• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

2 minutes ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

52 minutes ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

15 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

15 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

16 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

16 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

17 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

17 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

17 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

19 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

19 hours ago
‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

‘আজি ৰাজ্যিক বন্ধ হ’ব লাগিছিল!’, জুবিন দিৱসৰ দিনটোত অনুৰোধ কণ্ঠশিল্পী জুবলীৰ

20 hours ago
জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

জুবিন গাৰ্গৰ স্মৃতিত মানৱতাৰ সেৱা: বানপীড়িত ২৩৭ ছাত্ৰ-ছাত্ৰীক ইউনিফৰ্ম আৰু বহী বিতৰণ সেউজী বসুন্ধৰাৰ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

অসমৰ সংগীত জগতৰ এক বিৰল প্ৰতিভা, মহান সুৰকাৰ, কণ্ঠশিল্পী প্ৰয়াত জয়ন্ত হাজৰিকাৰ আজি ওপজা দিন।

editor by editor
September 20, 2026
in অসম, বিবিধ, লেখা
0
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী
0
SHARES
0
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি অসমৰ সংগীত জগতৰ এগৰাকী অনন্য প্ৰতিভা, চিৰসেউজ কণ্ঠশিল্পী, সুৰকাৰ আৰু সংগীত পৰিচালক জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী। অসমৰ এটা প্ৰখ্যাত পৰিয়ালত ২০ ছেপ্টেম্বৰ ১৯৪৩ চনত জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল। সকলোৱে ঘৰত ৰাণা বুলি মাতিছিল। পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্ৰিয়া হাজৰিকা। ড॰ ভূপেন হাজৰিকা আছিল জয়ন্ত হাজৰিকাৰ জ্যেষ্ঠ ভায়েক। সৰুৰেপৰাই সংগীতত ৰাপ থকা জয়ন্তই গুৱাহাটীৰ সোণাৰাম হাইস্কুলত পঢ়া-শুনা কৰিছিল। ১৯৬২ চনৰ প্ৰৱেশিকা পৰীক্ষাত অকৃতকাৰ্য হৈ জয়ন্ত কলিকতালৈ যায় আৰু তাতে এইচ.এম.ভি. কোম্পানীত দুটা গীত বাণীবদ্ধ কৰে।

জয়ন্ত হাজৰিকাই ৯ বছৰ বয়সত প্ৰথম গানত সুৰ দিছিল। গীতটো লিখিছিল জয়ন্তৰ আন এজন ককায়েক নৃপেন হাজৰিকাই। জয়ন্ত হাজৰিকাৰ পেছাদাৰী সংগীত জীৱন ককায়েক ভূপেন হাজৰিকাৰ লগত বাদ্য সংগত কৰি আৰম্ভ হৈছিল। ১৯৬২ চনত প্ৰৱেশিকা পৰীক্ষাত অনুত্তীৰ্ণ হৈ জয়ন্ত হাজৰিকাই অগ্ৰজসম প্ৰণৱ বৰাৰপৰা পঁচিছ টকা লৈ ঘৰৰ পৰা নিৰুদ্দেশ হৈছিল। পুলিচক খবৰ দিয়াৰ লগতে বাতৰি কাকততো বিজ্ঞাপন দিয়া হৈছিল। এসপ্তাহমান পাছত গম পোৱা গৈছিল যে জয়ন্ত গৌৰীপুৰলৈ গৈছিল আৰু তাতে প্ৰমথেশ বৰুৱাৰ ঘৰত আশ্ৰয় গ্ৰহণ কৰি এদিন ঘৰলৈ উভতি আহিছিল।

১৯৬২ চনত কলিকতালৈ গৈ এইচ. এম. ভি. কোম্পানীত ‘আগলি বতাহে কপালে কলৰে পাত’ (গীতিকাৰঃ নিৰ্মলপ্ৰভা বৰদলৈ) আৰু ‘কৃষ্ণচূড়া কৃষ্ণচূড়া’ (গীতিকাৰঃ মায়াশ্ৰী বৰকটকী) নামৰ গীত দুটা বাণীবদ্ধ কৰে। এই গান দুটাই জয়ন্ত হাজৰিকাক সুৰকাৰ আৰু গায়ক হিচাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ পাছৰ বছৰতে জয়ন্তই ককায়েক ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা মণিৰাম দেৱান বোলছবিৰ গানত কণ্ঠদান কৰে। এইখন ছবিতে জয়ন্ত হাজৰিকা আৰু হিমাংশু বিশ্বাসে সহকাৰী সংগীত পৰিচালক হিচাপেও কাম কৰিছিল। ইয়াৰ পাছতে জয়ন্তই ভালেমান গীতত সুৰ আৰু কণ্ঠদান কৰে, লগতে বোলছবি, মঞ্চনাট আৰু তথ্যচিত্ৰৰ বাবে সংগীত পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। জয়ন্ত হাজৰিকাই ‘লটিঘটি’ আৰু ‘চিকমিক বিজুলী’ অসমীয়া কথাছবি দুখনত অভিনয়ো কৰিছিল।

১৯৬৯ চনৰ ৪ আগষ্টত তেওঁ কলিকতাৰ এটা বঙালী পৰিয়ালৰ জীয়ৰী মনীষা হাজৰিকাক (বিয়াৰ আগতে মণীষা সেনগুপ্ত)ক বিয়া কৰায়। তেওঁলোকৰ একমাত্ৰ সন্তান ময়ুখ হাজৰিকাৰ জন্ম হৈছিল ১৯৭১ চনৰ ১৩ জানুৱাৰীত।

অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ। ৩৪ বছৰীয়া নিজৰ চুটি জীৱনকালত তেখেতে বহুতো গান সৃষ্টি কৰি গৈছে যিবোৰ এতিয়াও জনপ্ৰিয় হৈ আছে। তেওঁ অসমত প্ৰথমে যুৱ-চামৰ বাবে নিৰ্দিষ্ট গান সৃষ্টি কৰিছিল। ১৯৬০-ৰ দশকত অসমীয়া সংগীতৰ জগতত আত্মপ্ৰকাশ কৰা জয়ন্ত হাজৰিকা মৃত্যুৰ সময়লৈকে সক্ৰিয় হৈ থাকে। সেই সময়ত অপৰম্পৰাগত বুলি বিবেচিত বহুতো বৈশিষ্ট্য সন্নিৱিষ্ট কৰি তেখেতে বহুতো অসমীয়া গীতত সুৰাৰোপ কৰে। তেখেতৰ সঙ্গীতত অসমীয়া লোক সঙ্গীতৰ লগতে হিন্দুস্তানী ধ্ৰুপদী সঙ্গীত, পশ্চিমীয়া ৰক্ এণ্ড ৰ’ল, জেজ, পশ্চিমীয়া ধ্ৰুপদী সঙ্গীত আদিৰ সংমিশ্ৰণ দেখা যায়। স্বকীয় বৈশিষ্ট্যপূৰ্ণ তেখেতৰ সঙ্গীত কালৰ পৰিধি চেৰাই আজিও জনপ্ৰিয়।

১৯৭৭ চনত নতুন আশা বোলছবিৰ গীত বাণীবদ্ধ কৰিবলৈ যাওঁতে ১৫ অক্টোবৰত কলিকতাত জয়ন্ত হাজৰিকাৰ হঠাতে মৃত্যু হয়। তেখেতৰ পত্নী মনীষা হাজৰিকাই তেওঁৰ আধৰুৱা কামবিলাক সম্পূৰ্ণ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত
অসম

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

September 20, 2026
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ
বাণিজ্য

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

September 19, 2026
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?
বিনোদন

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

September 19, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.