মহানগৰী গুৱাহাটীত সংঘটিত হৈছে এক ভয়ংকৰ গু*লীচালনাৰ ঘটনা। GS ৰোডৰ লাচিত নগৰস্থিত বিলাস ইন হোটেলত নিশা প্ৰায় ৯ বজাৰ পৰা ৯.৩০ বজাৰ ভিতৰত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। গু*লীচালনাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ আতংকৰ সৃষ্টি হৈছে।
প্ৰাথমিক তথ্য অনুসৰি, এই ঘটনাত মহিলাসহ ৪গৰাকী লোকৰ মৃ*ত্যু হোৱা বুলি খবৰ পোৱা গৈছে। এই তথ্য সদৰী কৰিছে আৰক্ষী আয়ুক্তই। অৱশ্যে, এই বাতৰি যুগুত কৰা পৰ্যন্ত মৃ*ত্যুৰ সংখ্যা সন্দৰ্ভত কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।
এই পৰ্যন্ত এজনৰ পৰিচয় উদ্ধাৰ
আৰক্ষী আয়ুক্তই অসম LIVE24ক সদৰী কৰা অনুসৰি হোটেল বিলাস ইনত ৪ টা মৃতদেহ উদ্ধাৰ হৈছে। আনহাতে GMCHত মৃত্যু হৈছে আন এজন লোক। এই পৰ্যন্ত নিহত ৬ গৰাকী লোক। নিহতসকলৰ এজন নাৰায়ণ দাস(৪৮) বুলি চিনাক্ত কৰা হৈছে। হোটেল বিলাস INNৰ স্বত্বাধিকাৰী হেলেনা ভৰালী, পুত্ৰ দেৱাৰ্ষী কাশ্যপ, ভৰালীৰ ভাতৃ ভূদেৱ ভৰালীৰো মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। আনহাতে GMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে চৈতন্য দাস নামৰ এজন লোক।
কেইবা মিনিট ধৰি চলিল গু*লী
প্ৰত্যক্ষদৰ্শীৰ প্ৰাথমিক তথ্য অনুসৰি, কেইবা মিনিট ধৰি চলিছিল এই গু*লীচালনাৰ ঘটনা। হঠাতে গু*লীৰ শব্দ শুনি ঘটনাস্থলীত হুৱা-দুৱা লাগে। ঘটনাৰ সময়ত হোটেলখনত উপস্থিত থকা লোকসকলৰ মাজত আতংকৰ সৃষ্টি হয়। এনে পৰিস্থিতিত বহু লোকৰ মাজত হাহাকাৰ লাগে।
প্ৰাথমিক খবৰ অনুসৰি, এখন বাহনত আহিছিল আততায়ী। অৱশ্যে, আততায়ী কিমানজন আছিল, তেওঁলোক কোন দিশৰ পৰা আহিছিল আৰু কি কাৰণত এই গু*লীচালনাৰ ঘটনা সংঘটিত কৰিলে, সেই সন্দৰ্ভত এতিয়াও বিতং তথ্য পোহৰলৈ অহা নাই। এই ঘটনাত ৬গৰাকীকৈ লোক গু*লীবিদ্ধ হোৱা বুলি জানিব পৰা গৈছে। প্ৰাথমিক তথ্য অনুসৰি, গু*লীবিদ্ধ লোকসকলৰ ভিতৰত দুগৰাকী মহিলা আৰু তিনিজন পুৰুষ আছে। আনহাতে, বিলাস ইন হোটেলৰ এগৰাকী কৰ্মচাৰীয়ো গু*লীবিদ্ধ হোৱা বুলি খবৰ পোৱা গৈছে। গু*লীবিদ্ধ লোকসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)লৈ প্ৰেৰণ কৰা হৈছে। তেওঁলোকৰ শাৰীৰিক অৱস্থা সন্দৰ্ভত এই পৰ্যন্ত কোনো নিশ্চিত তথ্য লাভ কৰা হোৱা নাই।
ঘটনাস্থলীত আৰক্ষীৰ বৃহৎ দল
গু*লীচালনাৰ খবৰ বিয়পি পৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ বৃহৎ দল। আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াসকলো ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ সম্ভাৱনা আছে। গু*লীচালনাৰ ঘটনাত জড়িত লোকসকলৰ পৰিচয়, আক্ৰমণৰ উদ্দেশ্য আৰু ঘটনাটোৰ আঁৰত থকা কাৰণ সন্দৰ্ভত এতিয়াও স্পষ্ট তথ্য লাভ কৰা হোৱা নাই। ঘটনাৰ পিছতে বন্ধ কৰি দিয়া হৈছে GS ROAD।
তদন্তৰ পিছতহে স্পষ্ট হ’ব প্ৰকৃত তথ্য
মহানগৰীৰ ব্যস্ত অঞ্চলৰ এখন হোটেলত সংঘটিত এই গু*লীচালনাৰ ঘটনাই স্বাভাৱিকতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিশেষকৈ নিশাৰ ভাগত সংঘটিত এই ঘটনাত কেইবাজনো লোক হতাহত হোৱা বুলি খবৰ বিয়পি পৰাৰ পিছত অঞ্চলটোত উদ্বেগৰ সৃষ্টি হৈছে। অৱশ্যে, মৃ*ত্যুৰ সংখ্যা, আহত লোকৰ শাৰীৰিক অৱস্থা আৰু ঘটনাৰ আঁৰৰ কাৰণ সন্দৰ্ভত এতিয়াও নিশ্চিত তথ্য লাভ কৰা হোৱা নাই। আৰক্ষীৰ তদন্ত আৰু চৰকাৰী তথ্য প্ৰকাশ পোৱাৰ পিছতহে ঘটনাটোৰ প্ৰকৃত ছবিখন স্পষ্ট হ’ব।
পৰৱৰ্তী সময়ত এই খবৰ অধিক UPDATE কৰা হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















