নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি অসমত ৰাজনৈতিক তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে শাসকীয় বিজেপি আৰু বিৰোধী দলসমূহৰ মাজত বাকযুদ্ধ তীব্ৰ হৈ উঠিছে। চামগুৰি সমষ্টিত বিজেপিৰ প্ৰাৰ্থী দেৱাশীষ শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই AIUDFৰ প্ৰধান বদৰুদ্দিন আজমল আৰু কংগ্ৰেছ নেতা ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা কৰে। মন্ত্ৰী পিয়ুষ হাজৰিকাই বদৰুদ্দিন আজমলক কটাক্ষ কৰি কয় যে যিগৰাকী ব্যক্তিয়ে ১০ লাখ ভোটৰ ব্যৱধানত পৰাজিত হৈছে, তেওঁৰ ৰাজনৈতিক প্ৰাসংগিকতা এতিয়া কিমান আছে সেইটো ভাবিবলগীয়া বিষয়। তেওঁৰ দাবী, আজমল নগাঁৱৰ ৰাইজৰ পৰা আঁতৰি গৈছে আৰু এতিয়া নগাঁওবাসীয়ে তেওঁক ভোট নিদিয়ে।
নগাঁও লোকসভা সমষ্টিত বিজেপিৰ জয়ৰ সম্ভাৱনাৰ বিষয়েও আত্মবিশ্বাস প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে প্ৰথম অৱস্থাত নগাঁৱত বিজেপিৰ প্ৰাৰ্থীৰ জয় সহজ নহ’ব বুলি ভবা হৈছিল। কিন্তু সময় যোৱাৰ লগে লগে বিজেপিৰ নিৰ্বাচনী যাত্ৰা অধিক মসৃণ হৈছে আৰু এতিয়া দলটোৱে সহজে জয়লাভ কৰিব বুলি তেওঁ মন্তব্য কৰে। ইফালে কংগ্ৰেছৰ সাংগঠনিক অৱস্থাক লৈও পিয়ুষ হাজৰিকাই মন্তব্য কৰে। তেওঁৰ দাবী অনুসৰি নগাঁও লোকসভাৰ অন্তৰ্গত আঠটা বিধানসভা সমষ্টিৰ বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে ইতিমধ্যে বিজেপিত যোগদান কৰিছে। চামগুৰি সমষ্টিত কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ ৰাজনৈতিক পৰিস্থিতিও অনুকূল নহয় বুলি দাবী কৰি মন্ত্ৰীগৰাকীয়ে কয় যে ৰকিবুল হুছেইনৰ ‘দিন বেয়া চলিছে’।
চামগুৰিত নিৰ্বাচনী প্ৰচাৰ চলাই বিধায়ক মানৱ ডেকাইও কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে। সংখ্যালঘু ভোটৰ প্ৰসংগত তেওঁ কয় যে সংখ্যালঘু ৰাইজৰ বাবে কংগ্ৰেছ এতিয়া ‘ঘৰৰ বেয়া জোৱাই’ৰ দৰে হৈ পৰিছে। তেওঁৰ দাবী, সংখ্যালঘু ৰাইজে কংগ্ৰেছক ‘ডিভোৰ্চ’ দিছে। মানৱ ডেকাই লগতে কয় যে মুখ্যমন্ত্ৰীৰ ‘সবকা সাথ, সবকা বিকাশ’ নীতি অনুসৰি জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোককে চৰকাৰী আঁচনিৰ সুবিধা প্ৰদান কৰা হৈছে। ইয়াৰ ফলতেই সংখ্যালঘু ৰাইজেও বিজেপিৰ নীতি বুজিবলৈ আৰম্ভ কৰিছে বুলি বিধায়কগৰাকীয়ে দাবী কৰে।
আনহাতে, ধুবুৰীত ৰকিবুল হুছেইনৰ বিৰুদ্ধে বিগত লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ প্ৰসংগও উত্থাপন কৰিছে বদৰুদ্দিন আজমলে। সেই পৰাজয়ৰ ‘পোতক’ লোৱাৰ হুংকাৰ দি আজমলে নগাঁও উপ-নিৰ্বাচনক লৈ কংগ্ৰেছক প্ৰত্যাহ্বান জনায়। আজমলে দাবী কৰে যে নগাঁও উপ-নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাই ৫০ হাজাৰ ভোটো লাভ নকৰে। তেওঁ আনকি লিখি দিব পাৰে বুলিও মন্তব্য কৰে। লগতে নগাঁও উপ-নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ তৃতীয় বা চতুৰ্থ স্থানত থাকিব বুলিও আজমলে দাবী কৰে।
ফলত নগাঁও উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি বিজেপি, কংগ্ৰেছ আৰু AIUDFৰ মাজত ৰাজনৈতিক আক্ৰমণ-প্ৰত্যাক্ৰমণ ক্ৰমাৎ তীব্ৰ হৈ পৰিছে। বিভিন্ন দলৰ নেতাই নিজৰ নিজৰ প্ৰাৰ্থীৰ জয়ৰ দাবী কৰাৰ লগতে প্ৰতিদ্বন্দ্বী দলৰ সাংগঠনিক শক্তি আৰু জনসমৰ্থনক লৈও প্ৰশ্ন উত্থাপন কৰিছে। ভোটাৰৰ ৰায়দানৰ পাছতেই অৱশ্যে এই দাবীসমূহৰ বাস্তৱ প্ৰতিফলন স্পষ্ট হ’ব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















