ৰাজ্যত প্ৰতিদিনে ইটোৰ পিছত সিটো ভয়ংকৰ কাণ্ড পোহৰলৈ আহিছে। কেতিয়াবা যদি কৰোবাত হত্যাকাণ্ড আৰু কেতিয়াবা দুৰ্ঘনটনা। মুঠতে ৰাজ্যৰ চৌদিশে হাহাকাৰ পৰিস্থিতি। এইবাৰ মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। এগৰাকী যুৱতীক হোটেলৰ কোঠাৰ ভিতৰত প্ৰেমিকে অতি নৃশংসভাৱে হত্যা কৰে। কেচিৰে আক্ৰমণ কৰি প্ৰেমিকাক হত্যা কৰে প্ৰেমিকে।
অতিথি হোটেল, ROOM NO-110 আৰু এই নৃশংস হত্যাকাণ্ড সংঘটিত হয়। প্ৰেমিক অভিজিতে অতি নৃশংসতাৰে কেচিৰে খুচি খুচি হত্যা কৰিলে প্ৰেমিকাক। নিশা ২বজাত বান্ধৱীৰ ৰূমৰ পৰা অভিজিতৰ ৰূমলৈ আহিছিল প্ৰেমিকা। প্ৰথমে ৩যুৱতী প্ৰৱেশ কৰিছিল অতিথি হোটেলৰ ROOM NO-111ত। তাৰ কিছু সময় পাছতে অভিজিত কিন্দু নামৰ প্ৰেমিক প্ৰৱেশ কৰিছিল হোটেলখনত। প্ৰেমিকা থকা কাষৰ ৰূমটো110 বুক কৰিছিল প্ৰেমিক অভিজিতে। অভিজিতৰ ৰূমত সোমাই লিপ্ত হৈছিল তীব্ৰ বাক-বিতণ্ডাত। ৰূম নম্বৰ 110ৰ পৰা মাজনিশা ভাহি আহিছিল কিছু বিকট চিঞৰ।
কিন্তু অৱশেষত বিকট চিঞৰৰ ৰহস্য উদঘাটন হয় পুৱাৰ ভাগত। হোটেলৰ ভিতৰতে অতি নৃশংসভাৱে প্ৰেমিকাক হত্যা কৰি পেলাই থলে অভিজিত কিন্দুৱে। আৰক্ষীত তদন্তত প্ৰেমিক অভিজিতে কিদৰে নিজ মুখেৰে স্বীকাৰ কৰে সেই নৃশংস হত্যাকাণ্ডৰ কথা। আৰক্ষী আৰু সংবাদ মাধ্যমৰ আগত নিজ মুখেৰেই স্বীকাৰ কৰিছে হত্যা কৰিবলৈকে সোমাইছিল হোটেলখনত। এতিয়া প্ৰশ্ন উত্থাপন হৈছে কোন দিশে গতি কৰিছে আমাৰ সমাজ?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















