ক্ৰিকেট খেলত কেৱল বেটিং আৰু বলিঙেই নহয়, ফিল্ডিঙোও দলৰ সফলতাৰ বাবে সমানেই গুৰুত্বপূৰ্ণ। খেলপথাৰত দ্ৰুতগতিত বলৰ পিছে পিছে দৌৰা, কঠিন কেচ ধৰা, সঠিক সময়ত থ্ৰ’ কৰা আৰু প্ৰতিপক্ষৰ ৰান ৰোধ কৰাত এগৰাকী দক্ষ ফিল্ডাৰৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। এই ক্ষেত্ৰত আগবঢ়োৱা প্ৰচেষ্টাৰ বাবে জিণ্টিমণি কলিতাই লাভ কৰিছে বিশেষ স্বীকৃতি।
শৃংখলাটোৰ সামৰণি পৰাৰ পিছত স্পীনাৰ বৈষ্ণৱী শৰ্মাই জিণ্টিমণি কলিতাক ফিল্ডিং মেডেল প্ৰদান কৰে। খেলপথাৰত আগবঢ়োৱা তেওঁৰ প্ৰচেষ্টা আৰু অৱদানৰ স্বীকৃতি হিচাপে এই মেডেল প্ৰদান কৰা হয়। এই সন্মানে জিণ্টিমণিৰ খেলৰ প্ৰতি থকা নিষ্ঠা আৰু ফিল্ডিঙৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানক বিশেষভাৱে প্ৰতিফলিত কৰিছে।
ক্ৰিকেটত বহু সময়ত এগৰাকী বেটাৰৰ ৰান আৰু বলাৰৰ উইকেট দখলৰ চৰ্চা অধিক হয়। কিন্তু এগৰাকী ভাল ফিল্ডাৰে নিজৰ দক্ষতাৰে প্ৰতিপক্ষৰ বহু মূল্যৱান ৰান ৰোধ কৰিব পাৰে। আনকি এটা সুন্দৰ কেচ বা নিখুঁত থ্ৰ’য়েও খেলৰ গতি সলনি কৰি দিব পাৰে। সেয়েহে ফিল্ডিঙত ভাল প্ৰদৰ্শন কৰা খেলুৱৈক এনেদৰে স্বীকৃতি দিয়াটো বিশেষ তাৎপৰ্যপূৰ্ণ। জিণ্টিমণি কলিতাই লাভ কৰা এই ফিল্ডিং মেডেল তেওঁৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। এনে স্বীকৃতিয়ে খেলুৱৈসকলক নিজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ আৰু দলৰ বাবে অধিক নিষ্ঠাৰে খেলিবলৈ উৎসাহিত কৰে।
বেষ্ট ফিল্ডাৰৰ মেডেল লাভ কৰি উৎফুল্লিত হৈ পৰে অসমকন্যা জিণ্টিমণি কলিতা। জিণ্টিমণিয়ে এই মেডেল অনাকাংক্ষিত আৰু মেডেলটো লাভ কৰাৰ বাবে গৌৰৱান্বিত বুলিও মন্তব্য কৰে। টীম ইণ্ডিয়াৰ ফিল্ডিং প্ৰশিক্ষক মণীষ বালীয়েও জিণ্টিমণিক ভূয়সী প্ৰশংসা কৰে। শৃংখলাৰ অন্তত বৈষ্ণৱী শৰ্মাৰ হাতৰ পৰা মেডেল গ্ৰহণ কৰা জিণ্টিমণি কলিতাৰ এই মুহূৰ্তই খেলপথাৰত আগবঢ়োৱা পৰিশ্ৰমৰ যথোচিত মূল্যায়নৰ দিশটোও উজলাই তুলিছে। খেলত দলীয় সফলতাৰ বাবে প্ৰতিগৰাকী খেলুৱৈৰ অৱদান যে সমানেই গুৰুত্বপূৰ্ণ, এই স্বীকৃতিয়ে সেই কথাই পুনৰ প্ৰমাণ কৰিলে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















