• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

2 hours ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

42 minutes ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

3 hours ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

4 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

12 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

12 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

13 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

13 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

14 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

14 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

16 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

16 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

ন্যায়াধীশৰ বিৰুদ্ধেও ঘোচ লোৱাৰ গুৰুতৰ অভিযোগ!

editor by editor
October 25, 2026
in অপৰাধ, বিশ্ব, ৰাজনীতি, লেখা
0
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ
0
SHARES
431
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজাৰবাইজানৰ পৰা অহা এগৰাকী ২০ বছৰীয়া যুৱতীক দলবদ্ধ ধ*ৰ্ষণ কৰাৰ অভিযোগক কেন্দ্ৰ কৰি তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে। এই গোচৰত মূল অভিযুক্তক জামিন দিয়াৰ বিনময়ত ন্যায়াধীশৰ বিৰুদ্ধেও উৎকোচ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। কেৱল এয়াই নহয় গোচৰটোৰ পৰা ভুক্তভোগী আজাৰবাইজানৰ যুৱতীগৰাকীক নাম প্ৰত্যাহাৰ কৰাৰ বাবেও অভিযুক্তৰ ফালৰ পৰা হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপিত হৈছে। যাৰ বাবদ অভিযুক্তৰ তৰফৰ পৰা ২ কোটি পাকিস্তানী টকাও দিয়াৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে বুলি অভিযোগ উঠিছে। এই লজ্জাজনক ঘটনা সংঘটিত হৈছে পাকিস্তানৰ পাঞ্জাব প্ৰদেশত। ন্যায়ধীশ আৰু অভিযুক্তৰ বিৰুদ্ধে উৎকোচ দিয়া-লোৱাৰ অভিযোগ উত্থাপন কৰিছে পাঞ্জাব প্ৰদেশৰ মুখ্যমন্ত্ৰী খোদ মৰিয়াম নৱাজে।

মুখ্যমন্ত্ৰী মৰিয়াম নৱাজে স্পষ্ট কৰি দিছে যে ধন-সম্পত্তি বা ক্ষমতাৰ জৰিয়তে কোনো অভিযুক্তই আইনৰ পৰা হাত সাৰিব নোৱাৰিব। এই ঘটনাই পাকিস্তানৰ ন্যায় ব্যৱস্থা, মহিলাৰ সুৰক্ষা আৰু ধৰ্ষ*ণৰ বলি হোৱা লোকসকলৰ ওপৰত আৰ্থিক হেঁচা প্ৰয়োগৰ বিষয়টোক পুনৰ চৰ্চালৈ আনিছে।

কেনেকৈ সংঘটিত হৈছিল ঘটনাটো?

আৰক্ষীৰ তথ্য অনুসৰি, আজাৰবাইজানৰ ৰাজধানী বাকুৰ বাসিন্দা ২০ বছৰীয়া যুৱতীগৰাকী ব্যৱসায়ৰ কামত চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ মাজভাগত পাকিস্তানলৈ আহিছিল। অভিযোগ অনুসৰি, ২৫ ছেপ্টেম্বৰত দুগৰাকী মহিলাই তেওঁক লাহোৰৰ ডিফেন্স হাউছিং অথৰিটি (ডিএইচএ) অঞ্চলৰ এখন কেফেলৈ লৈ যায়। তাত পিছত তিনিজন পুৰুষ আহি তেওঁলোকৰ সৈতে যোগ দিয়ে। ভুক্তভোগী যুৱতীগৰাকীৰ অভিযোগ অনুসৰি, পিছত লোককেইজনে তেওঁক আৰু আন দুগৰাকী মহিলাক গন্তব্যস্থানত থৈ অহাৰ প্ৰস্তাৱ দিয়ে। কিন্তু তাৰ পৰিৱৰ্তে আজাৰবাইজানৰ যুৱতীগৰাকীক এটা ফ্লেটলৈ লৈ যোৱা হয়। আৰক্ষীৰ অভিযোগ অনুসৰি, ফ্লেটটোত মদ্যপান কৰাৰ পিছত যুৱতীগৰাকীক দলবদ্ধ ধ*ৰ্ষণ কৰা হয়। এই ঘটনাৰ পিছতে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰে। এই গোচৰত দুজন পুৰুষ আৰু দুগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰা হয়। কিন্তু মূল অভিযুক্ত বুলি চিনাক্ত কৰা আহমেদ তনবীৰ জামিনত মুকলি হয়।

২ কোটি টকা দি অভিযোগ প্ৰত্যাহাৰৰ প্ৰস্তাৱ

এই গোচৰটোৱে অধিক গুৰুত্ব লাভ কৰে যেতিয়া ভুক্তভোগী যুৱতীগৰাকীক ধন দি অভিযোগ প্ৰত্যাহাৰ কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হয়। পাঞ্জাবৰ মুখ্যমন্ত্ৰী মৰিয়াম নৱাজৰ অভিযোগ অনুসৰি, মূল অভিযুক্ত আহমেদ তনবীৰৰ ধনী পৰিয়ালে যুৱতীগৰাকীক গোচৰটোৰ পৰা আঁতৰি থাকিবলৈ প্ৰায় ২ কোটি পাকিস্তানী টকা আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল। এই ধনৰ পৰিমাণ প্ৰায় ৭২ হাজাৰ আমেৰিকান ডলাৰৰ সমান। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমৰ জৰিয়তে কয় যে কেৱল ধন-সম্পত্তি থকাৰ বাবেই কোনো ধ*ৰ্ষণৰ অভিযুক্তই আইনৰ পৰা হাত সাৰিব নোৱাৰে। তেওঁ লগতে অভিযোগ কৰে যে অভিযুক্তক জামিন দিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট ন্যায়াধীশৰ বিৰুদ্ধেও উৎকোচ লোৱাৰ অভিযোগ উঠিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা
বিশ্ব

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

October 25, 2026
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম
জীৱনশৈলী

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

October 25, 2026
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ
জীৱনশৈলী

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

October 25, 2026
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
Next Post
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.