কাছাৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। শিলচৰ-ইম্ফল ৰাষ্ট্ৰীয় ঘাইপথৰ কাছাৰ জিলাৰ জুজাং পাহাৰত তীব্ৰবেগী টেংকাৰৰ খুন্দাত এগৰাকী ৭ মাহৰ গৰ্ভৱতী মহিলাৰ কৰুণ মৃত্যু ঘটে। দুৰ্ঘটনাটোৰ পিছতে সমগ্ৰ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
জানিব পৰা মতে, মেৰী লালহ্লিমপুই নামৰ ৭ মাহৰ অন্তঃসত্বা মহিলাগৰাকী স্কুটাৰেৰে ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ লোৱাৰ সময়তে এখন তীব্ৰবেগী টেংকাৰে তেওঁক খুন্দা মাৰে। টেংকাৰখনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ মহিলাগৰাকীৰ ঘটনাস্থলীতে মৃত্যু হয়।
আনহাতে, দুৰ্ঘটনা সংঘটিত কৰাৰ পিছতে টেংকাৰখনৰ চালকে বাহনসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলটোত ব্যাপক ক্ষোভৰ সৃষ্টি কৰে।
ঘটনাৰ পিছতে স্থানীয় ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ফলত পথটোত যান-বাহনৰ চলাচল ব্যাহত হৈ পৰে আৰু পৰিস্থিতি উত্তপ্ত হৈ উঠে।
খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰাৰ লগতে উত্তেজিত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে। ঘটনাটোৰ সৈতে জড়িত পলায়ন কৰা টেংকাৰখন আৰু চালকজনৰ সন্ধানত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
গৰ্ভৱতী মহিলাৰ এনে কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে। স্থানীয় ৰাইজে দুৰ্ঘটনাটোৰ উচিত তদন্তৰ লগতে পলায়ন কৰা চালকজনক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনাইছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















