পুনৰ পিটবুল নামৰ কুকুৰৰ প্ৰজাতিটোৱে মানুহক ভয়ংকৰভাৱে আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈছে। কিছুদিন পূৰ্বে পাঞ্জাবত ঘৰ বিচাৰি যোৱা অধ্যাপিকা এগৰাকীক এটা পিটবুলে আক্ৰমণ কৰিছিল। পাঞ্জাবৰ সেই ঘটনাটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপকভাৱে চৰ্চা লাভ কৰিছিল। এইবাৰ হাৰিয়ানাৰ ছোনিপাট জিলাত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা। ছোনিপাটৰ ছিক্কা কলনীত এটা পিটবুল কুকুৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এটি ছমহীয়া শিশু। এই সমগ্ৰ ঘটনা CCTV কেমেৰাত বন্দী হৈছে। শিশুটিক এগৰাকী যুৱতীয়ে কোলাত লৈ ফুৰিবলৈ গৈ থকা অৱস্থাত পিটবুলটোৱে আক্ৰমণ কৰে। যুৱতীগৰাকীয়ে পথত খোজ কাঢ়ি গৈ থকা সময়তে হঠাতে এটা পিটবুলে দৌৰি আহি যুৱতীগৰাকীৰ কোলাত থকা শিশুটিক আক্ৰমণ কৰে।
মহিলাগৰাকীয়ে কোলাত শিশুটিক লৈ পথত খোজ কাঢ়ি গৈ আছিল। সেই সময়তে পিটবুলটো খৰধৰকৈ তেওঁলোকৰ ফালে আহে আৰু শিশুটিক লক্ষ্য কৰি আক্ৰমণ কৰে। হঠাৎ হোৱা আক্ৰমণৰ ফলত যুৱতীগৰাকীয়ে ভাৰসাম্য হেৰুৱাই শিশুটিক কোলাত লৈ পথত বাগৰি পৰে। ইয়াৰ পিছতে কুকুৰটোৱে শিশুটিক আক্ৰমণ কৰে। যুৱতীগৰাকীয়ে শিশুটিক কুকুৰটোৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰে যদিও পিটবুলটোৱে শিশুটিক বহু দূৰ চোঁচৰাই নিয়ে। তাত উপস্থিত আন লোকেও পিটবুলটোৰ কবলৰ পৰা শিশুটিক মুকলি কৰিবলৈ আপ্ৰাণ চেষ্টা চলায়। বহু চেষ্টাৰ অন্তত শিশুটিক পিটবুলটোৰ পৰা মুক্ত কৰা হয়।
কুকুৰটোৰ আক্ৰমণত শিশুটিয়ে গুৰুতৰভাৱে আঘাত পায়। ঘটনাৰ পিছতে পৰিয়ালৰ লোকে শিশুটিক চিকিৎসালয়লৈ লৈ যায়। শিশুটিৰ অৱস্থা গুৰুতৰ দেখি চিকিৎসকে তেওঁক উন্নত চিকিৎসাৰ বাবে ৰোহটকৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বৰ্তমান শিশুটিৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
পৰিয়ালৰ মতে, শিশুটিক পেহীয়েকে সাধাৰণভাৱে ফুৰাবলৈ লৈ গৈছিল। তেওঁলোকৰ কোনো ধাৰণা নাছিল যে পথত হঠাতে পিটবুলটোৱে আক্ৰমণ কৰিব পাৰে। অতি কম সময়ৰ ভিতৰতে কুকুৰটোৱে শিশুটিক লক্ষ্য কৰি আক্ৰমণ চলায়। ঘটনাটোৰ CCTV ফুটেজ প্ৰকাশ পোৱাৰ পিছতে ছিক্কা কলনীৰ বাসিন্দাসকলৰ মাজত আতংকৰ সৃষ্টি হৈছে। স্থানীয় লোকসকলে আৱাসিক অঞ্চলত পোহনীয়া কুকুৰ, বিশেষকৈ আক্ৰমণাত্মক স্বভাৱৰ বুলি জনাজাত পিটবুল প্ৰজাতিৰ কুকুৰ ৰখাৰ ক্ষেত্ৰত অধিক সাৱধানতা অৱলম্বন কৰাৰ দাবী জনাইছে। কুকুৰটো যদি মালিকৰ নিয়ন্ত্ৰণৰ বাহিৰত মুক্তভাৱে ঘূৰি আছিল বা পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা অবিহনে বাহিৰত ৰখা হৈছিল, তেন্তে কুকুৰৰ মালিকৰ দায়িত্বক লৈও প্ৰশ্ন উত্থাপন হৈছে। লগতে স্থানীয় নিয়ম-নীতি অনুসৰি এনে কুকুৰ ৰখা হৈছিল নে নাই, সেই বিষয়টোও চৰ্চালৈ আহিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















