ইণ্টাৰনেটত দ্ৰুতগতিত ভাইৰেল হৈছে নৱজাত শিশুৰ এই ভিডিঅ’। কেঁচুৱাটো দাড়ি লৈ জন্ম হোৱা বুলি দাবী কৰিছে একাংশই। ভিডিঅ’টো এখন চিকিৎসালয়ৰ, য’ত ক’লা দাড়িৰ সৈতে কেঁচুৱাটো টাৱেলেৰে মেৰিয়াই থোৱা দেখা গৈছে। ভিডিঅ’টোত তেওঁ চকু মেলি, ডিঙি লৰচৰ কৰা আৰু সামান্য হাঁহি থকা দেখা গৈছে।
ভিডিঅ’টো ভালদৰে চালে শিশুটিৰ দাড়ি স্পষ্ট হৈ আছে। নৱজাটকটোৱে তীক্ষ্ণ দৃষ্টিৰে চকু মেলি চাই থকা দেখা যায়। কিন্তু ভিডিঅ’ ভাইৰেলৰ পিছতে প্ৰশ্ন উঠিছে, এয়া সঁচা নে কৃত্ৰিম বুদ্ধিমত্তাৰে বনোৱা।
টিকটকত শ্বেয়াৰ কৰা ভিডিঅ’
এই ভিডিঅ’টো টিকটকত @Chevisjunior নামৰ এজন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল আৰু এতিয়া অন্য ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ আছে। অৱশ্যে এই ভিডিঅ’টোৰ সত্যতা নিশ্চিত কৰা নাই Asom Live 24 এ। ভিডিঅ’টোৰ স্থান আৰু সময় জানিব পৰা হোৱা নাই। একাংশ অনলাইন ব্যৱহাৰকাৰীয়ে ইয়াক এআই বুলি দাবী কৰাৰ বিপৰীতে আন কিছুমানে শিশুটিক মৰম দিয়াৰ লগতে প্ৰশংসা কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















