কণ্ঠশিল্পী দীপান্বিতা ডেকাৰ ফটো বিকৃত কৰি আৰক্ষীৰ জালত যুৱক।

AI জৰিয়তে কন্ঠশিল্পী গৰাকীৰ ফটো বিকৃত কৰিছিল।

বিকৃত ফটো সামাজিক মাধ্যমতো আপলোড কৰিছিল হাছানুৰ ইছলামে।

যুৱকৰ বিৰুদ্ধে CID ত এজাহাৰ দাখিল কন্ঠশিল্পীগৰাকীয়ে।

ইয়াৰ পূৰ্বেও সামাজিক মাধ্যমত বহু তাৰকাৰ ফটো AI ৰ জৰিয়তে বিকৃত কৰিছিল বহুলোকে।

এই ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰি কণ্ঠশিল্পীগৰাকীয়ে কয়, “আমি সকলোৱে মৰম কৰাটো বিচাৰো, কিন্তু সীমা চেৰাই গ’লে ভাল নালাগে। আজি মোৰ লগত হোৱাৰ দৰে যাতে বেলেগ ছোৱালীৰ লগত নহয়, তাৰ বাবে এজেহাৰ দিছোঁ।'”
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















