বলিউডৰ সংগীতপ্ৰেমীসকলৰ বাবে আহিছে এটা সুখবৰ। দীৰ্ঘ ২১ বছৰৰ বিৰতিৰ অন্তত পুনৰ একেলগে কণ্ঠদান কৰিবলৈ সাজু হৈছে ৯০ৰ দশকৰ দুই জনপ্ৰিয় কণ্ঠশিল্পী উদিত নাৰায়ণ আৰু কুমাৰ ছানু। দুয়োগৰাকী শিল্পীৰ যুটীয়াভাৱে গোৱা নতুন গীতটোৱে সংগীতপ্ৰেমীসকলৰ মন জয় কৰিব বুলি আশা কৰা হৈছে।
বলীউডৰ অভিনেতা ছানী দেওলৰ আগন্তুক ছবি ‘সূৰ্য: অন্ত সে আৰম্ভ তক’ৰ প্ৰথমটো গীত ‘চুনিয়ো জৰা’ৰ বাবে একেলগে কণ্ঠদান কৰিছে উদিত নাৰায়ণ আৰু কুমাৰ ছানুৱে। ছবিখনৰ এই গীতটোৱে দৰ্শকক ৯০ৰ দশকৰ সোণালী সংগীতৰ দিনবোৰলৈ উভতি যোৱাৰ সুযোগ দিব বুলি আশা কৰা হৈছে।
উদিত নাৰায়ণ আৰু কুমাৰ ছানু হৈছে ৯০ৰ দশকৰ বলীউডৰ সংগীত জগতৰ দুটা অতি চিনাকি নাম। সেই সময়ছোৱাত দুয়োগৰাকী শিল্পীৰ কণ্ঠই অসংখ্য জনপ্ৰিয় গীতৰ জৰিয়তে শ্ৰোতাৰ হৃদয় জয় কৰিছিল। ২০০৫ চনত মুক্তি পোৱা ছুপাৰহিট ছবি ‘ন’ এণ্ট্ৰি’ৰ ‘কাহা হো তুম’ গীতটোত শেষবাৰৰ বাবে একেলগে কণ্ঠদান কৰিছিল উদিত নাৰায়ণ আৰু কুমাৰ ছানুৱে। ইয়াৰ পাছত দীৰ্ঘদিন ধৰি দুয়োগৰাকী শিল্পীক একেটা গীতত শুনিবলৈ পোৱা নাছিল সংগীতপ্ৰেমীসকলে।
এতিয়া প্ৰায় ২১ বছৰৰ বিৰতিৰ অন্তত ‘চুনিয়ো জৰা’ গীতটোৰ জৰিয়তে পুনৰ একেলগে কণ্ঠদান কৰিবলৈ ওলাইছে এই দুই জনপ্ৰিয় গায়কে। সেয়েহে গীতটোক লৈ ইতিমধ্যে সংগীতপ্ৰেমীসকলৰ মাজত বিশেষ আগ্ৰহ সৃষ্টি হৈছে। এই সহযোগিতাৰ আন এটা বিশেষ দিশ হৈছে ছানী দেওলৰ ছবিৰ বাবে দুয়োগৰাকী শিল্পীয়ে পুনৰ একেলগে কণ্ঠদান কৰা। ইয়াৰ পূৰ্বে ২০০২ চনত মুক্তি পোৱা ছানী দেওলৰ ছবি ‘কাৰ্জ: দ্য বাৰ্ডেন অব ট্ৰুথ’ৰ বাবে দুয়োগৰাকী শিল্পীয়ে একেলগে গান গাইছিল।
প্ৰায় ২৪ বছৰৰ পাছত পুনৰ ছানী দেওলৰ এখন ছবিৰ বাবে একেটা গীতত কণ্ঠদান কৰিবলৈ ওলাইছে তেওঁলোক। ফলত এই নতুন গীতটোৱে কেৱল সংগীতপ্ৰেমীৰ মাজতে নহয়, ছানী দেওল, কুমাৰ ছানু আৰু উদিত নাৰায়ণৰ অনুৰাগীসকলৰ মাজতো বিশেষ চৰ্চা লাভ কৰাৰ সম্ভাৱনা আছে।
‘চুনিয়ো জৰা’ গীতটোত উদিত নাৰায়ণ আৰু কুমাৰ ছানুৰ সৈতে কণ্ঠদান কৰিব অনুপম আমোদেও। গীতটোৰ সংগীত পৰিচালনা কৰিছে প্ৰীতমৰ JAM8ৰ সৈতে জড়িত ৰাহীয়ে। আনহাতে, গীতটোৰ কথা লিখিছে প্ৰিয়া ছাৰাইয়াই। নিৰ্মাতাসকলৰ মতে, ‘চুনিয়ো জৰা’ এটা বন্ধুত্বৰ অনুভূতিৰে ভৰা গীত হ’ব। ছবিখনৰ বিভিন্ন তাৰকাৰ উপস্থিতিয়েও গীতটো অধিক আকৰ্ষণীয় কৰি তুলিব বুলি আশা কৰা হৈছে।
গীতটোৰ টিজাৰ ২৬ অক্টোবৰ, ২০২৬ত মুকলি কৰাৰ কথা। আনহাতে, সম্পূৰ্ণ গীতটো ২৭ অক্টোবৰ, ২০২৬ত জি মিউজিক কোম্পানীৰ বেনাৰত মুক্তি দিয়াৰ পৰিকল্পনা কৰা হৈছে। আনহাতে এম. পদ্মকুমাৰৰ পৰিচালনাত নিৰ্মাণ কৰা ‘সূৰ্য: অন্ত চে আৰম্ভ তক’ এখন ক্ৰাইম থ্ৰিলাৰধৰ্মী ছবি। ছবিখনত ছানী দেওলৰ লগতে ৰবি কিষাণেও অভিনয় কৰিছে। ছবিখন ২০ নৱেম্বৰ, ২০২৬ত ছবিগৃহত মুক্তি পোৱাৰ কথা। ছবিখনৰ প্ৰথমটো গীত হিচাপে ‘চুনিয়ো জৰা’ই দৰ্শকৰ মাজত কিমান জনপ্ৰিয়তা লাভ কৰে, সেয়া অৱশ্যে সময়েহে ক’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















