খাংগ্ৰি হিমবাহ গলিছে মানেই অসমত নিশ্চিতভাৱে ভয়ংকৰ বান আহিব—এনে সিদ্ধান্ত এতিয়াই ল’ব নোৱাৰি। GLOF হ’বলৈ হিমবাহ-হ্ৰদৰ পানী, প্ৰাকৃতিক বাধাৰ স্থিৰতা, বৰফ-পাথৰৰ ধস, বৰষুণ আদি বহু কাৰকে একেলগে প্ৰভাৱ পেলায়। কিন্তু বিজ্ঞানীসকলে পৰিৱৰ্তনসমূহক গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰাৰ প্ৰয়োজনীয়তা স্পষ্ট কৰিছে।
নেপালৰ ভয়ংকৰ বানেও বৃদ্ধি কৰিলে উদ্বেগ
খাংগ্ৰিক লৈ উদ্বেগৰ সময়তে যোৱা ২৬ আগষ্টত নেপাল-তিব্বত সীমান্ত অঞ্চলত সংঘটিত ভয়ংকৰ বান আৰু হিমবাহ ধসৰ ঘটনাই সমগ্ৰ হিমালয় অঞ্চলৰ দুৰ্যোগ-প্ৰস্তুতিৰ প্ৰশ্নটো পুনৰ চৰ্চালৈ আনিছে। প্ৰাথমিক বৈজ্ঞানিক বিশ্লেষণ অনুসৰি, এটা বৃহৎ হিমবাহৰ অংশ খহি পৰাৰ ফলত নদীৰ পানীৰ প্ৰবাহ বাধাগ্ৰস্ত হৈছিল আৰু পিছত জমা হোৱা পানী তীব্ৰ বেগেৰে তললৈ নামি আহিছিল বুলি সন্দেহ কৰা হৈছিল। এই ঘটনাই দেখুৱাই দিলে যে উচ্চ হিমালয়ত হিমবাহ, বৰফ, ভূমি আৰু নদীৰ মাজত সংঘটিত আকস্মিক পৰিৱৰ্তনে অতি কম সময়ৰ ভিতৰতে তলৰ জনবসতিপূৰ্ণ অঞ্চলত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।
নতুন দিল্লীত কেন্দ্ৰৰ গুৰুত্বপূৰ্ণ বৈঠক
নেপালৰ ঘটনাৰ পিছতে হিমালয়ৰ ভাৰতীয় ৰাজ্যসমূহৰ দুৰ্যোগ প্ৰস্তুতিৰ ওপৰতো বিশেষ গুৰুত্ব দিছে কেন্দ্ৰই। ৩ ছেপ্টেম্বৰত নতুন দিল্লীত অনুষ্ঠিত বৈঠকত উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম, অৰুণাচল প্ৰদেশ আৰু জম্মু-কাশ্মীৰৰ মুখ্য সচিব আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।
বৈঠকত মূলতঃ তলত দিয়া বিষয়সমূহ পৰ্যালোচনা কৰা হয়—
বিপজ্জনক হিমবাহ-হ্ৰদসমূহৰ নিয়মীয়া নিৰীক্ষণ
GLOFৰ আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা শক্তিশালী কৰা
তুষাৰধসৰ সম্ভাৱনাপূৰ্ণ অঞ্চলৰ নিৰীক্ষণ
বিপদসংকুল স্থান আৰু বানৰ সম্ভাব্য প্ৰবাহ-পথ চিনাক্ত কৰা
সাধাৰণ লোকলৈ সতৰ্কবাণী সঠিক সময়ত পঠিওৱা
জৰুৰীকালীন উদ্ধাৰ আৰু স্থানান্তৰৰ প্ৰস্তুতি
স্থানীয় সম্প্ৰদায়ৰ দুৰ্যোগ মোকাবিলাৰ ক্ষমতা বৃদ্ধি
বিপদসংকুল অঞ্চলত উদ্ধাৰকাৰী সম্পদ আৰু বাহিনী সাজু ৰখা।
কেৱল বান অহাৰ পিছত নহয়, আগতেই প্ৰস্তুতি
গৃহ মন্ত্ৰালয়ে স্পষ্ট কৰি দিছে যে GLOF বা তুষাৰধসৰ ক্ষেত্ৰত কেৱল দুৰ্যোগ সংঘটিত হোৱাৰ পিছত উদ্ধাৰ অভিযান চলোৱাই যথেষ্ট নহয়। ইয়াৰ পৰিৱৰ্তে প্ৰতিৰোধমূলক ব্যৱস্থা, আগতীয়া সতৰ্কীকৰণ আৰু স্থানীয় লোকৰ প্ৰস্তুতিৰ ওপৰত অধিক গুৰুত্ব দিব লাগিব। ৰাজ্যসমূহক নিজৰ প্ৰস্তুতিৰ পৰিকল্পনা পুনৰীক্ষণ কৰি ক’ত ক’ত ঘাটি আছে সেইবোৰ চিনাক্ত কৰি আগতীয়াকৈ সংশোধনৰ ব্যৱস্থা ল’বলৈ কোৱা হৈছে।
অসমৰ বাবেও কিয় গুৰুত্বপূৰ্ণ?
