সপ্তাহৰ আৰম্ভণিতে ভাল খবৰ। ২ অক্টোবৰ সোমবাৰে পুনৰ হ্ৰাস পাইছে সোণৰ মূল্য। বিগত কিছুদিনত সোণৰ মূল্য তীব্ৰভাৱে হ্ৰাস পাইছে। ইয়াৰ বাবে যোৱা ১০ মাহৰ ভিতৰত সস্তা মূল্যত ১০ গ্ৰাম সোণ পোৱা গৈছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰৰ প্ৰভাৱ আৰু বিভিন্ন অৰ্থনৈতিক পৰিস্থিতিৰ বাবে হালধীয়া ধাতুৰ মূল্য হ্ৰাস পাইছে। ফলত ধনতেৰাছ বা দীপাৱলীৰ আগত সোণ কিনাৰ পৰিকল্পনা কৰা সকলৰ মনত এতিয়া মাত্ৰ এটা প্ৰশ্ন, সোণৰ দাম আৰু কমিবনে?
ধনতেৰাছলৈ মাত্ৰ কেইদিনমান বাকী। ইতিমধ্যে বহু লোকে গহনা ক্ৰয় কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু যোৱা কেইদিনমানৰ পৰা সোণৰ দাম যিদৰে কমিছে, এতিয়া আটাইতকৈ ডাঙৰ প্ৰশ্নটো হ’ল ধনতেৰাৰ সময়ত সোণৰ দাম আৰু অধিক হ্ৰাস পাব নে সস্তাতে সোণ ক্ৰয় কৰাৰ এইটোৱেই সৰ্বোত্তম সুযোগ?
আজি সোণৰ দাম কিমান?
২ নৱেম্বৰ সোমবাৰে কলকাতাত সোণৰ দাম কিমান? ২২ কেৰেট সোণৰ মূল্য ১৩,০৫০ টকা। ১৮ কেৰেটৰ দাম হৈছে ১০,৭১০ টকা। ১ কেজি ৰূপৰ দাম হৈছে ১৮,১৯৬১ টকা। সোণ-ৰূপ ক্ৰয় কৰাৰ সময়ত ওপৰৰ মূল্যৰ লগত ৩ শতাংশ জি এছ টি যোগ কৰা হ’ব।
শুকুৰবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হ’ব ধনতেৰছ। পৰম্পৰা অনুসৰি এই দিনটোত সোণ, ৰূপ বা যিকোনো ধাতু ক্ৰয় কৰাটো অতি শুভ। এই সময়ত সোণৰ চাহিদা বহু পৰিমাণে বৃদ্ধি পায়। যোৱা ডেৰ বছৰত যিদৰে সোণৰ দাম বৃদ্ধি পাইছে, সোণৰ গহনা ক্ৰয় কৰাটো সাধাৰণ মানুহৰ হাতৰ মুঠিৰ বাহিৰলৈ গৈছে। ইয়াৰ বাবে সোণৰ দোকানে ১৮, ১৪ আৰু ৯ কেৰেটৰ দৰে কম কেৰেটৰ গহনা আনিছে। যিহেতু ২২ কেৰেটৰ তুলনাত ইয়াৰ দাম বহু কম, গতিকে বহুতে এতিয়া লঘু আৰু কম কেৰেটৰ গহনাৰ দিশত নামি আহিছে।
অহা কেইদিনমানৰ ভিতৰত সোণৰ মূল্যৰ দিশ নিৰ্ভৰ কৰিব আন্তঃৰাষ্ট্ৰীয় বজাৰৰ গতিবিধি আৰু বিনিয়োগকাৰীৰ চাহিদাৰ ওপৰত। আজি ১ গ্ৰাম সোণৰ মূল্য ১ লাখ ৩০ হাজাৰৰ ওচৰত উৰি আছে। ১ লাখ টকীয়া তললৈ নামিবলৈ হ’লে অহা ২-৩ মাহত সোণৰ মূল্য ভয়ংকৰভাৱে হ্ৰাস পাব লাগিব। ইমান কম সময়ৰ ভিতৰতে দাম ইমান হ্ৰাস পোৱাৰ সম্ভাৱনা অতি কম। শেহতীয়াকৈ পতন ঘটিলেও বজাৰ বিশেষজ্ঞৰ মতে ধনতেৰাৰ দ্বাৰা ১০ গ্ৰাম সোণৰ মূল্য ১ লাখ টকীয়া তললৈ নামি যাব, ইয়াৰ সম্ভাৱনা প্ৰায় নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















