ছ’চিয়েল মিডিয়াৰ প্ৰভাৱশালী ধ্ৰুৱ ৰাথীক দিল্লী আৰক্ষীয়ে গুৰুগ্ৰামৰ ঘৰৰ পৰা আটক কৰি ৰাখিছে। খবৰ অনুসৰি, পুৱা প্ৰায় ৭:৪৮ বজাত কেন্দ্ৰীয় বিহাৰৰ ছেক্টৰ ৫৬ত থকা তেওঁৰ বাসগৃহত উপস্থিত হয় দিল্লী আৰক্ষীৰ এটা দল। খবৰ অনুসৰি ধ্ৰুৱ ৰাথীৰ মাতৃয়ে দুৱাৰখন খুলি দিয়াৰ লগে লগে আৰক্ষীয়ে ঘৰত প্ৰৱেশ কৰে। সূত্ৰ অনুসৰি যোৱা নিশাৰ পৰাই তেওঁৰ ঘৰৰ বাহিৰত ৫০ জনীয়া আৰক্ষীৰ এটা দল উপস্থিত আছিল। ইয়াৰ পিছতে আৰক্ষীয়ে ধ্ৰুৱ ৰাথীক নিজৰ জিম্মাত লৈ যায়। অৱশ্যে তেওঁক আটক কৰা গোচৰটোৰ সন্দৰ্ভত আনুষ্ঠানিক নিশ্চিতকৰণ আৰু সবিশেষ এতিয়াও প্ৰকাশ কৰা হোৱা নাই।
অৱশ্যে চিজেপিৰ এক্স হেণ্ডেলত দিয়া এটা পোষ্ট অনুসৰি পুৱা প্ৰায় ৮ বজাত সাধাৰণ কাপোৰ পিন্ধা প্ৰায় ৫০ জন আৰক্ষীয়ে গুৰুগ্ৰামৰ ধ্ৰুৱ ৰাথীৰ ঘৰত উপস্থিত হৈ তেওঁক জিম্মাত লৈ যায়।
ধ্ৰুৱ ৰাথী কোন?
ধ্ৰুৱ ৰাথীএজন ভাৰতীয় ইউটিউবাৰ, ভিডিঅ’ সৃষ্টিকৰ্তা, আৰু ছ’চিয়েল মিডিয়াৰ ব্যক্তিত্ব। ১৯৯৪ চনৰ ৮ অক্টোবৰত হাৰিয়ানাৰ ৰোহটকত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ বিষয়বস্তুত ৰাজনীতিৰ পৰা আৰম্ভ কৰি সামাজিক বিষয়, পৰিৱেশ, অৰ্থনীতি, সাম্প্ৰতিক পৰিস্থিতি আদি বিষয়সমূহ সামৰি লোৱা হৈছে। বিশেষকৈ তেওঁৰ ভিডিঅ’ৰ বাবে পৰিচিত য’ত তেওঁ ডাটা, উদাহৰণ, ভিজুৱেলৰ জৰিয়তে এটা বিষয় বুজাবলৈ চেষ্টা কৰে। হাৰিয়ানাত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি তাৰ পিছত উচ্চ শিক্ষাৰ বাবে জাৰ্মানীলৈ যায়। জাৰ্মানীৰ কাৰ্লছ্ৰুহে ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী আৰু নবীকৰণযোগ্য শক্তি অভিযান্ত্ৰিকীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁৰ অভিযান্ত্ৰিক পটভূমি তেওঁৰ প্ৰাৰম্ভিক বিষয়বস্তুত প্ৰতিফলিত হৈছিল, য’ত প্ৰযুক্তি আৰু পৰিৱেশৰ দৰে বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
ইউটিউবত তেওঁ ভ্ৰমণৰ ভিলগৰ জৰিয়তে আৰম্ভ কৰিছিল। পিছলৈ তেওঁৰ বিষয়বস্তু ক্ৰমান্বয়ে সামাজিক আৰু ৰাজনৈতিক বিষয়লৈ স্থানান্তৰিত হয়। আল-জাজিৰাৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰে যে তেওঁৰ প্ৰথম ভিডিঅ’টো আছিল ট্ৰেভেল ভিলগ, যিটো আইফোন ৫এছৰ সহায়ত শ্বুট কৰা হৈছে। খবৰ অনুসৰি ২০১৩ চনৰ আশে-পাশে তেওঁ ভিডিঅ’ নিৰ্মাণ আৰম্ভ কৰিছিল আৰু প্ৰথম অৱস্থাত প্ৰযুক্তি আৰু পৰিৱেশ সম্পৰ্কীয় বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। পিছলৈ ৰাজনৈতিক আৰু সামাজিক বিষয়বোৰ তেওঁৰ চেনেলৰ এটা প্ৰধান অংগ হৈ পৰিল।
বাহাদুৰগড়ত আৰক্ষীৰ সতৰ্কতা, দিল্লীলৈ যোৱা পথত অৱৰোধ
দিল্লীত চিজেপিৰ প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত বাহাদুৰগড়ৰ আৰক্ষী হাই এলাৰ্টত। দিল্লীলৈ যোৱা পথ অৱৰোধ কৰি যান-বাহনৰ তালাচী আৰম্ভ কৰিছে। দিল্লীলৈ যোৱা লোকসকলক সোধা-পোছা কৰিছে আৰক্ষীয়ে। সন্দেহজনক বাহন আৰু বাছসমূহো পৰীক্ষা কৰা হৈছে। নিৰাপত্তা সুদৃঢ় কৰাৰ বাবে চেকপইণ্টত চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে। টিকৰি সীমান্ত, ঝাৰোডা সীমান্ত, ইউ ই আৰ, ৰোহাদ টোল প্লাজা, আৰু কানোদাৰ পৰা দিল্লীলৈ যোৱা পথত আৰক্ষীয়ে চেকপইণ্ট স্থাপন কৰিছে। আৰক্ষীৰ মতে, আইন-শৃংখলা বজাই ৰাখিবলৈ এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















