• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

2 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

51 minutes ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

2 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

3 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

4 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

4 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

5 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

6 hours ago
এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

এক্সন মুডত দিল্লী আৰক্ষী, বিমানৰ ভিতৰৰ পৰা আটক অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকাক

7 hours ago
Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

Shardiya Navratri 2026 : নৱৰাত্ৰিৰ ৯ দিনত পিন্ধক এইকেইটা ৰঙৰ কাপোৰ, জিলিকিব আপোনাৰ ভাগ্য!

8 hours ago
ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

ইউটিউবাৰ ধ্ৰুৱ ৰাথীক আটক কৰিলে আৰক্ষীয়ে, যন্তৰ মন্তৰত প্ৰতিবাদৰ পূৰ্বে গুৰুগ্ৰাম গৃহৰ পৰা কৰে আটক

8 hours ago
Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

Amitabh-Rekha: অমিতাভৰ ওচৰ পালে বুকু কঁপি উঠে ৰেখাৰ! এয়া ভয় নে অন্য কিবা?

9 hours ago
বৈবাহিক জীৱনত সুখী নহয় নেকি? জানক আঁৰৰ কাৰণ

পত্নীৰ পৰা অসুখী? এইকেইবিধ খাদ্যই জাগৃত কৰিব কামনা!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীৰ কষ্ট দেখি গলিল স্বত্বাধিকাৰীৰ  হৃদয়!

editor by editor
October 10, 2026
in বাণিজ্য, বিবিধ, বিশ্ব, লেখা
0
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন
0
SHARES
175
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কৰ্মচাৰীৰ প্ৰতি এগৰাকী মালিকনীৰ মৰম আৰু উদাৰতাৰ এক সুন্দৰ উদাহৰণ পোহৰলৈ আহিছে। শীতৰ প্ৰচণ্ড ঠাণ্ডাত ইলেক্ট্ৰিক স্কুটাৰেৰে কৰ্মস্থলীলৈ অহা-যোৱা কৰি কষ্ট কৰা কৰ্মচাৰীসকলৰ কথা চিন্তা কৰি নিজৰ প্ৰতিষ্ঠানৰ শীৰ্ষ প্ৰদৰ্শনকাৰী কৰ্মচাৰীক নতুন বাহন উপহাৰ দিছে। বাহনো পিছে এলা-পেচা নহয়, উপহাৰ দিছে একেবাৰে নতুন BMW বিলাসী বাহন। এই ব্যতিক্ৰমী উপহাৰৰ বাবে ছ’চিয়েল মিডিয়াত ব্যাপক প্ৰশংসা লাভ কৰিছে চীনৰ হেনান প্ৰদেশৰ বিফ হটপট ৰেষ্টুৰেণ্ট চেইনৰ স্বত্বাধিকাৰী মা য়ানলীয়ে।

ছাউথ চাইনা মৰ্নিং পোষ্ট (SCMP)-ৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ ছেপ্টেম্বৰত কৰ্মচাৰীসকলক এই বিশেষ উপহাৰ প্ৰদান কৰা হয়। উপহাৰ দিয়া প্ৰতিখন BMW গাড়ীৰ মূল্য আছিল প্ৰায় ৩ লাখ চীনা ইউয়ান, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৪৩ লাখ টকাৰ সমান। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, মা য়ানলীয়ে নিজৰ ধনেৰে গাড়ীকেইখন ক্ৰয় কৰি কোনো চৰ্ত, বণ্ড বা চুক্তি নোহোৱাকৈ পোনপটীয়াকৈ কৰ্মচাৰীসকলৰ নামত পঞ্জীয়ন কৰি দিছিল।

মা য়ানলীয়ে কৰ্মচাৰীসকলক BMW গাড়ী উপহাৰ দিয়াৰ চিন্তাটো কৰিছিল যোৱা শীতকালত। বিগত আঠ বছৰ ধৰি ৰেষ্টুৰেণ্টখনত কাম কৰি অহা লি জি নামৰ এগৰাকী কৰ্মচাৰীয়ে প্ৰতিদিনে পুৱা ইলেক্ট্ৰিক স্কুটাৰেৰে কৰ্মস্থলীলৈ অহা-যোৱা কৰিছিল। এদিন পুৱাই প্ৰচণ্ড ঠাণ্ডাৰ মাজেৰে স্কুটাৰ চলাই ৰেষ্টুৰেণ্টত উপস্থিত হৈছিল লি জি। বৰফৰ দৰে ঠাণ্ডা বতাহৰ বাবে তেওঁৰ মুখখন ৰঙা পৰি গৈছিল, কাণ দুখন নীলা হৈ পৰিছিল আৰু হাত দুখন ঠাণ্ডাত অজ্ঞান হোৱাৰ দৰে হৈছিল।

