• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

2 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

41 minutes ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

55 minutes ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

1 hour ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

2 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

4 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

5 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

5 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

5 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

6 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

7 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

20 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

দুৰ্গাপূজাক লৈ প্ৰশাসনৰ SOP

editor by editor
October 2, 2026
in অসম, জীৱনশৈলী, বিবিধ, লেখা
0
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম
0
SHARES
50
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শাৰদীয় দুৰ্গাপূজাক লৈ সাজু হৈছে কামৰূপ মহানগৰ জিলা প্ৰশাসন। পূজা উদযাপনৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা, যান-জঁট, অগ্নিকাণ্ড বা আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰ বাবে প্ৰশাসনে জাৰি কৰিছে বিশেষ SOP। এই SOP অনুসৰি প্ৰতিখন পূজা কমিটিয়ে নিৰ্দিষ্ট নীতি-নিয়ম মানি চলিব লাগিব। নিয়ম উলংঘা কৰিলে পূজা কমিটিৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

থানাৰ পৰা লিখিত অনুমতি বাধ্যতামূলক

প্ৰতিখন পূজা কমিটিয়ে পূজা অনুষ্ঠিত কৰাৰ পূৰ্বে স্থানীয় থানাৰ পৰা লিখিত অনুমতি ল’ব লাগিব। অনুমতি অবিহনে পূজা আয়োজন কৰিব নোৱাৰিব। ইয়াৰ উপৰি মণ্ডপত অস্থায়ী বিদ্যুৎ সংযোগৰ বাবে APDCLৰ পৰা অনুমতি লোৱাটোও বাধ্যতামূলক কৰা হৈছে।

সাংস্কৃতিক অনুষ্ঠানৰ বাবেও আগতীয়া অনুমতি

পূজা মণ্ডপত যদি সাংস্কৃতিক অনুষ্ঠান, সংগীতানুষ্ঠান বা আন কোনো কাৰ্যসূচী আয়োজন কৰা হয়, তেন্তে সেই বিষয়ে আগতীয়াকৈ আৰক্ষীক অৱগত কৰিব লাগিব। একেদৰে পূজা মণ্ডপ নিৰ্মাণৰ সময়ত কোনো ৰাজহুৱা ৰাস্তা, পদপথ বা বাইলেন বন্ধ কৰি ৰখা বা সাধাৰণ জনতাৰ চলাচলত বাধা সৃষ্টি কৰিব নোৱাৰিব।

প্লাষ্টিক আৰু থাৰ্মকল ব্যৱহাৰত নিষেধাজ্ঞা

মূৰ্তি নিৰ্মাণৰ ক্ষেত্ৰতো বিশেষ নিৰ্দেশনা দিয়া হৈছে। প্লাষ্টিক, থাৰ্মকল বা পলিথিন ব্যৱহাৰ কৰি মূৰ্তি নিৰ্মাণ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। পূজা মণ্ডপত পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰাৰ লগতে ভক্ত আৰু দৰ্শনাৰ্থীৰ বাবে খোৱা পানীৰ ব্যৱস্থাও ৰাখিব লাগিব।

২৪ ঘণ্টাই চলিব লাগিব CCTV

নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিটো পূজা মণ্ডপত CCTV কেমেৰা স্থাপন কৰিব লাগিব আৰু সেই কেমেৰা ২৪ ঘণ্টাই সক্ৰিয় কৰি ৰাখিব লাগিব। পূজা কমিটিয়ে মণ্ডপৰ নিৰাপত্তাৰ দায়িত্বত থকা স্বেচ্ছাসেৱকসকলৰ নাম আৰু ফোন নম্বৰ স্থানীয় থানাত জমা দিব লাগিব। ইয়াৰ লগতে মণ্ডপৰ সন্মুখত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ জৰুৰীকালীন ফোন নম্বৰ উল্লেখ থকা বেনাৰ আঁৰি থ’ব লাগিব।

