উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌত ব্যৱসায়ী শিৱ শৰ্মাৰ সন্দেহজনক মৃত্যুৰ ঘটনাই নতুন মোৰ লৈছে। এই ঘটনাৰ পিছৰে পৰা পলাতক হৈ থকা তেওঁৰ প্ৰেমিকা শ্ৰদ্ধা ডুবেক লৈ প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিছে। আৰক্ষীৰ তদন্তত শ্ৰদ্ধাৰ বিলাসী জীৱনশৈলী, ধনী আৰু প্ৰভাৱশালী লোকৰ সৈতে সম্পৰ্ক তথা তেওঁৰ বিপুল খৰচৰ বিষয়ে বিভিন্ন তথ্য পোহৰলৈ অহা বুলি জানিব পৰা গৈছে। তদন্ত অনুসৰি শ্ৰদ্ধাৰ সৈতে লিভ ইনত আছিল লক্ষ্ণৌৰ প্ৰতিষ্ঠিত ব্যৱসায়ী শিৱ শৰ্মা।
শ্ৰদ্ধাৰ এপাৰ্টমেণ্টত কি কি উদ্ধাৰ হৈছে?
আৰক্ষীৰ সূত্ৰ অনুসৰি, শ্ৰদ্ধাৰ এপাৰ্টমেণ্টত তালাচী চলোৱাৰ সময়ত বহুতো সামগ্ৰী উদ্ধাৰ কৰা হয়। ইয়াৰ ভিতৰত আছিল দামী সুৰাৰ বটল, বিদেশী চিগাৰেটৰ পেকেট, দুটা প্ৰাপ্তবয়স্কই ব্যৱহাৰ কৰা খেলনা আৰু অন্যান্য সামগ্ৰী। আৰক্ষীয়ে এই সামগ্ৰীসমূহ জব্দ কৰি ফৰেনছিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীৰ মতে, প্ৰায় চাৰি বছৰ আগলৈকে শ্ৰদ্ধাই সাধাৰণ জীৱন যাপন কৰিছিল। কিন্তু তাৰ পিছত তেওঁৰ জীৱনশৈলীত বৃহৎ পৰিৱৰ্তন আহে। তেওঁ ধনী আৰু প্ৰভাৱশালী লোকৰ সৈতে উঠা-বহা কৰিবলৈ আৰম্ভ কৰে। আনকি দিল্লী আৰু মুম্বাইৰ দৰে মহানগৰৰ পাঁচ তাৰকাযুক্ত হোটেলতো সঘনাই থকা বুলি অভিযোগ উত্থাপন হৈছে।
পঞ্চতাৰকাযুক্ত হোটেলত বিলাসী জীৱন
শ্ৰদ্ধা ডুবেৰ কেইবাখনো ফটো পোহৰলৈ আহিছে। এই ফটোসমূহত তেওঁক বিলাসী হোটেলত থকা দেখা গৈছে। ইয়াৰে কিছুমান ফটো তেওঁ নিজৰ ছচিয়েল মিডিয়া একাউণ্টতো পোষ্ট কৰা বুলি জানিব পৰা গৈছে। প্ৰতিবেদন অনুসৰি, শেহতীয়াকৈ শ্ৰদ্ধাই মুম্বাইৰ নৰিমান পইণ্টত অৱস্থিত দ্য অবেৰয় হোটেলত আছিল। সেই সময়ত তেওঁৰ সৈতে এগৰাকী বিজেপি নেত্ৰীও থকা বুলি খবৰ প্ৰকাশ পাইছে। অৱশ্যে, এই নেত্ৰীগৰাকীৰ পৰিচয় আৰক্ষীয়ে এতিয়ালৈকে ৰাজহুৱা কৰা নাই।
প্ৰভাৱশালী নেতাৰে সম্পৰ্কৰ দাবী
