নলবাৰী জিলাৰ মৰোৱাৰ বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান। তেওঁৰ মৃত্যুৰ খবৰে মৰোৱা অঞ্চলৰ লগতে সমগ্ৰ নলবাৰীত শোকৰ ছাঁ পেলাইছে। ৭৬ বছৰ বয়সত বাৰ্ধক্যজনীত কাৰণত মৃত্যু হয়।
অনিল মহন্ত আছিল এগৰাকী সমাজহিতৈষী ব্যক্তি আছিল। দীৰ্ঘদিন ধৰি তেওঁ বিভিন্ন সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ সমাজৰ বাবে সেৱা আগবঢ়াই আহিছিল। স্থানীয় লোকসকলৰ সৈতে তেওঁৰ আছিল এক আত্মীয়তাপূৰ্ণ সম্পৰ্ক। সমাজৰ বিভিন্ন ক্ষেত্ৰত তেওঁৰ অৱদানৰ বাবে অঞ্চলটোত তেওঁ বিশেষভাৱে পৰিচিত আছিল। বহুদিনৰে পৰা নলবাৰীৰ সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াইছিল অনিল মহন্তই।
উল্লেখ্য যে, বিশিষ্ট সমাজকৰ্মী অনিল মহন্ত হৈছে অসম লাইভ ২৪ৰ কাৰ্যবাহী সম্পাদক শান্তনু মহন্তৰ পিতৃ। এগৰাকী সমাজকৰ্মী হিচাপে অনিল মহন্তই আগবঢ়াই যোৱা অৱদান আৰু সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সৈতে গঢ়ি তোলা সুসম্পৰ্কৰ বাবে সকলোৰে মাজত সদায় স্মৰণীয় হৈ থাকিব।
তেওঁৰ মৃত্যুত বিভিন্ন ব্যক্তি, দল-সংগঠন আৰু স্থানীয় ৰাইজে গভীৰ শোক প্ৰকাশ কৰিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে বহু লোকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















