ভাৰতৰ প্ৰেমত পৰিছে এগৰাকী আইৰিছ নাগৰিক। সেয়েহে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব বিচাৰে আইৰিছ নাগৰিকগৰাকীয়ে। এই ইচ্ছা পূৰণ কৰিবলৈ তেওঁ AIত Grokক সুধিলে—ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ কিমান সময় লাগিব? ইয়াৰ পিছতে Grok-এ দিয়া উত্তৰক লৈ এতিয়া ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা চলিছে। আইৰিছ নাগৰিক এদিয়েন জইচে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম Xত নিজৰ অভিজ্ঞতা শ্বেয়াৰ কৰি কয় যে তেওঁ ভাৰতৰ কলকাতাত উপস্থিত হৈ দেশখনৰ প্ৰতি গভীৰভাৱে আকৰ্ষিত হৈছে। ইয়াৰ পিছতে তেওঁ Grokক ভাৰতীয় নাগৰিকত্ব লাভৰ প্ৰক্ৰিয়া সন্দৰ্ভত প্ৰশ্ন কৰে।
এদিয়েন জইচে Grokক সুধিছিল যে তেওঁ ভাৰতৰ প্ৰেমত পৰিছে আৰু ভাৰতীয় নাগৰিক হ’ব বিচাৰে। এই ক্ষেত্ৰত কিমান সময় লাগিব? ইয়াৰ উত্তৰত Grok-এ কয় যে ভাৰতীয় নাগৰিকত্ব লাভ কৰিবলৈ এজন বিদেশী নাগৰিকে দীৰ্ঘ সময় ভাৰতত আইনগতভাৱে বসবাস কৰিব লাগিব। Grokৰ উত্তৰ অনুসৰি, নাগৰিকত্বৰ বাবে আবেদন কৰাৰ পূৰ্বে নিৰ্দিষ্ট সময় ভাৰতত বসবাস কৰাৰ চৰ্ত পূৰণ কৰিব লাগে। লগতে Grok-এ উল্লেখ কৰে যে ভাৰতে দ্বৈত নাগৰিকত্বৰ অনুমতি নিদিয়ে। অৰ্থাৎ কোনো বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে আগৰ নাগৰিকত্ব ত্যাগ কৰাৰ প্ৰয়োজন হ’ব পাৰে। অৱশ্যে নাগৰিকত্ব প্ৰদানৰ চূড়ান্ত সিদ্ধান্ত চৰকাৰৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াৰ পিছত এদিয়েন জইচে Grokক আন এটা প্ৰশ্ন কৰে। তেওঁ কয় যে তেওঁ নিজৰ সংগী আৰু দুটা সন্তানৰ সৈতে ভাৰতলৈ আহিছে। কিন্তু বৰ্তমান তেওঁৰ হাতত ধন নাই আৰু চাকৰি পোৱালৈকে তেওঁ কোনো সমাজ কল্যাণমূলক আঁচনিৰ সুবিধা লাভ কৰিব পাৰিবনে? Grok-এ উত্তৰ দিয়ে যে ভাৰতত নতুনকৈ অহা বিদেশী নাগৰিক বা অনাগৰিকসকলৰ বাবে সাধাৰণতে নগদ সমাজ কল্যাণ বা নিবনুৱা ভাট্টাৰ ব্যৱস্থা নাই। সেয়ে ভাৰতত থাকিবলৈ তেওঁ নিজৰ খৰচ নিজেই বহন কৰিব লাগিব।
ইয়াৰ পিছত Joyce-এ ভাৰতত নাগৰিকত্ব নোহোৱাকৈ ঘৰ কিনিব পাৰিবনে বুলি প্ৰশ্ন কৰে। Grok-ৰ উত্তৰ অনুসৰি, বিদেশী নাগৰিকে ভাৰতত সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত নিৰ্দিষ্ট আইন আৰু নিয়ম মানিব লাগে। কিছুমান ক্ষেত্ৰত Reserve Bank of India (RBI)-ৰ অনুমোদনৰ প্ৰয়োজন হ’ব পাৰে।
জইচে এ Grokৰ সৈতে হোৱা এই কথোপকথন X-ত শ্বেয়াৰ কৰাৰ পিছতে পোষ্টটো দ্ৰুতগতিত ভাইৰেল হৈ পৰে। পোষ্টটোৱে লাখ লাখ ভিউ লাভ কৰাৰ লগতে বহু লোকৰ দৃষ্টি আকৰ্ষণ কৰে। বিভিন্ন দেশৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ভাৰতীয় নাগৰিকত্ব লাভৰ নিয়ম, বিদেশীৰ বাবে থকা বিধি-নিষেধ আৰু চৰকাৰী সহায়ৰ বিষয়টো লৈ আলোচনা আৰম্ভ কৰে।
এই ভাইৰেল আলোচনাত আমেৰিকাৰ উদ্যোগপতি তথা কোটিপতি এলন মাস্কেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। জইচৰ পোষ্ট শ্বেয়াৰ কৰি মাস্কে লিখে—“ভাৰতৰ এই নীতি একেবাৰে স্পষ্ট আৰু বাস্তৱসন্মত.” তেওঁৰ এই মন্তব্যৰ পিছতে বিষয়টোৱে আৰু অধিক চৰ্চা লাভ কৰে। বহু ব্যৱহাৰকাৰীয়ে ভাৰতৰ নাগৰিকত্ব আৰু প্ৰব্ৰজন নীতিৰ কঠোৰতাক লৈ নিজৰ মতামত প্ৰকাশ কৰে। অৱশ্যে Grok-এ দিয়া তথ্যক ভাৰতীয় নাগৰিকত্বৰ চূড়ান্ত আইনী ব্যাখ্যা হিচাপে গ্ৰহণ কৰাৰ পূৰ্বে চৰকাৰী নিয়ম-কানুন পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। ভাৰতীয় নাগৰিকত্বৰ ক্ষেত্ৰত Citizenship Act, 1955 আৰু চৰকাৰী বিধি অনুসৰি বিভিন্ন চৰ্ত প্ৰযোজ্য হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