অৰুণাচল প্ৰদেশৰ হিমালয় অঞ্চলৰ বহু নদী-উপনদী অৱশেষত ব্ৰহ্মপুত্ৰ নদী ব্যৱস্থাৰ সৈতে সংযুক্ত। সেয়েহে উজনি অৰুণাচলত সংঘটিত বৃহৎ হিমবাহ-সম্পৰ্কীয় দুৰ্যোগে নদীৰ নিম্ন অৱবাহিকাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। ভাৰতৰ হিমালয় অঞ্চলৰ হিমবাহসমূহৰ সামগ্ৰিক পৰিৱৰ্তনো উদ্বেগজনক। চৰকাৰী তথ্য অনুসৰি ১৯৭৫ৰ পৰা ২০২৩লৈ ভাৰতীয় হিমালয়ৰ হিমবাহসমূহৰ সঞ্চিত ভৰ হ্ৰাসৰ আনুমানিক পৰিমাণ ২৬ মিটাৰ পানী-সমতুল্য (m water equivalent)। ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ হিমবাহসমূহৰ গড় পশ্চাদপসৰণৰ হাৰ আনুমানিক ২০.২ ± ১৯.৭ মিটাৰ প্ৰতি বছৰে বুলি চৰকাৰী তথ্যত উল্লেখ আছে। অৰ্থাৎ, টাৱাঙৰ খাংগ্ৰি হিমবাহৰ পৰিৱৰ্তন কেৱল এটা স্থানীয় পৰিৱেশগত সমস্যা হিচাপে চোৱাৰ পৰিৱৰ্তে পূব হিমালয় আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ বৃহত্তৰ জলবায়ু আৰু দুৰ্যোগ-সুৰক্ষাৰ প্ৰসংগত চোৱাৰ প্ৰয়োজন আছে।
এতিয়া মূল প্ৰয়োজন কি?
খাংগ্ৰি হিমবাহক লৈ বৰ্তমান আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে নিয়মীয়া বৈজ্ঞানিক নিৰীক্ষণ আৰু আগতীয়া সতৰ্কীকৰণ। হিমবাহৰ আকাৰ, বৰফ গলাৰ গতি, নতুনকৈ সৃষ্টি হোৱা হ্ৰদৰ পানীৰ পৰিমাণ, হ্ৰদৰ প্ৰাকৃতিক বাধাৰ স্থিৰতা আৰু তলৰ নদীপথ—এই সকলোবোৰ নিয়মীয়াকৈ নিৰীক্ষণ কৰিব লাগিব। একেদৰে টাৱাং আৰু অৰুণাচলৰ দুৰ্যোগ ব্যৱস্থাপনা সংস্থাসমূহৰ সৈতে অসমতো সম্ভাব্য নদী-বানৰ তথ্য আদান-প্ৰদান আৰু আগতীয়া সতৰ্কীকৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাটো গুৰুত্বপূৰ্ণ। নেপালৰ শেহতীয়া বিপৰ্যয়ে হিমালয় অঞ্চলৰ বাবে এটা স্পষ্ট সতৰ্কবাণী কঢ়িয়াই আনিছে—পৰ্বতৰ ওপৰত ঘটা পৰিৱৰ্তনৰ প্ৰভাৱ কেৱল পৰ্বততে সীমাবদ্ধ নাথাকে। খাংগ্ৰি হিমবাহৰ দ্ৰুত পৰিৱৰ্তন সেয়ে বিজ্ঞানী, প্ৰশাসন আৰু ব্ৰহ্মপুত্ৰ অৱবাহিকাৰ তলৰ অঞ্চলত বসবাস কৰা লোকসকলৰ বাবেও সতৰ্ক হৈ থকাৰ এক গুৰুত্বপূৰ্ণ সংকেত।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















