ৰাজ্য চৰকাৰৰ বৃহৎ সিদ্ধান্ত। গুটখা, পান মছলাকে ধৰি ধঁপাত আৰু নিকোটিনযুক্ত সকলো খাদ্য সামগ্ৰীৰ উৎপাদন, সংৰক্ষণ, বিতৰণ আৰু বিক্ৰীত এবছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰিছে। আজি এই সন্দৰ্ভত জাৰি কৰা হয় এক নিৰ্দেশনা। এই নিৰ্দেনা অনুসৰি, ধঁপাত আৰু নিকোটিনযুক্ত খাদ্য সামগ্ৰী প্ৰস্তুত কৰা, মজুত ৰখা, বিতৰণ কৰা বা বিক্ৰীৰ ক্ষেত্ৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ধঁপাত আৰু নিকোটিন সেৱনৰ ফলত মানুহৰ স্বাস্থ্যৰ ওপৰত পৰা বিৰূপ প্ৰভাৱৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে। এই নিৰ্দেশনা জাৰি কৰিছে উত্তৰাখণ্ড চৰকাৰে। এই নিৰ্দেশনা অনুষ্ঠানিকভাৱে জাৰি কৰে ৰাজ্যখনৰ খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেই।
গুটখা আৰু পান মছলাৰ দৰে ধঁপাতযুক্ত সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰাৰ লক্ষ্যৰে উত্তৰাখণ্ড চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। চৰকাৰৰ নিৰ্দেশত স্পষ্টকৈ কোৱা হৈছে যে ৰাজ্যখনৰ কোনো স্থানতে এই সামগ্ৰীসমূহ প্ৰস্তুত, সংৰক্ষণ বা বিক্ৰী কৰিব নোৱাৰিব।
এই নিষেধাজ্ঞা উলংঘা কৰি কোনো ব্যক্তি বা প্ৰতিষ্ঠানে এনে সামগ্ৰীৰ ব্যৱসায় চলালে কঠোৰ আইনী ব্যৱস্থাৰ সন্মুখীন হ’ব লাগিব। নিষেধাজ্ঞা কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ শিথিলতা প্ৰদৰ্শন কৰা নহ’ব বুলিও নিৰ্দেশনাটোত স্পষ্ট কৰা হৈছে।
খাদ্য সুৰক্ষা আৰু ঔষধ প্ৰশাসনৰ আয়ুক্ত বিনয় শংকৰ পাণ্ডেই এই নিৰ্দেশ ৰাজ্যখনৰ সকলো জিলাৰ জিলা দণ্ডাধীশলৈ প্ৰেৰণ কৰিছে। নিষেধাজ্ঞা যাতে শীঘ্ৰে কাৰ্যকৰী হয়, তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়া হৈছে। ইয়াৰ উপৰি, নিৰ্দেশনাটোৰ প্ৰতিলিপি চিকিৎসা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মুখ্য সচিবলৈও প্ৰেৰণ কৰা হৈছে।
ধঁপাত আৰু নিকোটিনযুক্ত সামগ্ৰীৰ সেৱনে মানুহৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ এনে সামগ্ৰীৰ নিয়মীয়া ব্যৱহাৰে বিভিন্ন গুৰুতৰ ৰোগৰ আশংকা বৃদ্ধি কৰে। সেয়েহে জনসাধাৰণক এই বিপদৰ পৰা ৰক্ষা কৰা আৰু ধঁপাতৰ ব্যৱহাৰ হ্ৰাস কৰাটো চৰকাৰৰ অন্যতম লক্ষ্য। এই উদ্দেশ্যে চৰকাৰে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব দিছে। ৰাজ্যখনক ধঁপাতমুক্ত কৰাৰ এই প্ৰচেষ্টাত সকলোৰে সহযোগিতা কামনা কৰিছে চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