কৰ্মচাৰীৰ এনে অৱস্থা দেখি মা য়ানলীৰ মনত গভীৰ প্ৰভাৱ পৰে। দীৰ্ঘদিন ধৰি নিষ্ঠাৰে কাম কৰি অহা কৰ্মচাৰীসকলে প্ৰতিদিনে এনে কষ্টৰ মাজেৰে কৰ্মস্থলীলৈ আহিবলগীয়া হোৱাটো তেওঁ অনুভৱ কৰে। তাৰ পিছতেই কৰ্মচাৰীসকলৰ যাতায়াতৰ কষ্ট কমোৱাৰ লগতে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ গাড়ী উপহাৰ দিয়াৰ পৰিকল্পনা কৰে।

এই উপহাৰ লাভ কৰি স্বাভাৱিকতেই আনন্দত আত্মহাৰা হৈ পৰে কৰ্মচাৰী লি জি। তেওঁ কয় যে ইমান ডাঙৰ উপহাৰ লাভ কৰিব বুলি তেওঁ কেতিয়াও সপোনতো ভবা নাছিল। লি জিৰ ভাষ্য অনুসৰি, স্বত্বাধিকাৰীয়ে তেওঁক গাড়ী দিব বুলি আগতীয়াকৈ একো কোৱা নাছিল। বৰঞ্চ তেওঁক কেৱল এটা ‘ডাঙৰ খেলনা’ উপহাৰ দিয়াৰ কথা কৈ শ্ব’ৰুমলৈ লৈ গৈছিল। কিন্তু শ্ব’ৰুমত উপস্থিত হোৱাৰ পিছতহে লি জিয়ে প্ৰকৃত আচৰিত উপহাৰটোৰ বিষয়ে জানিব পাৰে। তাত তেওঁৰ নামত এখন ধুনীয়া বগা ৰঙৰ বিএমডব্লিউ গাড়ী পঞ্জীয়ন কৰা হৈছিল। গাড়ীখন লাভ কৰিবলৈ তেওঁ এটকাও খৰচ কৰিবলগীয়া নহ’ল।

লি জিৰ উপৰি আন এগৰাকী মহিলা কৰ্মচাৰী লিউ ইংইঙেও এখন ধূসৰ ৰঙৰ বিএমডব্লিউ গাড়ী উপহাৰ হিচাপে লাভ কৰে। লিউৱে কয় যে তেওঁৰ মালিকে তেওঁৰ কামৰ প্ৰতি থকা নিষ্ঠা আৰু উন্নত প্ৰদৰ্শনৰ কথা স্বীকাৰ কৰি গাড়ীখন উপহাৰ দিছিল। মালিকৰ মতে, তেওঁ এই উপহাৰৰ সম্পূৰ্ণ যোগ্য।

মা য়ানলীয়ে কেৱল গাড়ী উপহাৰ দিয়াৰ ক্ষেত্ৰতেই নহয়, কৰ্মচাৰীসকলৰ সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব দিয়ে। প্ৰায় ২০ বছৰ ধৰি কেটাৰিং উদ্যোগৰ সৈতে জড়িত হৈ থকা তেওঁ চীনৰ পৰম্পৰাগত উৎসৱসমূহৰ সময়তো কৰ্মচাৰীসকলক দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰী আৰু নগদ ধন উপহাৰ হিচাপে প্ৰদান কৰে।

চীনত কৰ্মচাৰীৰ প্ৰতি উদাৰ মনোভাৱৰ বাবে চৰ্চিত আন এজন ব্যৱসায়ী হৈছে হেনান কুৱাংছান ক্ৰেন কোম্পানীৰ অধ্যক্ষ কুই পেইজুন। প্ৰতিবেদন অনুসৰি, যোৱা বসন্ত উৎসৱৰ পূৰ্বে তেওঁ নিজৰ কোম্পানীৰ কৰ্মচাৰীসকলক ১৮ কোটি ইউয়ানৰ বোনাছ বিতৰণ কৰিছিল। ভাৰতীয় মুদ্ৰাত এই ধনৰ পৰিমাণ প্ৰায় ২১২ কোটি টকা। এই বোনাছৰ পৰিমাণ কোম্পানীটোৰ আগৰ বছৰৰ মুঠ লাভৰ প্ৰায় দুই-তৃতীয়াংশ আছিল বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰি, মহিলা দিৱসত কোম্পানীটোৰ প্ৰতিগৰাকী মহিলা কৰ্মচাৰীক ৮০০ ইউয়ানকৈ প্ৰদান কৰা হয়। আনহাতে, গ্ৰাম্য শ্ৰমিকসকলক শস্য চপোৱাৰ সময়ত সহায়ৰ বাবে বছৰি ১,০০০ ইউয়ানকৈ দিয়া হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24BMWchina
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ
বিবিধ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

October 10, 2026
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা
বিনোদন

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

October 10, 2026
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা
বাণিজ্য

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

October 10, 2026
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম
বিনোদন

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

October 10, 2026
Next Post
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.