• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

1 hour ago
শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

1 second ago
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

44 minutes ago
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

1 hour ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

2 hours ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

2 hours ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

3 hours ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

3 hours ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

5 hours ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

6 hours ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

6 hours ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

6 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!

ক'ত এই ঘটনা?

editor by editor
October 26, 2026
in অপৰাধ, ভাৰত, লেখা
0
প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যা নাবালিকাৰ!
0
SHARES
123
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নিজৰ প্ৰেমৰ সম্পৰ্কত বাধা দিয়াৰ বাবেই পিতৃক হ*ত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী নাবালিকা কন্যা আৰু তেওঁৰ ২১ বছৰীয়া প্ৰেমিকৰ বিৰুদ্ধে। এই ঘটনাৰ পিছতে আৰক্ষীয়ে দুয়োকে গ্ৰেপ্তাৰ কৰিছে। উত্তৰ প্ৰদেশৰ ইটাৱাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হ*ত্যাকাণ্ডৰ ঘটনা।

আৰক্ষীৰ তথ্য অনুসৰি, ২১ অক্টোবৰৰ নিশা ইটাৱাৰ চিভিল লাইনছ থানা এলেকাৰ কান্সীৰাম কলনীত এই হ*ত্যাকাণ্ড সংঘটিত হৈছিল। অভিযুক্তসকলে পিতৃ শ্যামসুন্দৰ কাথেৰিয়াৰ মৃ*তদেহ তিনিখন কম্বলেৰে মেৰিয়াই এটা ট্ৰাংকৰ ভিতৰত লুকুৱাই ৰখাৰ অভিযোগ উত্থাপন হৈছে। ঘৰৰ ভিতৰৰ পৰা দুৰ্গন্ধ ওলাবলৈ ধৰাৰ পিছতহে ঘটনাটো পোহৰলৈ আহে।

শ্যামসুন্দৰ কাথেৰিয়াই কান্সীৰাম কলনীত তেওঁৰ কনিষ্ঠ কন্যাৰ সৈতে বাস কৰিছিল। তেওঁৰ জ্যেষ্ঠ কন্যাৰ ইতিমধ্যে বিয়া হৈছিল আৰু তেওঁ যশৱন্তনগৰ অঞ্চলৰ ভেকনপুৰ গাঁৱত শহুৰেকৰ সৈতে বাস কৰিছিল। পৰিয়ালৰ সূত্ৰ অনুসৰি, দুই-তিনিদিন ধৰি পিতৃ আৰু ভগ্নীৰ সৈতে যোগাযোগ কৰিব নোৱাৰাত শ্যামসুন্দৰৰ জ্যেষ্ঠ কন্যাৰ সন্দেহ হয়। ইয়াৰ পিছতে তেওঁ শহুৰেকৰ সৈতে পিতৃৰ ঘৰলৈ আহে। ঘৰলৈ আহি তেওঁ পিতৃৰ মৃ*তদেহ এটা ট্ৰাংকৰ ভিতৰত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে। আনহাতে, কনিষ্ঠ ভগ্নীৰ কোনো সন্ধান পোৱা নাছিল। এই ঘটনাৰ পিছতে আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

আৰক্ষীৰ তদন্তত পোহৰলৈ অহা তথ্য অনুসৰি, অভিযুক্ত কন্যাৰ সৈতে বাকেৱাৰ থানা এলেকাৰ মতানতোলা আহেৰিপুৰৰ বাসিন্দা অভিলাষ সিং ওৰফে ছ’টুৰ প্ৰায় পাঁচ মাহ ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। আৰক্ষীৰ দাবী অনুসৰি, শ্যামসুন্দৰে কন্যাৰ এই প্ৰেমৰ সম্পৰ্কৰ বিষয়ে জানিব পাৰি ইয়াৰ বিৰোধিতা কৰিছিল। ইয়াকে লৈ পিতৃ আৰু কন্যাৰ মাজত বিবাদৰ সৃষ্টি হৈছিল বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। আৰক্ষীৰ অভিযোগ অনুসৰি, অভিযুক্ত কন্যাই প্ৰেমিকৰ সৈতে থাকিব বিচাৰিছিল। সেই উদ্দেশ্যে দুয়োজনে মিলি শ্যামসুন্দৰক হ*ত্যাৰ পৰিকল্পনা কৰিছিল বুলি তদন্তত প্ৰকাশ পাইছে।

আৰক্ষীৰ মতে, হ*ত্যাকাণ্ড সংঘটিত হোৱা নিশা শ্যামসুন্দৰক চাহত টোপনিৰ ঔষধ মিহলাই দিয়া হৈছিল। তেওঁ অচেতন হৈ পৰাৰ পিছত তেওঁক বিচনাত বান্ধি ৰখা হৈছিল বুলি অভিযোগ উঠিছে। ইয়াৰ পিছতে তেওঁৰ মূৰত ছুৰীৰে আঘাত কৰাৰ লগতে এটা গধুৰ শিলেৰে একাধিকবাৰ প্ৰহাৰ কৰা হৈছিল বুলি আৰক্ষীয়ে দাবী কৰিছে। এই আক্ৰমণৰ ফলতেই শ্যামসুন্দৰৰ মৃ*ত্যু হোৱা বুলি তদন্তকাৰী বিষয়াসকলে জনাইছে।

হ*ত্যাকাণ্ডৰ পিছত মৃতদেহটো তিনিখন কম্বলেৰে মেৰিয়াই এটা ট্ৰাংকৰ ভিতৰত ভৰাই লুকুৱাই ৰখা হৈছিল বুলি অভিযোগ উঠিছে। লগতে, মৃ*তকৰ মোবাইল ফোনটোও নলাত পেলাই দিয়া হৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। প্ৰাথমিক তদন্তত মৃ*তদেহটো ফ্ৰীজত ৰাখিবলৈ চেষ্টা কৰা হৈছিল নেকি, সেই দিশটোও পৰীক্ষা কৰা হৈছে। অৱশ্যে এই সন্দৰ্ভত সকলো তথ্য এতিয়াও স্পষ্ট হোৱা নাই।

ঘটনাৰ পিছতে চিভিল লাইনছ আৰক্ষী থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হয়। ইটাৱাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ব্ৰিজেশ কুমাৰ শ্ৰীবাস্তৱৰ নিৰ্দেশত বিশেষ অভিযানকাৰী দল (এছ অ’ জি), চোৱাচিতা শাখা আৰু স্থানীয় আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখে। তদন্তৰ সময়ত আৰক্ষীয়ে অভিযুক্ত নাবালিকাগৰাকীৰ প্ৰেমৰ সম্পৰ্কৰ বিষয়ে তথ্য লাভ কৰে। ইয়াৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে অভিলাষ সিং আৰু নাবালিকাক গ্ৰেপ্তাৰ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!
নিয়োগ

শাড়ী পিন্ধি, খালী ভৰিৰে দৌৰি ভাইৰেল হৈ পৰা কবিতাই নাপালে চাকৰি!

October 26, 2026
হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?
ভাৰত

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

October 26, 2026
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!
প্ৰযুক্তি

পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

October 26, 2026
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!
বিনোদন

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

October 26, 2026
Next Post
পাহৰি যাওঁক E20 পেট্ৰ’ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

পাহৰি যাওঁক E20 পেট্ৰ'ল, দেশত এইবাৰ ১০০% ইথানলেৰে চলিব বাহন!

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

হিন্দু নীতিৰে পূৰ্বপুৰুষৰ শ্ৰাদ্ধ-তৰ্পণ, ধৰ্ম সলনি কৰিলে নেকি নাজিয়া ইলাহী খানে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.