DJ সম্পূৰ্ণ নিষিদ্ধ, মাইকৰ শব্দৰ ক্ষেত্ৰতো নিয়ম

দুৰ্গাপূজাৰ সময়ত DJ বজোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। আনহাতে, মাইক ব্যৱহাৰ কৰিলেও শব্দৰ মাত্ৰা ৬০ ডেচিবেলৰ ওপৰলৈ নিব নোৱাৰিব। অতি উচ্চ শব্দত মাইক বা লাউডস্পীকাৰ ব্যৱহাৰ কৰি যাতে সাধাৰণ জনতা, বৃদ্ধ, শিশু আৰু অসুস্থ লোকৰ অসুবিধা নহয়, তাৰ বাবেই এই নিৰ্দেশনা জাৰি কৰা হৈছে।

মণ্ডপৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ দায়িত্ব পূজা কমিটিৰ

পূজা মণ্ডপ আৰু ইয়াৰ চৌহদৰ আৱৰ্জনা পূজা কমিটিয়ে নিজেই পৰিষ্কাৰ কৰিব লাগিব। ইয়াৰ বাবে মণ্ডপত পৰ্যাপ্ত সংখ্যক ডাষ্টবিন ৰখাৰ নিৰ্দেশ দিয়া হৈছে। লগতে যিকোনো জৰুৰী পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ মণ্ডপত Emergency Exit Gateৰ ব্যৱস্থা থাকিব লাগিব।

বিসৰ্জনৰ সময়তো থাকিব বিশেষ সতৰ্কতা

দেৱী প্ৰতিমা বিসৰ্জনৰ সময়ত প্ৰতিমাৰ সৈতে প্লাষ্টিক, কাপোৰ বা অন্যান্য নিষিদ্ধ সামগ্ৰী নদীত পেলাব নোৱাৰিব। পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি বিসৰ্জনৰ সময়ত এই নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব।

মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত পাৰ্কিং নিষিদ্ধ

যান-জঁট নিয়ন্ত্ৰণৰ বাবেও প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। প্ৰতিটো পূজা মণ্ডপৰ ১০০ মিটাৰৰ ভিতৰত কোনো ধৰণৰ গাড়ী পাৰ্কিং কৰিব নোৱাৰিব। পূজা মণ্ডপৰ ভিতৰ আৰু সমীপৱৰ্তী অঞ্চলত ‘No Tobacco’ আৰু ‘No Alcohol’ৰ বেনাৰ আঁৰি থ’ব লাগিব। মণ্ডপত সুৰা বা গুটখা সেৱনো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।

মণ্ডপৰ আকাৰ অনুসৰি ভক্তৰ প্ৰৱেশ

পূজা মণ্ডপৰ আকাৰ আৰু পৰিসৰৰ ওপৰত ভিত্তি কৰি ভক্ত তথা দৰ্শনাৰ্থীৰ প্ৰৱেশৰ ব্যৱস্থা কৰিব লাগিব। অতিৰিক্ত ভিৰ যাতে সৃষ্টি নহয় আৰু কোনো ধৰণৰ পদপিষ্টৰ দৰে পৰিস্থিতি নঘটে, তাৰ বাবে পূজা কমিটিসমূহে এই নিয়ম মানি চলিব লাগিব। ইয়াৰ উপৰি পূজা মণ্ডপৰ সমীপত কোনো ধৰণৰ ফটকা ফুটাব নোৱাৰিব।

দাবী কৰি বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব

পূজা আয়োজনৰ নামত কোনো ব্যক্তি বা প্ৰতিষ্ঠানৰ পৰা দাবী কৰি বৰঙণি সংগ্ৰহ কৰিব নোৱাৰিব পূজা কমিটিয়ে। পূজাৰ নামত জোৰ-জবৰদস্তি বা দাবী কৰি ধন সংগ্ৰহ কৰাটো SOP অনুসৰি নিষিদ্ধ কৰা হৈছে।

সামগ্ৰিকভাৱে, সুৰক্ষা, যান-বাহন নিয়ন্ত্ৰণ, শব্দ প্ৰদূষণ, পৰিৱেশ সুৰক্ষা আৰু আইন-শৃংখলা বজাই ৰখাৰ ওপৰত গুৰুত্ব দি কামৰূপ মহানগৰ প্ৰশাসনে এই SOP প্ৰস্তুত কৰিছে। সেয়ে এইবাৰ দুৰ্গাপূজা আয়োজন কৰা প্ৰতিখন কমিটিয়ে প্ৰশাসনৰ নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি চলিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24durga puja
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ
জীৱনশৈলী

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

October 2, 2026
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই
অসম

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
Next Post
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.