জুবিন গাৰ্গ নোহোৱা হোৱা এবছৰ হ’ল। প্ৰাণৰ শিল্পীজন নোহোৱা হোৱাটো আজিও অসমবাসীয়ে মানি ল’ব পৰা নাই। আজিও জুবিন গাৰ্গৰ ন্যায় বিছাৰি চৰকাৰক কাতৰ অনুৰোধ জনাইছে একাংশই। জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনটোত জুবিন ক্ষেত্ৰত অনুৰাগীৰ লগতে সংগীতজগতৰ বহু তাৰকা শিল্পী উপস্থিত হয়।
সকলোৰে দৰে একালৰ মঞ্চৰ সংগী তথা ভগ্নী কণ্ঠশিল্পী জুবলী বৰুৱাই উপস্থিত হৈ বহু কথা উল্লেখ কৰে। সংবাদ মাধ্যমৰ আগত জুবলীয়ে কয়, “সত্যটো সোনকালে পোহৰলৈ আহক। জুবিন দাৰ লগত যিয়ে অন্যায় কৰিছে, যিয়ে ঠগিছে আৰু আজিও জুবিন দাৰ নাম লৈ যিয়ে সুবিধা লৈ আছে সেই প্ৰত্যেকগৰাকীয়ে শাস্তি পাওক, কোনো সাৰি নাযাওক, এয়াই প্ৰাৰ্থনা জনাইছো।”
ৰাজ্যিক বন্ধ সন্দৰ্ভতো জুবলীয়ে মন্তব্য কৰে। তেওঁ কয়, “আজি আমি সকলোৱে দেখিছো যে একাংশই অফিচৰ ছুটি লৈ জুবিন ক্ষেত্ৰলৈ আহিছে, বহুতে নিজৰ কাম-কাজ বাদ দি ইয়াতেই আছে। এই দিনটোত সকলোৱে জুবিনদাৰ লগত কটাব বিচাৰিব। সেয়ে এই দিনটোত ৰাজ্যিক বন্ধৰ প্ৰয়োজন আছিল। এইবছৰ নহ’ল যদিও অহাবছৰৰ পৰা হ’ব বুলি আশা কৰিছোঁ। আজি যি জুবিন দিৱস অনুষ্ঠিত কৰা হৈছে এই দিৱস প্ৰত্যেক বছৰেই হ’ব যেতিয়া ৰাজ্যিক ছুটিৰ প্ৰয়োজন। এইদিনটোত জুবিনদাৰ সৃষ্টিৰাজি আৰু কৰ্মৰাজিৰ লগতে সকলো ভালকথা আলোচনা কৰিব পাৰো একগোট হৈ সেই বাবে বিচাৰো ৰাজ্যিক বন্ধ হ’ব লাগে।”
ইয়য়াৰোপৰি নতুন পৰিল্পনা সন্দৰ্ভতো জুবলীয়ে ক’লে, “এবছৰ ধৰি কাম কৰিম বুলি ভাবিব পৰা নাই, কৰোবাত সাহস নোহোৱা যেন হৈছে। কৰিবলৈ বহুত মন আছে কিন্তু কৰিব চেষ্টা কৰি আছো। দাদাৰ দৰে ০ শতাংশও যেন কৰিব পাৰো তাৰ বাবে সাহস দিয়ক জুবিন দাই, তাৰে প্ৰাৰ্থনা কৰিছোঁ।”
(এই তথ্য যুগুতাইছে বৰষা মিশ্ৰই)
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















