শনিবাৰে যন্তৰ মন্তৰত চিজেপিৰ প্ৰস্তাৱিত প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নতুন দিল্লী জিলাত ২৪ ঘণ্টাৰ বাবে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ থাকিব। দিল্লী আৰক্ষীৰ বিশেষ কোষে (মুখ্য কাৰ্যালয়) জনপথ-কাৰ্তব্য পথৰ পৰা চাৰি কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে।
শুকুৰবাৰে নিশা ১০ বজাৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশ
এই নিৰ্দেশ অনুসৰি শুকুৰবাৰে নিশা ১০ বজাৰ পৰা শনিবাৰে নিশা ১০ বজালৈ মোবাইল ইণ্টাৰনেট সেৱাৰ ওপৰত নিষেধাজ্ঞা কাৰ্যকৰী হ’ব। এই সময়ছোৱাত নিৰ্দিষ্ট এলেকাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ হৈ থাকিব।
টেলিকম কোম্পানীলৈ প্ৰেৰণ পত্ৰ
এই সন্দৰ্ভত এয়াৰটেল, ভোডাফোন-আইডিয়া, জিঅ’, আৰু এমটিএনএললৈ পত্ৰ প্ৰেৰণ কৰিছে আৰক্ষী আয়ুক্ত মণিষী চন্দ্ৰই। পত্ৰখনত উল্লেখ আছে যে গৃহ মন্ত্ৰালয়ৰ অনুমতি সাপেক্ষে মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।
শনিবাৰে যন্তৰ মন্তৰত অনুষ্ঠিত হ’বলগীয়া বিক্ষোভৰ প্ৰতি লক্ষ্য ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















