তেলেংগানাৰ হায়দৰাবাদত ১০ টকাৰ খুচুৰাক লৈ হোৱা সামান্য বিবাদে ভয়ংকৰ ৰূপ লোৱাৰ ঘটনা পোহৰলৈ আহিছে। পুৰণি হায়দৰাবাদৰ ৱাটেপল্লী অঞ্চলত এজন অটো চালকক একাংশ লোকে প্ৰহাৰ কৰি হ*ত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে সন্ধিয়া ফালাকনুমা আৰক্ষী থানাৰ অন্তৰ্গত ৱাটেপল্লী অঞ্চলত এই ঘটনা সংঘটিত হয়। নিহত অটো চালকজনক মহম্মদ মুকাৰৰাম (৪২) বুলি চিনাক্ত কৰা হৈছে।
পৰিয়ালৰ অভিযোগ অনুসৰি, মুকাৰৰামৰ অটোৰ ভাড়া আছিল ১০ টকা। এজন যাত্ৰীয়ে তেওঁক ২০০ টকাৰ নোট দিয়াত মুকাৰৰামে বাকী ১৯০ টকা ঘূৰাই দিবলৈ খুচুৰা নাই বুলি কয়। এই বিষয়টোক লৈ দুয়োৰে মাজত তৰ্ক হয়। ইয়াৰ পিছতে যাত্ৰীগৰাকীয়ে আন কেইজনমান লোকক ফোন কৰে বুলি মুকাৰৰামৰ ভাতৃ মহম্মদ আফ্ৰজে অভিযোগ কৰিছে। কিছু সময়ৰ পিছতে কেইজনমান লোক ঘটনাস্থলীত উপস্থিত হৈ মুকাৰৰামক নিৰ্মমভাৱে প্ৰহাৰ কৰে বুলি পৰিয়ালে দাবী কৰিছে। আফ্ৰজৰ মতে, মুকাৰৰামে আক্ৰমণকাৰীসকলক তেওঁক এৰি দিবলৈ বাৰে বাৰে অনুৰোধ কৰিছিল। কিন্তু তেওঁলোকে তেওঁৰ কথা নুশুনি প্ৰহাৰ কৰি যায়। গুৰুতৰভাৱে আহত মুকাৰৰামক চিকিৎসালয়লৈ নিয়াৰ পূৰ্বেই মৃ*ত্যু হয়।
মুকাৰৰামৰ ভাতৃ আফ্ৰজে সংবাদ মাধ্যমৰ আগত কয় যে তেওঁৰ ভাতৃ মৃগীৰোগত আক্ৰান্ত আছিল আৰু হৃদযন্ত্ৰও দুৰ্বল আছিল। এনে অৱস্থাতো আক্ৰমণকাৰীয়ে তেওঁক ৰেহাই নিদিয়াৰ অভিযোগ উত্থাপন কৰে আফ্ৰজে। নি*হত মুকাৰৰামৰ পত্নী আৰু চাৰিটা সন্তান আছে। ঘটনাটোৰ সৈতে জড়িত লোকসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ লগতে পৰিয়ালটোক ন্যায় দিয়াৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাইছে পৰিয়ালটোৱে।
আফ্ৰজে স্থানীয় নিউজ চেনেলৰ এজন সাংবাদিকসহ ৬-৮জন লোক এই ঘটনাত জড়িত থকা বুলি অভিযোগ কৰিছে। অৱশ্যে এই অভিযোগৰ সত্যতা আৰক্ষীৰ তদন্তৰ পিছতহে স্পষ্ট হ’ব। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। ঘটনাটোক লৈ সৰ্বভাৰতীয় মজলিছ-ঈ-ইত্তেহাদুল মুছলিমীন (AIMIM)-এও উদ্বেগ প্ৰকাশ কৰিছে। দলটোৰ বিধায়ক মহম্মদ মুবিনে নি*হত মুকাৰৰামৰ পৰিয়ালক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে।
মুবিনে ঘটনাটোৰ সৈতে জড়িত অভিযুক্তসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। লগতে ভাটেপল্লী অঞ্চলত অপৰাধমূলক ঘটনা বৃদ্ধি পোৱাৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰি আৰক্ষীক অঞ্চলটোত টহল বৃদ্ধি কৰিবলৈ আহ্বান জনায়। দলটোৰ মতে, বিগত দুসপ্তাহত হায়দৰাবাদ মহানগৰীত কেইবাটাও হ*ত্যাকাণ্ড সংঘটিত হৈছে। জনবহুল স্থানত কটাৰী, কাঁচি আৰু অন্যান্য চোকা অস্ত্ৰ ব্যৱহাৰ কৰি সংঘটিত হোৱা অপৰাধক লৈ সাধাৰণ লোকৰ মাজতো উদ্বেগ বৃদ্ধি পাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















