কেন্দ্ৰীয় চৰকাৰৰ অটল পেঞ্চন যোজনাই আপোনাৰ বাবে আনিছে আশাৰ ৰেঙনি। কেন্দ্ৰীয় চৰকাৰৰ অটল পেঞ্চন যোজনা যথেষ্ট গুৰুত্বপূৰ্ণ আঁচনি, কাৰণ এই আঁচনিখনত ৬০ বছৰ বয়সৰ পিছত প্ৰতিমাহে ১০০০ টকাৰ পৰা ৫০০০ টকালৈকে লাভ কৰিব পাৰিব।
প্ৰতিমাহে ৫ হাজাৰ টকাৰ পেঞ্চন পোৱাটো বৃদ্ধ বয়সত আৰ্থিক সাহায্য লাভৰ এক উত্তম উপায়। সেইবাবেই সময় থকাৰ সময়তে এই আঁচনিখনত বিনিয়োগ কৰিলে আপোনাৰ বাবে ভাল। অটল পেঞ্চন যোজনাৰ অধীনত যিকোনো ভাৰতীয়ই লাভৱান হ’ব পাৰে। বিশেষকৈ যিসকল লোকে অসংগঠিত খণ্ডত কাম কৰে।
আৰ্থিকভাৱে নিৰ্ভৰশীল কৰিবলৈ হ’লে ১৮ৰ পৰা ৪০ বছৰ বয়সৰ হ’ব লাগিব। ৬০ বছৰ সম্পূৰ্ণ কৰাৰ পিছত প্ৰতি বছৰে ফিক্সড পেঞ্চন লাভ কৰিব পাৰিব। পেঞ্চন নিয়ন্ত্ৰণ কৰ্তৃপক্ষৰ অধীনত এই আঁচনিখনে নিশ্চিত পেঞ্চন প্ৰদান কৰে। এই পেঞ্চন সমগ্ৰ ভাৰততে প্ৰযোজ্য। ই এক সম্পূৰ্ণ সুৰক্ষিত আৰু নিশ্চিত আঁচনি। ধন অতিশয় সুৰক্ষিত।
কম বিনিয়োগেৰে ডাঙৰ সুযোগ! পেঞ্চনৰ বিকল্প বয়স অনুসৰি বিবেচনা কৰিব পাৰি। পেঞ্চনৰ পৰিমাণ বাছি লৈ প্ৰতিমাহে ১০০০, ২০০০ টকা, ৩০০০ টকা, ৪০০০ টকা আৰু ৫০০০ টকাৰ নিশ্চয়তাযুক্ত পেঞ্চন লাভ কৰিব পাৰিব। অটল পেঞ্চন যোজনাৰ অধীনত বিনিয়োগ আয়কৰ আইনৰ ৮০চিচিডি (১বি)ৰ অধীনত ৫০,০০০ টকাৰ অতিৰিক্ত আয়কৰ কৰ্তনৰ বাবে যোগ্য।
৬০ বছৰৰ পাছত একাউণ্টধাৰীৰ মৃত্যু হ’লে মনোনীত ব্যক্তিয়ে সকলো সুবিধা লাভ কৰিব। পেঞ্চন একাউণ্টত জমা হোৱা ধন স্বামী বা পত্নীয়ে লাভ কৰিব, দুয়োৰে মৃত্যু হ’লে মনোনীত(নমিনি) ব্যক্তিয়ে সম্পূৰ্ণ ধন পাব। এই আঁচনিখনত নামভৰ্তি অনলাইন আৰু অফলাইন কৰিব পাৰিব, গতিকে বেংক বা ডাকঘৰত যদি আপোনাৰ সঞ্চয় একাউণ্ট নাই তেন্তে খুলিব লাগিব।
তাৰ পিছত, আপুনি অটল পেঞ্চন যোজনাৰ (APY Registration Form) আবেদন পত্ৰ পূৰণ কৰিব লাগিব। আবেদন পত্ৰত নাম, ঠিকনা, ফোন নম্বৰ, আধাৰ নম্বৰ, মনোনীত ব্যক্তিৰ সবিশেষ দিব লাগিব। আবেদন প্ৰ-পত্ৰ আধাৰৰ লগতে অন্যান্য প্ৰাসংগিক নথি-পত্ৰৰ সৈতে জমা দিব লাগিব, এইদৰে জমা দিয়াৰ পিছত অটল পেঞ্চন যোজনাৰ একাউণ্ট সৃষ্টি হ’ব। প্ৰতিমাহে নিৰ্দিষ্ট দিনটোত নিৰ্দিষ্ট ধনৰাশি কৰ্তন কৰা হ’ব।
