চিকিৎসালয়ত চিকিৎসকসকলে বিভিন্ন ধৰণৰ জটিল আৰু অস্বাভাৱিক ৰোগীৰ সন্মুখীন হ’বলগীয়া হয়। কিন্তু কেতিয়াবা এনে কিছুমান ঘটনা ঘটে, যিবোৰে চিকিৎসকসকলকো আচৰিত কৰি তোলে। ইংলেণ্ডৰ বিভিন্ন চিকিৎসালয়ত সংঘটিত এনে কিছুমান ঘটনাৰ তথ্য পোহৰলৈ আহিছে, য’ত ৰোগীৰ মলদ্বাৰত আবদ্ধ হৈ থকা অদ্ভুত বস্তু অস্ত্ৰোপচাৰ বা চিকিৎসাৰ জৰিয়তে আঁতৰাবলগীয়া হয়।
এই বস্তুবোৰৰ তালিকাত বিয়েৰৰ বটল, চেম্পুৰ বটল, টিভিৰ ৰিম’ট, কণী, টুথব্ৰাছ, টয়লেট ব্ৰাছৰ হেণ্ডেল, আনকি দুৱাৰৰ হেণ্ডেল আৰু ফোনৰ দৰে বস্তুৰ নামো আছে। কিছুমান ক্ষেত্ৰত চিকিৎসকে ধাতুৰ স্ক্ৰু, ৰেজাৰ ব্লেড, কটাৰী আৰু নিটিং বেজীৰ দৰে বিপদজনক সামগ্ৰীও আঁতৰাবলগীয়া হৈছিল।
প্ৰেছ এছ’চিয়েশ্যনৰ (PA) এক প্ৰতিবেদন অনুসৰি, ইংলেণ্ডৰ বিভিন্ন চিকিৎসালয়ত সংঘটিত এনে হাজাৰ হাজাৰ ঘটনাৰ তথ্য সংগ্ৰহ কৰা হৈছে। ২০২২ চনৰ পিছত অস্ত্ৰোপচাৰ আৰু জৰুৰীকালীন চিকিৎসা বিভাগত ৰিপ’ৰ্ট হোৱা এনে ঘটনাৰ তথ্য বিচাৰি সংস্থাটোৱে ইংলেণ্ডৰ ১০০ৰো অধিক চিকিৎসালয় পৰিচালনা কৰা ট্ৰাষ্টলৈ তথ্যৰ স্বাধীনতা (FOI) আইনৰ অধীনত আবেদন প্ৰেৰণ কৰিছিল। চিকিৎসালয়সমূহৰ পৰা লাভ কৰা তথ্যত দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা বিভিন্ন সামগ্ৰীৰ লগতে বহু বিপদজনক বস্তুৰ কথাও প্ৰকাশ পাইছে।
দক্ষিণ লণ্ডনৰ লুইশ্বাম আৰু গ্ৰীণউইচৰ বহুকেইকন চিকিৎসালয়ত চিকিৎসা কৰ্মীসকলে ৰোগীৰ শৰীৰৰ পৰা লেগোৰ ইটা, বিয়েৰৰ বটল, চেম্পুৰ বটল আৰু টুথব্ৰাছৰ দৰে বস্তু আঁতৰাবলগীয়া হৈছিল। আনকি দুৱাৰৰ হেণ্ডেল থকা বেলুনো উদ্ধাৰ কৰা হৈছিল। আনহাতে, বাৰ্কশ্বাৰৰ চিকিৎসালয়সমূহত নেৰ্ফ খেলনাৰ গুলী, সিজোৱা কণী, ক’কাকোলাৰ কেন, আলু, ডিঅ’ডৰেণ্টৰ বটল আৰু টয়লেট ব্ৰাছৰ হেণ্ডেলৰ দৰে বস্তু উদ্ধাৰ কৰাৰ ঘটনা পোহৰলৈ আহিছে। খাদ্য সামগ্ৰীৰ ভিতৰত বিভিন্ন শস্য, জুচিনি, আঙুৰ আৰু আপেলৰ নামো আছে। ইয়াৰ উপৰি টিভিৰ ৰিম’ট, শিশুৰ খেলনা, ককটেল ষ্টাইৰাৰ আৰু বেংকৰ কাৰ্ডৰ দৰে সামগ্ৰীও চিকিৎসকে আঁতৰাবলগীয়া হৈছিল।
এই ঘটনাসমূহৰ ভিতৰত কিছুমান বিশেষভাৱে চিন্তাজনক। কাৰণ, ৰোগীৰ শৰীৰৰ পৰা উদ্ধাৰ কৰা সকলো বস্তু সাধাৰণ বা নিৰাপদ নাছিল। চিকিৎসকে ধাতুৰ স্ক্ৰু, টুইজাৰ, ৰেজাৰ ব্লেড, নিটিং বেজী, কটাৰী, পেপাৰ ক্লিপ আৰু স্ক্ৰু ড্ৰাইভাৰৰ দৰে বস্তু আঁতৰাবলগীয়া হৈছিল। ইয়াৰ উপৰি স্নো গ্ল’ব, গছৰ ডাল, মমবাতি, কিণ্ডাৰ এগ, পাৰ্চনিপ আৰু ৱালপেপাৰ আঁতৰাবলৈ ব্যৱহাৰ কৰা স্ক্ৰেপাৰৰ দৰে অস্বাভাৱিক সামগ্ৰীৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। এনে বস্তু শৰীৰৰ ভিতৰত আবদ্ধ হৈ থাকিলে আঘাত, ৰক্তক্ষৰণ, সংক্ৰমণ আৰু অন্যান্য গুৰুতৰ জটিলতাৰ আশংকা থাকিব পাৰে। বিশেষকৈ ধাতুৰ, চোকা বা ভংগুৰ বস্তুৰ ক্ষেত্ৰত বিপদ অধিক হ’ব পাৰে।
প্ৰেছ এছ’চিয়েশ্যনৰ তথ্য অনুসৰি, কেৱল ২০২২ চনতে মলদ্বাৰত আবদ্ধ হৈ থকা বস্তু আঁতৰোৱাৰ বাবে ১৫০০ৰো অধিক লোকে জৰুৰীকালীন চিকিৎসা বিভাগৰ সহায় লৈছিল। উত্তৰ-পশ্চিম লণ্ডনৰ নৰ্থউইক পাৰ্ক হাস্পতালৰ পৰামৰ্শদাতা চিকিৎসক ক্ৰীছ নৰ্ডষ্ট্ৰমে কয় যে এনে পৰিস্থিতিত ৰোগীৰ সুৰক্ষা, সংবেদনশীলতা আৰু নিৰপেক্ষভাৱে চিকিৎসা প্ৰদান কৰাটো তেওঁলোকৰ প্ৰধান অগ্ৰাধিকাৰ। তেওঁৰ মতে, এনে সমস্যাৰ সন্মুখীন হ’লে লাজ বা সংকোচৰ বাবে চিকিৎসা লোৱাত পলম কৰা উচিত নহয়। যিমান সোনকালে চিকিৎসকৰ কাষ চপা যায়, সিমানেই অধিক আঘাত আৰু জটিলতাৰ আশংকা কমোৱাৰ সুযোগ থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















