• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

2 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

10 minutes ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

41 minutes ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

2 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

3 hours ago
পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

পিছে নিজেই পেলোৱা জালত পৰিল হ*ত্যাকাৰী

3 hours ago
ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

ঘৰে ঘৰে গাখীৰ বিক্ৰী কৰা নীতেশৰ সাফল্যত গৌৰৱান্বিত দেশ

4 hours ago
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

4 hours ago
কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

কনভয় মই একেবাৰে ভাল নাপাওঁঃ হিমন্ত বিশ্ব শৰ্মা

5 hours ago
জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

জীৱন যুঁজত কেতিয়াও হাৰি নাযাব…

5 hours ago
জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

জুবিন গাৰ্গৰ শত্ৰু কোন? জুবিন ঘটনাক লৈ মুখ খোলাৰ সাহস নহ’ল প্ৰৱাসী অসমীয়া তন্ময়ৰ

7 hours ago
বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

বন্ধ হ’ব ১.৫ কোটি ৰেচন কাৰ্ড, শীঘ্ৰে হওক সাৱধান!

7 hours ago
কালসৰ্প দোষৰ পৰা সাৱধান! ধ্বংস কৰি দিব আপোনাৰ জীৱন

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

ভাৰতৰ বাবে কিয় চিন্তাৰ কাৰণ?

editor by editor
October 1, 2026
in বিজ্ঞান, বিশ্ব, ভাৰত, লেখা
0
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
0
SHARES
533
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰশান্ত মহাসাগৰত সাগৰৰ পানীৰ উষ্ণতা স্বাভাৱিকতকৈ অধিক বৃদ্ধি পোৱাৰ ফলত সৃষ্টি হোৱা এল নিন’ (El Niño) পৰিঘটনা এইবাৰ অধিক শক্তিশালী ৰূপ লোৱাৰ আশংকা দেখা গৈছে। কল’ম্বিয়া বিশ্ববিদ্যালয়ৰ International Research Institute for Climate and Society (IRI)-ৰ শেহতীয়া পূৰ্বানুমান অনুসৰি, ২০২৬-২৭ চনৰ শীতকালত এল নিন’ অতি শক্তিশালী ৰূপত উপনীত হ’ব পাৰে।

IRIৰ ২১ ছেপ্টেম্বৰত প্ৰকাশিত ENSO পূৰ্বানুমান অনুসৰি, ছেপ্টেম্বৰৰ মাজভাগত এল নিন’ নিৰ্ণয়ৰ অন্যতম গুৰুত্বপূৰ্ণ Niño 3.4 সূচক +৩.০ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত বৃদ্ধি পাইছে। ১৩টা Dynamic Model আৰু ৯টা Statistical Modelসহ মুঠ ২২টা মডেলৰ বিশ্লেষণতো ২০২৬-২৭ৰ শীতকালত শক্তিশালী এল নিন’ হোৱাৰ সম্ভাৱনা প্ৰকাশ পাইছে।

পূৰ্বানুমান অনুসৰি, ২০২৭ চনৰ ফেব্ৰুৱাৰী পৰ্যন্ত এল নিন’ চলি থকাৰ আশংকা ১০০ শতাংশ বুলি IRI-এ উল্লেখ কৰিছে। অৱশ্যে ২০২৭ চনৰ মাজভাগলৈ এই সম্ভাৱনা প্ৰায় ৬১ শতাংশলৈ হ্ৰাস পাব পাৰে। প্ৰতিষ্ঠানটোৰ মতে, এই এল নিন’ পৰিঘটনা এতিয়ালৈ দেখা পোৱা শক্তিশালী এল নিন’সমূহৰ ভিতৰত অন্যতম হোৱাৰ সম্ভাৱনা আছে।

এল নিন’ মানে কি?

সহজ ভাষাত ক’বলৈ গ’লে, এল নিন’ হৈছে প্ৰশান্ত মহাসাগৰৰ নিৰ্দিষ্ট অংশত সাগৰৰ পানী স্বাভাৱিকতকৈ অধিক উষ্ণ হৈ উঠা এক প্ৰাকৃতিক জলবায়ু পৰিঘটনা। ইয়াৰ প্ৰভাৱ কেৱল প্ৰশান্ত মহাসাগৰৰ অঞ্চলতে সীমাবদ্ধ নাথাকে। পৃথিৱীৰ বিভিন্ন দেশৰ বৰষুণ, উষ্ণতা, খৰাং আৰু অতিবৃষ্টিৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব পাৰে।

ভাৰতৰ বাবে কিয় গুৰুত্বপূৰ্ণ?
ভাৰতৰ ক্ষেত্ৰত এল নিন’ক লৈ মূল চিন্তা হৈছে বৰষুণ আৰু কৃষি। অতীতৰ বহু শক্তিশালী এল নিন’ পৰিঘটনাৰ সৈতে ভাৰতত দুৰ্বল মৌচুমী বতাহ আৰু কম বৰষুণৰ সম্পৰ্ক দেখা গৈছে। বৰষুণ কমিলে খৰিফ শস্যৰ উৎপাদন, জলাশয়ৰ পানী আৰু জলসিঞ্চনৰ ওপৰত চাপ বৃদ্ধি পাব পাৰে।

অৱশ্যে কেৱল এল নিন’ৰ ওপৰত ভিত্তি কৰি ভাৰতৰ পৰৱৰ্তী মৌচুমী বৰষুণ বা কৃষি উৎপাদনৰ সঠিক পূৰ্বানুমান কৰিব নোৱাৰি। Indian Ocean Dipole (IOD), সাগৰৰ পৃষ্ঠৰ উষ্ণতা, বায়ুমণ্ডলীয় পৰিসঞ্চালন আৰু অন্যান্য জলবায়ুগত কাৰকেও ভাৰতৰ বতৰৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলায়।

এইবাৰ Indian Ocean Dipole বা IOD-ও গুৰুত্বপূৰ্ণ হৈ পৰিছে। IRI-ৰ পূৰ্বানুমান অনুসৰি, ছেপ্টেম্বৰৰ পৰা ডিচেম্বৰ ২০২৬লৈ IOD ইতিবাচক অৱস্থাত থাকিব পাৰে। ইতিবাচক IOD-এ কেতিয়াবা এল নিন’ৰ ফলত ভাৰতীয় মৌচুমীৰ ওপৰত পৰা নেতিবাচক প্ৰভাৱ কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে। কিন্তু ইয়াৰ প্ৰভাৱ সকলো অঞ্চলতে একে নহয়। সেয়েহে বৰ্তমানৰ পূৰ্বানুমানক ভাৰতত নিশ্চিতভাৱে কম বৰষুণ বা কৃষিৰ ক্ষতি হ’ব বুলি ধৰা উচিত নহয়। কিন্তু ২০২৬-২৭ চনত বিশ্বৰ লগতে ভাৰততো জলবায়ুগত অস্বাভাৱিক পৰিস্থিতিৰ আশংকা বৃদ্ধি পোৱাৰ এক গুৰুত্বপূৰ্ণ সংকেত হিচাপে এই এল নিন’ৰ পূৰ্বানুমানক দেখা হৈছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24el nino
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?
ভাৰত

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

October 1, 2026
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ
ভাৰত

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

October 1, 2026
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি
ভাৰত

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

October 1, 2026
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ
জীৱনশৈলী

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

October 1, 2026
Next Post
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.