মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ বান্দা-শ্বাহগড় অঞ্চলত বিষাক্ত আৰু অবৈধ সুৰা সেৱনৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাত এতিয়ালৈকে ১১ জন লোকৰ মৃ*ত্যু হোৱাৰ খবৰ পোৱা গৈছে। মৃ*তসকলৰ ভিতৰত বান্দা বিধানসভা সমষ্টিৰ বাৰা মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক হৰবংশ ৰায়ো আছে। বিষাক্ত সুৰা সেৱনৰ ফলত বহু লোক অসুস্থ হৈ পৰিছে। বৰ্তমান ১০৯ জন লোক বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। প্ৰাথমিক তদন্তত সুৰাত মিথানল মিহলি কৰাৰ তথ্য পোহৰলৈ আহিছে। মিথানল অতি বিষাক্ত ৰাসায়নিক পদাৰ্থ। ইয়াক সেৱন কৰিলে গুৰুতৰ বিষক্ৰিয়া হোৱাৰ লগতে দৃষ্টিশক্তি হেৰুৱা, অংগ বিকল হোৱা আৰু মৃ*ত্যুৰো আশংকা থাকে।
জিলা প্ৰশাসনৰ তথ্য অনুসৰি, ১০৯ জন আক্ৰান্ত লোকৰ চিকিৎসা চলি আছে। ইয়াৰে ৮৫ জন বুণ্ডেলখণ্ড মেডিকেল কলেজত ভৰ্তি হৈ আছে। তেওঁলোকৰ ভিতৰত ১২ জনক ICUত ৰখা হৈছে। ইয়াৰ উপৰি জিলা চিকিৎসালয়ত ১৭ জন আৰু বান্দা অসামৰিক চিকিৎসালয়ত ৭ জন ৰোগী চিকিৎসাধীন হৈ আছে। সংকটজনক অৱস্থাত থকা এজন ৰোগীক উন্নত চিকিৎসাৰ বাবে বিমানযোগে ভূপালৰ এইমছলৈ প্ৰেৰণ কৰা হৈছে। প্ৰশাসনে জনোৱা মতে, অধিকাংশ ৰোগীৰ অৱস্থা বৰ্তমান সুস্থিৰ। সংকটজনক ৰোগীসকলক অগ্ৰাধিকাৰ ভিত্তিত ডায়েলাইছিছ, অত্যাৱশ্যকীয় ঔষধ আৰু বিভিন্ন পৰীক্ষাৰ সুবিধা প্ৰদান কৰা হৈছে। চিকিৎসকসকলে ৰোগীসকলৰ স্বাস্থ্যৰ ওপৰত নিৰন্তৰ নজৰ ৰাখিছে।
এই ঘটনাত বিজেপি নেতা হৰবংশ ৰায়ৰ মৃ*ত্যুৱে বিষয়টো অধিক গুৰুতৰ কৰি তুলিছে। খবৰ অনুসৰি, তেওঁ বান্দা বিধানসভা সমষ্টিৰ বাৰা মণ্ডলৰ বিজেপিৰ সাধাৰণ সম্পাদক আছিল। বিষাক্ত সুৰা সেৱন কৰাৰ পিছতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল। পৰৱৰ্তী সময়ত চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃ*ত্যু হয়। ঘটনাৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে অবৈধ সুৰা প্ৰস্তুত, যোগান আৰু বিক্ৰীৰ সৈতে জড়িত ২০জন লোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। আৰক্ষীৰ মতে, ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰা আৰু মধ্যপ্ৰদেশ আবকাৰী আইন, ১৯১৫ৰ অধীনত বান্দা থানাত এই গোচৰ ৰুজু কৰা হৈছে। আৰক্ষীয়ে ইতিমধ্যে ২০জন অভিযুক্তৰ ভিতৰত ১০জনক আটক কৰিছে। বাকী অভিযুক্তসকলক বিচাৰি দহটা আৰক্ষী দলে বিভিন্ন সম্ভাৱ্য আত্মগোপনস্থলীত অভিযান চলাই আছে।
তদন্তত প্ৰকাশ পোৱা প্ৰাথমিক তথ্য অনুসৰি, এই বিষাক্ত সুৰা অঞ্চলটোৰ বাহিৰত প্ৰস্তুত কৰি বান্দা-শ্বাহগড় অঞ্চললৈ যোগান ধৰা হৈছিল। সুৰাত মিথানল মিহলি কৰাৰ তথ্যও পোহৰলৈ আহিছে। অৱশ্যে সুৰাখিনি ক’ত প্ৰস্তুত কৰা হৈছিল, কোনে যোগান ধৰিছিল আৰু ইয়াৰ সৈতে আন কোন কোন লোক জড়িত, সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















