টাইম মেচিন অবিহনে চকুৰ পলকতে চাৰি দশক পিছুৱাই যাব পাৰিলে কেনেকুৱা হ’ব? আপুনি কেতিয়াবা ভাবিছেনে যে ঠিক চল্লিশ বছৰৰ আগতে জন্ম হ’লে আপোনাৰ চেহেৰা কেনেকুৱা হ’লহেঁতেন? কিন্তু ChatGPT য়ে সেই অসম্ভৱকো সম্ভৱ কৰি তুলিছে। এতিয়া আপুনিও ৮০ দশকৰ ট্ৰেণ্ড এইদৰে ফটো প্ৰস্তুত কৰি অনুসৰ কৰিব পাৰে।

এইটো কোনো ফোনৰ সাধাৰণ ফিল্টাৰ নহয়। কৃত্ৰিম বুদ্ধিমত্তাৰ নিখুঁত স্পৰ্শৰে ছবিখনত আশী দশকৰ প্ৰকৃত যাদুৰ উন্মেষ ঘটিছে। ভাৰতীয় সাজ-পোছাকৰ পৰিৱৰ্তনে সকলোকে আচৰিত কৰি তুলিছে! এই ট্ৰেণ্ডত নিজকে বিভিন্ন ধৰণেৰে চাব পাৰে। মহিলাসকলৰ ছবিত উজ্জ্বল ৰঙৰ ৰেচমৰ শাৰী, মূৰত ডাঙৰ ডাঙৰ কোঁচা চুলি আৰু ৰঙীন গহনা দেখা গৈছে।

আনহাতে পুৰুষৰ চেহেৰা সেই যুগৰ চকলেট বয়ৰ দৰেই, বহল কলাৰযুক্ত চাৰ্ট, হাই ৱেষ্ট পেণ্ট আৰু পাতল গোঁফ!তেওঁলোকৰ মুখৰ আকৃতি অক্ষত ৰাখি সুন্দৰকৈ ফটোবোৰ প্ৰকাশ কৰিছে। এই সকলোবোৰ ফটোৱে আপোনাৰ চকু কপালত তুলিব

আপুনি নিজৰ ধৰণেৰে সাজ-পোছাক বাচনি কৰিব পাৰে:
বলীউড ষ্টুডিঅ’ প’ৰ্ট্ৰেইট

ফেমিলি এলবাম
৮০ৰ দশকৰ নায়ক বা নায়িকা

১৯৮০ চনৰ বিয়া

আলোচনীৰ কভাৰৰ লুক

১৯৮৭ চনৰ ৰাজপথ
উদাহৰণ হিচাপে- Prompt: Using my uploaded photo, show me what I would have looked like around 1985. Preserve my identity, facial features, skin tone, age, and recognizable appearance. Reimagine my hair, clothing, accessories, and surroundings with bold, unmistakably mid-1980s styling—expressive silhouettes, statement accessories, layered details, distinctive colors, and textures. Make it feel like a genuine 1985 photograph with analog grain, faded color, direct flash, and subtle softness. Add a period-accurate 1980s red-orange date stamp in the lower corner. No modern objects or text. এনেকৈ লিখি দিব পাৰে আপুনি ফলাফল পাই যাব আপুনি। ইয়াত দিয়া Prompt টোত নিজৰ হিচাপত চুলি আৰু সাজ-পোছাক সলনি কৰি নিজৰ লুক বাচনি কৰিব পাৰে।
নিজৰ এই বিশেষ ফটোখন কেনেকৈ তৈয়াৰ কৰিব?
পদ্ধতিটো যথেষ্ট সহজ:
- প্ৰথমে ChatGPT ত নিজৰ স্পষ্ট ছবি এখন দিয়ক।
- এতিয়া চেটবটত লিখক আৰু সঠিকভাৱে কওক যে আপুনি ১৯৮০ চনৰ লুকটো কেনেকৈ পাব বিচাৰে।
- নিশ্চিতভাৱে লিখি থওক যাতে আপোনাৰ মুখৰ মূল ৰূপ আৰু নিজৰ প্ৰতিচ্ছবি একেবাৰে সলনি নহয়।
- আপুনি কেনেধৰণৰ কাপোৰ, চুলিৰ ষ্টাইল, আচবাব বা বেকলাইটিং বিচাৰে সেয়া স্পষ্টকৈ লিখি থওক।
উল্লেখ্য যে, এই ৮০ দশকৰ ট্ৰেণ্ড ইমানেই জনপ্ৰিয় হৈ পৰিছে যে, এতিয়া সামাজিক মাধ্যমত কেৱল এনেকুৱা ফটোবোৰেই দেখা গৈছে। কেৱল সেয়াই নহয়, বহু মন্ত্ৰী-বিধায়কেও এই ট্ৰেণ্ড অনুসৰণ কৰিছে।
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















