সুৰা প্ৰেমীৰ বাবে দুখবৰ! ১ নৱেম্বৰৰ পৰা সুৰাৰ দাম বৃদ্ধি পাব। সৰ্বোচ্চ খুচুৰা মূল্য বা এম আৰ পিৰ ওপৰত প্ৰতিটো সুৰাৰ বটলৰ মূল্য ১০ টকা বৃদ্ধি পাব। অৱশ্যে এই অতিৰিক্ত ধন সম্পূৰ্ণৰূপে ক্ৰেতাই খৰচ নকৰে, তেন্তে খালী সুৰাৰ বটল দোকানলৈ ঘূৰাই দি অতিৰিক্ত ১০ টকা উভতাই ল’ব পাৰিব।
এই নিয়ম কেৱল তামিলনাডুতহে কাৰ্যকৰী কৰা হৈছে। নতুন নিয়মৰ জৰিয়তে এটা সুৰাৰ বটলৰ মূল্যৰ ওপৰত অতিৰিক্ত পৰিৱেশ কৰ বা কৰ আৰোপ কৰা হ’ব। এই নিয়ম তামিলনাডু ৰাজ্যিক বিপণন নিগম বা টাছমাকে প্ৰৱৰ্তন কৰিছে। এতিয়ালৈকে ক্ৰেতাই এম আৰ পি বাদ দি ১০ টকা পৃথকে দিবলগীয়া হৈছিল। পিছত যদি বটলটো ঘূৰাই দিয়া হয়, তেন্তে তেওঁলোকক পুনৰ ১০ টকা দিয়া হ’ব। কিন্তু এতিয়াৰ পৰা সেই অতিৰিক্ত ১০ টকা এম আৰ পিত অন্তৰ্ভুক্ত হ’ব। ইতিমধ্যে TASMAC সুৰা প্ৰস্তুতকাৰী কোম্পানী, ডিপো, প্ৰত্যক্ষ পৰিচালনাৰ দায়িত্বত থকা বিষয়া আৰু খুচুৰা বিপণীৰ কৰ্মচাৰীসকলক এই নতুন নিয়ম কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি ৰাজ্যৰ আন কিছুমান অঞ্চলতো খালী বটল ঘূৰাই লোৱাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হৈছে।
এই বটল ঘূৰাই দিয়া ব্যৱস্থা আৰু কেইখনমান জিলাতো প্ৰৱৰ্তন কৰা হ’ব। সূত্ৰ অনুসৰি এই প্ৰকল্পটো আৰু ৫খন জিলাত আৰম্ভ কৰা হ’ব। পূৰ্বে খুচুৰা বিক্ৰেতাৰ বিৰোধিতাৰ বাবে এই সকলো ক্ষেত্ৰতে এই নিয়ম কাৰ্যকৰী কৰিব পৰা নাছিল। এতিয়াৰ বাবে দোকানৰ কৰ্মচাৰীয়ে এই বটলবোৰ সংগ্ৰহ কৰি কোম্পানীবোৰলৈ ঘূৰাই দিব। জানিব পৰা মতে, পৰৱৰ্তী নিবিদাৰ জৰিয়তে ৰিভাৰ্ছ ভেণ্ডৰ বাছনি কৰা হ’ব। তদুপৰি টাছমাকে বেংকসমূহৰ সৈতে যোগাযোগ কৰি ক্ৰেতাসকলক ধন ঘূৰাই দিয়াৰ সুবিধাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ১০ টকীয়া নোট আৰু মুদ্ৰা ৰাখিবলৈ নিৰ্দেশ দিছে।
তদুপৰি ১ নৱেম্বৰৰ পৰা ১০০০ টকাতকৈ অধিক মূল্যৰ সুৰা ক্ৰয়ৰ বাবে ডিজিটেল পেমেণ্ট বাধ্যতামূলক হ’ব। অৰ্থাৎ ১০০০ টকাতকৈ অধিক মূল্যৰ ক্ৰয়ৰ বাবে ডিজিটেল পেমেণ্ট ব্যৱহাৰ কৰিব লাগিব। কিন্তু ইয়াতেই শেষ নহয়, ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা এই ধনৰাশি আৰু অধিক হ্ৰাস কৰি ৫০০ টকীয়া হ’ব। অৰ্থাৎ ৫০০ টকাতকৈ অধিক মূল্যৰ ক্ৰয়ৰ বাবেহে অনলাইন পেমেণ্ট কৰিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















