• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

59 minutes ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

25 seconds ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

2 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

2 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

3 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

5 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

5 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

5 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

6 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

6 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

7 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

7 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

ৰকিবুল-তাঞ্জিলকো আক্ৰমণৰ অভিযোগ

editor by editor
September 21, 2026
in অসম, ৰাজনীতি, লেখা
0
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নগাঁও লোকসভা উপ নিৰ্বাচনৰ প্ৰাকক্ষণত সমষ্টিটোৰ নিৰ্বাচনী প্ৰচাৰত ব্যাপক নিৰ্বাচনী হিংসাৰ ঘটনা পোহৰলৈ আহিছে। আজি চামগুৰিৰ বৰমা অঞ্চলত কংগ্ৰেছ-বিজেপিৰ সমৰ্থকৰ মাজত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছৰ নিৰ্বাচনী সভালৈ গৈ থকা সময়তে কংগ্ৰেছ নেতা তথা সাংসদ গৌৰৱ গগৈৰ কনভয়ক লক্ষ্য কৰি শিলগুটি, কণী আৰু বটল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ঘটনাত গৌৰৱ গগৈৰ বাহনৰ গ্লাছ ভাঙি যোৱাৰ লগতে অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।

জানিব পৰা মতে, চামগুৰি সমষ্টিৰ লৰিমুখত অনুষ্ঠিত হ’বলগীয়া কংগ্ৰেছৰ এখন সভাত অংশগ্ৰহণ কৰিবলৈ কংগ্ৰেছৰ নেতা-কৰ্মীসকল গৈ আছিল। সেই সময়তে বৰমা অঞ্চলত প্ৰায় দুই শতাধিক লোকে মুখত ক’লা কাপোৰ বান্ধি কংগ্ৰেছ কৰ্মীসকলৰ যাত্ৰাত বাধা দিয়াৰ অভিযোগ উত্থাপিত হৈছে। কংগ্ৰেছ কৰ্মীসকলক উভতি যাবলৈ বাধ্য কৰোৱাৰ চেষ্টা চলোৱাৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

ইয়াৰ মাজতে কংগ্ৰেছ নেতা গৌৰৱ গগৈ, ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেল, ৰকিবুল হুছেইন, শিৱামণি বৰা আৰু তাঞ্জিল হুছেইনকে ধৰি কংগ্ৰেছ নেতাসকলৰ বাহন সেই অঞ্চলৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত পৰিস্থিতি অধিক উত্তেজনাপূৰ্ণ হৈ উঠে। অভিযোগ অনুসৰি, সেই সময়ত একাংশ লোকৰ পৰা কংগ্ৰেছ নেতাসকলৰ বাহনলৈ শিলগুটি, কণী আৰু কাঁচৰ বটল নিক্ষেপ কৰা হয়। গৌৰৱ গগৈৰ বাহনখনো লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰাৰ ফলত বাহনখনৰ গ্লাছ ভাঙি চূৰ্ণ-বিচূৰ্ণ হোৱা বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ বাহনো লোকসকলে ঘেৰাও কৰা বুলি অভিযোগ উত্থাপিত হৈছে। একাংশই বাহন আৱদ্ধ কৰি নেতাসকলক খেদি পঠোৱাৰ চেষ্টা কৰা বুলিও অভিযোগ উত্থাপিত হৈছে। ফলত কিছু সময়ৰ বাবে সমগ্ৰ বৰমা অঞ্চলত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষীৰ দল মোতায়েন কৰা হয়। উত্তেজিত লোকসকলক আঁতৰাই পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হয় বুলি জানিব পৰা গৈছে।

ঘটনাক কেন্দ্ৰ কৰি চামগুৰিত ব্যাপক ৰাজনৈতিক উত্তেজনা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। বিশেষকৈ নিৰ্বাচনী সভাক কেন্দ্ৰ কৰি সংঘটিত এই ঘটনাই অঞ্চলটোৰ ৰাজনৈতিক পৰিৱেশ গৰম কৰি তুলিছে। ইফালে, ঘটনাটোত কোন কোন লোক জড়িত আছিল আৰু কিয় এনে পৰিস্থিতিৰ সৃষ্টি হ’ল, সেই বিষয়ে আৰক্ষীৰ তদন্তৰ পিছতহে অধিক তথ্য স্পষ্ট হ’ব। বৰ্তমান অঞ্চলটোত যাতে পুনৰ কোনো অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয়, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24byelection
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!
অপৰাধ

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

September 21, 2026
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান
অপৰাধ

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

September 21, 2026
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ
অসম

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

September 21, 2026
Next Post
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ'ল জাহিৰ খানক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.