অনলাইন আবেদনৰ বাবে ধন জমা কৰাৰ পদ্ধতি। APY ৰ বাবে অনলাইন আবেদন কৰিব পাৰিব, বেংক বা নেট বেংকিঙত লগ ইন কৰিব লাগিব। লগইন কৰাৰ পিছত ‘Social Security Schemes’ বা ‘APY’ বুলি সন্ধান কৰিব লাগিব। ‘Apply for APY’ ত ক্লিক কৰিব লাগিব, ধৰি লওক আপুনি পেঞ্চনৰ বিকল্প বাছি লৈ মনোনীত ব্যক্তিৰ নাম দিব লাগিব। অটো ডেবিট সন্মতি দিব লাগিব। ইয়াৰ পিছত নামটোৰ পঞ্জীয়ন সম্পূৰ্ণ হ’ব। PRAN (স্থায়ী অৱসৰ একাউণ্ট নম্বৰ) উপলব্ধ হ’ব।
১৮ বছৰ বয়সত যদি কোনো গ্ৰাহকে যোগদান কৰে, তেন্তে তেওঁ প্ৰতিমাহে ৪২ টকাৰ পৰা ২১০ টকাৰ ভিতৰত অৱদান দিব লাগিব। যদি তেওঁ ৪০ বছৰ বয়সত যোগদান কৰে, তেন্তে তেওঁ প্ৰতিমাহে ২৯১ টকাৰ পৰা ১,৪৫৪ টকাৰ ভিতৰত অৱদান আগবঢ়াব লাগিব।
উদাহৰণস্বৰূপে, ৪২ টকা জমা কৰিলে ১০০০ টকাৰ পেঞ্চন পোৱা যাব, আনহাতে ২১০ টকা জমা কৰিলে প্ৰতিমাহে ৫,০০০ টকা পেঞ্চন নিশ্চিত হ’ব। এই আঁচনিৰ এটা মূল বৈশিষ্ট্য হ’ল পেঞ্চনৰ পৰিমাণ পূৰ্বনিৰ্ধাৰিত, কিন্তু এই ক্ষেত্ৰত ব্যক্তিজনে নিজৰ বয়স আৰু নিৰ্বাচিত পেঞ্চনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি নিয়মিতভাৱে এটা নিৰ্দিষ্ট ধন জমা কৰিবলগীয়া হয়।
অটল পেঞ্চন যোজনাৰ অধীনত গ্ৰাহকৰ মৃত্যু হ’লে তেওঁৰ পত্নীয়ে পেঞ্চন লাভ কৰে। দুয়োৰে মৃত্যুৰ পিছত সঞ্চিত পেঞ্চনৰ ধন বা ‘পেঞ্চন সম্পত্তি’ মনোনীত ব্যক্তিক ঘূৰাই দিয়া হয়। স্বামী-স্ত্ৰী দুয়োজনে এই আঁচনিৰ সুবিধাসমূহ পৃথকে পৃথকে লাভ কৰিব পাৰে, যদিহে দুয়োজনে প্ৰয়োজনীয় যোগ্যতাৰ চৰ্তসমূহ পূৰণ কৰে।
অটল পেঞ্চন যোজনালৈ বৰঙণি মাহেকীয়া (৩০ দিন), ত্ৰিমাসিক (৯০ দিন) বা অৰ্ধবাৰ্ষিক (৬ মাহ) ভিত্তিত আগবঢ়াব পাৰিব। এই ধনৰাশি ‘অটো-ডেবিট’ ব্যৱস্থাৰ জৰিয়তে বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰিব পাৰিব।
মন কৰিবলগীয়া যে ২০২২ চনৰ ১ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা নিয়ম অনুসৰি আয়কৰদাতাসকলে এই আঁচনিখনত যোগদানৰ যোগ্য নহয়। কিন্তু যিসকল আয়কৰদাতা নহয় তেওঁলোকে অন্যান্য যোগ্যতাৰ চৰ্ত পূৰণ কৰি এই আঁচনিখনত যোগদান কৰিব পাৰিব। এই আঁচনিৰ অধীনত কৰা বৰঙণি আয়কৰ আইনৰ ধাৰা ৮০চিচিডিৰ অধীনত কৰ কৰ্তনৰ বাবে বিবেচনা কৰিব পাৰি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















