এগৰাকী বিজেপি নেতাৰ ফাৰ্ম হাউছত সংঘটিত হৈছে ভয়ংকৰ ডকাইতি কাণ্ড। নেতাগৰাকী থকা অৱস্থাতে তেওঁৰ ফাৰ্ম হাউছটোত দুটা ডকাইতে প্ৰৱেশ কৰি ব*ন্দুক দেখুৱাই নেতাগৰাকীক হাত-ভৰি বান্ধি লুটপাত চলায়। ডকাইত দুটাই দুডালকৈ সোণৰ চেইনসহ ১৫ লাখ টকা লৈ উধাও হয়। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ কাণপুৰত। উত্তৰপ্ৰদেশৰ বিজেপি নেতা ৰমেশ সিং যাদৱ ফাৰ্ম হাউছত সংঘটিত হৈছে এই ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, কানপুৰৰ সেন পশ্চিমপাৰা অঞ্চলত বিজেপি নেতা ৰমেশ সিং যাদৱৰ এটা ফাৰ্ম হাউছ আছে। সোমবাৰে নিশা লক্ষ্ণৌৰ পৰা উভতি আহি তেওঁ নিজৰ ফাৰ্ম হাউছত আছিল। সেই সময়তে দুজন মুখা পিন্ধা দুৰ্বৃত্তই ফাৰ্ম হাউছত প্ৰৱেশ কৰে। ব*ন্দুক দেখুৱাই তেওঁক পণবন্দী কৰি ৰখাৰ পিছত নগদ ধন আৰু ডিঙিত পিন্ধি থকা দুটা সোণৰ চেইন লুটি লৈ যায়। অৱশ্যে, কোনো মতে দুৰ্বৃত্তৰ কবলৰ পৰা ওলাই আহিবলৈ সক্ষম হয় ৰমেশ সিং যাদৱ। তাৰ পিছতে তেওঁ আৰক্ষীক ঘটনা সন্দৰ্ভত অৱগত কৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে আৰক্ষীৰ কেইবাজনো জ্যেষ্ঠ বিষয়া ফাৰ্ম হাউছত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত মুঠ ১৪জন লোকক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে। আটক কৰা লোকসকলৰ ভিতৰত বিজেপি নেতাজনৰ চাৰিজন নিৰাপত্তাৰক্ষী, চাৰিজন দেহৰক্ষী, এজন চালক আৰু এজন কৰ্মচাৰীও আছে। বাকী লোকসকলকো সন্দেহৰ ভিত্তিত জেৰা কৰা হৈছে। আৰক্ষীৰ সন্দেহ, এই ডকাইতিৰ ঘটনাত নেতাজনৰ পৰিচিত কোনো লোক জড়িত থাকিব পাৰে। কিয়নো, ফাৰ্ম হাউছত বৃহৎ পৰিমাণৰ নগদ ধন মজুত থকাৰ কথা দুৰ্বৃত্তই আগতীয়াকৈ জানিছিল নেকি, সেই দিশটোও তদন্ত কৰি থকা হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















