গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত চাঞ্চল্যকৰ গুলীচালনা আৰু হত্যাকাণ্ডৰ মূল অভিযুক্ত ঘনকান্ত গগৈক জে’ললৈ প্ৰেৰণ কৰা হৈছে। ৭ দিনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাৰ পিছতে আজি কামৰূপ মহানগৰ জিলাৰ CJM আদালতে অভিযুক্ত ঘনকান্ত গগৈক কাৰাগাৰলৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে।
উল্লেখ্য যে, হোটেল বিলাস ইনত সংঘটিত গুলীচালনা আৰু হত্যাকাণ্ডৰ ঘটনাই সমগ্ৰ গুৱাহাটী মহানগৰীত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। এই চাঞ্চল্যকৰ ঘটনাৰ মূল অভিযুক্ত হিচাপে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ঘনকান্ত গগৈক।
ঘটনাৰ তদন্তৰ স্বাৰ্থত আৰক্ষীয়ে ঘনকান্ত গগৈক ৭ দিনৰ জিম্মাত লৈ জেৰা চলাইছিল। আজি অভিযুক্তজনৰ আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰে। ইয়াৰ পিছতে ঘনকান্ত গগৈক আদালতত হাজিৰ কৰোৱা হয়। আদালতত হাজিৰ কৰোৱাৰ পিছত কামৰূপ মহানগৰ জিলাৰ CJM আদালতে অভিযুক্তজনক জে’ললৈ প্ৰেৰণৰ নিৰ্দেশ দিয়ে। আদালতৰ নিৰ্দেশ অনুসৰি ঘনকান্ত গগৈক কাৰাগাৰলৈ প্ৰেৰণ কৰা হয়।
ইফালে, হোটেল বিলাস ইনত সংঘটিত গুলীচালনা আৰু হত্যাকাণ্ডৰ ঘটনাক লৈ আৰক্ষীৰ তদন্ত অব্যাহত আছে। এই চাঞ্চল্যকৰ হত্যাকাণ্ডৰ সৈতে জড়িত অন্যান্য তথ্য উদঘাটনৰ বাবে তদন্তকাৰী আৰক্ষীয়ে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















