বাক্সাৰ জিলাৰ ডুমৰাওঁৰ নাথুনী আহিৰ মধ্য বিদ্যালয়ত এগৰাকী ছাত্ৰীক যৌ*ন নিৰ্যাতন আৰু ব্লেকমেইলিং কৰাৰ অভিযোগে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা পোহৰলৈ অহাৰ পিছতে চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। দৰাচলতে এই ঘটনা বিহাৰৰ বাক্সাৰ জিলাৰহে। বিহাৰৰ শিক্ষামন্ত্ৰী মিথিলেশ তিৱাৰীয়ে বাক্সাৰ জিলা দণ্ডাধীশক তৎকালীনভাৱে দুয়োগৰাকী অভিযুক্ত শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰস্তাৱ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিছে। লগতে গোচৰটো ফাষ্ট ট্ৰেক আদালতত চলাই ভুক্তভোগীয়ে যাতে সোনকালে ন্যায় লাভ কৰে, তাৰ বাবেও ব্যৱস্থা ল’বলৈ নিৰ্দেশ দিয়া হৈছে।
পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভন
আৰক্ষীক দিয়া বক্তব্য অনুসৰি, অভিযুক্ত শিক্ষকজনে ছাত্ৰীগৰাকীক সকলো বিষয়ত উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰলোভিত কৰিছিল। অভিযোগ অনুসৰি, ইয়াৰ সুযোগ লৈ তেওঁ ছাত্ৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলায়। পিছত ছাত্ৰীগৰাকীৰ আপত্তিজনক ভিডিঅ’ নিৰ্মাণ কৰি সেই ভিডিঅ’ দেখুৱাই তেওঁক ধাৰাবাহিকভাৱে ব্লেকমেইল কৰাৰ অভিযোগো উত্থাপন হৈছে। ভুক্তভোগী ছাত্ৰীগৰাকীয়ে ২০২৬ চনৰ মাৰ্চত অষ্টম শ্ৰেণীৰ শিক্ষা সম্পূৰ্ণ কৰি বিদ্যালয়লৈ যোৱা বাদ দিয়ে। ঘটনা পোহৰলৈ অহাৰ পিছত তেওঁৰ মাতৃয়ে কৃষ্ণব্ৰহ্ম আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰৰ ভিত্তিত POCSO আইনকে ধৰি কেইবাটাও গুৰুতৰ ধাৰাত FIR ৰুজু কৰা হৈছে।
এজন শিক্ষক গ্ৰেপ্তাৰ, এজন পলাতক
ঘটনাৰ তদন্তত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰি ব্ৰহ্মপুৰ অঞ্চলৰ পৰা অভিযুক্ত শিক্ষক অৰবিন্দ কুমাৰক গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ জেৰাত অৰবিন্দ কুমাৰে ছাত্ৰীগৰাকীক সঘনাই এখন ৰেষ্টুৰেণ্টলৈ লৈ যোৱাৰ কথা প্ৰকাশ কৰা বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে আৰক্ষীয়ে ৰেষ্টুৰেণ্টখনত উপস্থিত হৈ এটা কোঠাত তালাচী চলায় আৰু প্ৰয়োজনীয় প্ৰমাণ সংগ্ৰহ কৰে। তদন্তৰ স্বাৰ্থত কোঠাটো ছীল কৰি দিয়া হয়। আনজন অভিযুক্ত শিক্ষক বীৰেন্দ্ৰ প্ৰসাদ এতিয়াও পলাতক হৈ আছে। তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। শিক্ষামন্ত্ৰীয়েও বাক্সাৰ আৰক্ষী অধীক্ষকক পলাতক শিক্ষকজনক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ বাবে কঠোৰ নিৰ্দেশ দিছে।
প্ৰধান শিক্ষকৰ ভূমিকাক লৈও প্ৰশ্ন
এই ঘটনাত বিদ্যালয়খনৰ প্ৰধান শিক্ষক মহম্মদ ইমাম আলী আনছাৰীৰ ভূমিকাক লৈও গুৰুতৰ অভিযোগ উত্থাপন হৈছে। প্ৰধান শিক্ষকজনে নিজৰ প্ৰতিবেদনত ভিডিঅ’টোত দেখা ছোৱালীগৰাকী বিদ্যালয়খনৰ ছাত্ৰী নহয় বুলি দাবী কৰিছিল। কিন্তু আৰক্ষীৰ তদন্তত তেওঁ অভিযুক্ত শিক্ষকসকলৰ কু-কৰ্মৰ বিষয়ে অৱগত আছিল বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, বিষয়টোত ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁ অভিযুক্ত শিক্ষকসকলক সুৰক্ষা দিবলৈ চেষ্টা কৰিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে প্ৰধান শিক্ষক আনছাৰীকো গ্ৰেপ্তাৰ কৰে। শিক্ষা বিভাগে তেওঁৰ ‘ৰাজ্যিক শিক্ষক বঁটা ২০২৬’ও স্থগিত ৰাখিছে। আনহাতে, ঘটনাটোত গাফিলতি আৰু বিষয়টো লুকুৱাই ৰখাৰ অভিযোগত ডুমৰাওঁ ব্লক শিক্ষা বিষয়ালৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হৈছে।
CDRত ৮টা সন্দেহজনক নম্বৰ
তদন্ত আগবঢ়াই আৰক্ষীয়ে ভুক্তভোগীৰ মোবাইল ফোনৰ কল ডিটেইল ৰেকৰ্ড (CDR) পৰীক্ষা কৰে। ইয়াত ৮টা সন্দেহজনক মোবাইল নম্বৰৰ তথ্য পোৱা গৈছে। এই নম্বৰসমূহ কাৰ আৰু ঘটনাটোৰ সৈতে তেওঁলোকৰ কোনো সম্পৰ্ক আছে নেকি, সেই বিষয়ে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ৰেষ্টুৰেণ্টৰ পৰা সংগ্ৰহ কৰা তথ্য, ডিজিটেল প্ৰমাণ আৰু ভুক্তভোগীৰ বক্তব্যৰ ভিত্তিত আৰক্ষীয়ে ঘটনাটোৰ সৈতে আৰু কোনো লোক জড়িত আছে নেকি, সেই বিষয়েও তদন্ত চলাই আছে। ঘটনাটোৰ সম্পূৰ্ণ সত্য উদঘাটন কৰি দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দিশত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