লক্ষ্ণৌৰ হজৰতগঞ্জ আৰক্ষী থানাৰ সূত্ৰৰ উদ্ধৃতি দি প্ৰকাশিত খবৰ অনুসৰি, শ্ৰদ্ধাৰ মোবাইল ফোনত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাগৰাকীও বিশিষ্ট নেতাৰ সৈতে থকা ফটো পোৱা গৈছিল। অভিযোগ অনুসৰি, এই ফটোসমূহ দেখুৱাই তেওঁ আৰক্ষীৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিবলৈ চেষ্টা কৰিছিল। আনকি এবাৰ এগৰাকী প্ৰভাৱশালী বিজেপি নেত্ৰী আৰক্ষী থানাত উপস্থিত হৈ শ্ৰদ্ধাৰ হৈ অনুৰোধ জনোৱা বুলিও খবৰ প্ৰকাশ পাইছে। সেই সময়ত নেত্ৰীগৰাকীয়ে শ্ৰদ্ধাক নিজৰ ভতিজী বুলি পৰিচয় দিয়া বুলি আৰক্ষীৰ সূত্ৰৰ উদ্ধৃতিৰে দাবী কৰা হৈছে। অৱশ্যে, এই অভিযোগসমূহৰ সত্যতা আৰক্ষীৰ তদন্তৰ জৰিয়তেহে নিশ্চিত হ’ব।
শিৱ শৰ্মাৰ মৃ*ত্যুৰ পিছৰে পৰা পলাতক শ্ৰদ্ধা
ব্যৱসায়ী শিৱ শৰ্মাৰ সন্দেহজনক মৃ*ত্যুৰ পিছৰে পৰা শ্ৰদ্ধা ডুবে পলাতক হৈ আছে। প্ৰকাশিত খবৰ অনুসৰি, শিৱৰ মৃ*ত্যুৰ পিছত তেওঁ আন এজন প্ৰেমিকৰ সৈতে পলাই যায় বুলি সন্দেহ কৰা হৈছে। আৰক্ষীৰ সূত্ৰৰ মতে, CCTVত শিৱক বেলকনিৰ পৰা তললৈ পৰি যোৱা অৱস্থাত দেখা গৈছিল। অৱশ্যে, তেওঁৰ মৃ*ত্যুৰ প্ৰকৃত কাৰণ আৰু ঘটনাটোৰ আঁৰত কোনো অপৰাধমূলক ষড়যন্ত্ৰ আছিল নেকি, সেয়া তদন্তৰ পিছতহে স্পষ্ট হ’ব। আৰক্ষীৰ তথ্য অনুসৰি, ২০২২ চনত শ্ৰদ্ধাই নিজৰ কনিষ্ঠ ভগ্নী ৰশ্মীৰ সৈতে এটা সৰু চাকৰিৰ সন্ধানত লক্ষ্ণৌলৈ আহিছিল। সেই সময়ছোৱাতে তেওঁ কেইজনমান লোকৰ সংস্পৰ্শলৈ আহে। তাৰ পিছৰে পৰা তেওঁৰ জীৱনশৈলীত হঠাৎ পৰিৱৰ্তন অহা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।
লাখ লাখ টকাৰ খৰচ, ধনৰ উৎস বিচাৰি তদন্ত
আৰক্ষীৰ সূত্ৰ অনুসৰি, শ্ৰদ্ধাৰ জীৱনশৈলী আৰু ভ্ৰমণৰ বাবদ প্ৰতিমাহে লাখ লাখ টকা খৰচ হৈছিল। কিন্তু তেওঁৰ উপাৰ্জনৰ পৰিমাণৰ সৈতে এই বিপুল খৰচৰ সামঞ্জস্য আছেনে, তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সেইবাবেই আৰক্ষীয়ে তেওঁৰ ধনৰ উৎস বিচাৰি তদন্ত চলাইছে। শ্ৰদ্ধাৰ সৈতে নিয়মীয়াকৈ যোগাযোগ ৰখা লোকসকলৰ বিষয়েও তথ্য সংগ্ৰহ কৰা হৈছে। তেওঁৰ ঘৰলৈ সঘনাই অহা-যোৱা কৰা লোকসকলৰ পৰিচয় আৰু তেওঁলোকৰ সৈতে থকা সম্পৰ্কৰ বিষয়েও তদন্ত চলি আছে। এতিয়া আৰক্ষীৰ তদন্তত কেইবাটাও প্ৰশ্নৰ উত্তৰ বিচাৰি থকা হৈছে—শ্ৰদ্ধাৰ বিলাসী জীৱনৰ আঁৰত কোন আছিল, তেওঁৰ বিপুল খৰচৰ ধন ক’ৰ পৰা আহিছিল আৰু ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ সৈতে এই ঘটনাসমূহৰ কোনো সম্পৰ্ক আছে নেকি? তদন্ত আগবঢ়াৰ লগে লগে এই প্ৰশ্নসমূহৰ উত্তৰ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















