বলীউডৰ সংগীত পৰিচালক তথা জনপ্ৰিয় কণ্ঠশিল্পী চেলিম মাৰ্চেণ্টে জুবিন দিৱস উপলক্ষে অসমলৈ আহিছে। অসমলৈ আহি সংগীত শিল্পীগৰাকীয়ে শেহতীয়াকৈ ঐতিহাসিক মা কামাখ্যা দেৱী মন্দিৰ দৰ্শন কৰে। মন্দিৰ দৰ্শন কৰি তেওঁ ছ’চিয়েল মিডিয়াত কিছু ফটো শ্বেয়াৰ কৰাৰ পাছতে সামাজিক মাধ্যমত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। একাংশ লোকে তেওঁৰ এই পদক্ষেপক প্ৰশংসা কৰাৰ বিপৰীতে আন একাংশই তেওঁক ট্ৰ’ল কৰা দেখা গৈছে।
আচলতে চেলিম মাৰ্চেণ্টে নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত কামাখ্যা মন্দিৰৰ কেইবাখনো ফটো পোষ্ট কৰে। ফটোত তেওঁক এজন বন্ধুৰ সৈতে মন্দিৰৰ সন্মুখত থিয় হৈ থকা দেখা যায়। চেলিমে বগা টি-চাৰ্ট আৰু ক’লা পেণ্ট পৰিধান কৰাৰ লগতে ডিঙিত মালা আৰু কান্ধত ৰঙা স্কাৰ্ফ লৈছিল। ফটোসমূহ শ্বেয়াৰ কৰি চেলিমে কেপচনত লিখে— “শক্তিৰ চৰণত, ওম আইম হ্ৰীম ক্লিম কামাখ্যা নমহঃ”

এই পোষ্টটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিভিন্ন ধৰণৰ মন্তব্য আহে। বহু ব্যৱহাৰকাৰীয়ে আন ধৰ্মৰ প্ৰতি চেলিম মাৰ্চেণ্টৰ সন্মানজনক মনোভাৱক প্ৰশংসা কৰে। আনহাতে, কিছুমান ব্যৱহাৰকাৰীয়ে তেওঁৰ ধৰ্মীয় পৰিচয়ৰ কথা উল্লেখ কৰি সমালোচনাও কৰে। অৱশ্যে চেলিম মাৰ্চেণ্টৰ ক্ষেত্ৰত এনে ধৰ্মীয় চৰ্চা এয়াই প্ৰথম নহয়। পূৰ্বেও তেওঁ হিন্দু ধৰ্মৰ প্ৰতি থকা তেওঁৰ শ্ৰদ্ধাৰ কথা ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে। চেলিমে ভগৱান শিৱৰ প্ৰতি তেওঁৰ বিশ্বাসৰ কথা উল্লেখ কৰি প্ৰতি সোমবাৰে শিৱ পূজা কৰাৰ লগতে শুকুৰবাৰে নামাজ আদায় কৰে বুলি কৈছে। সংগীত শিল্পী চেলিমৰ মতে, তেওঁ দুয়োটা ধৰ্মকেই সন্মান কৰে। ঈশ্বৰ আৰু সংগীতৰ সৈতে তেওঁৰ সম্পৰ্ককো তেওঁ সহজ ভাষাৰে বৰ্ণনা কৰাটো কঠিন বুলি উল্লেখ কৰিছে।

উল্লেখ্য যে মুম্বাইস্থিত সংগীত শিল্পীসকলৰ ভিতৰত ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ চেলিম মাৰ্চেণ্টৰ সৈতে এক বিশেষ আত্মীয়তা আছিল। জীয়াই থকা সময়ছোৱাত জুবিন দাই বহুবাৰ তেওঁক অসমলৈ নিমন্ত্ৰণ জনাইছিল বুলিও অসমলৈ আহি চেলিম মাৰ্চেণ্টে মন্তব্য কৰে। জুবিন ক্ষেত্ৰলৈ গৈ তেওঁ অভিভূত হৈ পৰা বুলিও মন্তব্য কৰে। চেলিম মাৰ্চেণ্টে তেওঁৰ কনিষ্ঠ ভাতৃ চুলেমান মাৰ্চেণ্টৰ সৈতে ‘চেলিম-চুলেমান’ নামেৰে বলীউডৰ কেইবাখনো ছবিত সংগীত পৰিচালনা কৰিছে। ইয়াৰ ভিতৰত কেইখনমান উল্লেখযোগ্য ছবি হৈছে ‘চক দে! ইণ্ডিয়া’, ‘ফেশ্বন’, ‘বেণ্ড বাজা বাৰাত’, ‘ৰব নে বানা দি জোড়ি’ আৰু ‘কুৰবান’ আদি। মা কামাখ্যা দেৱী মন্দিৰ দৰ্শনৰ ফটো পোষ্ট কৰাৰ পিছত সৃষ্টি হোৱা বিতৰ্কৰ মাজতো চেলিম মাৰ্চেণ্টৰ এই পদক্ষেপে পুনৰবাৰ ধৰ্মীয় সম্প্ৰীতি, পৰস্পৰৰ বিশ্বাসৰ প্ৰতি সন্মান আৰু সংগীতৰ সাৰ্বজনীনতাৰ বিষয়টো চৰ্চালৈ আনিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















