• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতীয় ৰে’ল হ’বগৈ ভাড়াতীয়া ৰে’ল

ভাৰতীয় ৰে’ল হ’বগৈ ভাড়াতীয়া ৰে’ল

6 years ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

37 minutes ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

1 hour ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

2 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

2 hours ago
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

4 hours ago
ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

ডায়বেটিছৰ কাৰণে ভয়ংকৰ ক্ষতি হ’ব শৰীৰৰ! বন্ধ্যাত্বৰ চিকাৰ হ’ব পাৰে পুৰুষৰ, জানক কি কয় বিশেষজ্ঞই?

4 hours ago
অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

অষ্টম পে কমিছনত ১৮ হাজাৰ দৰমহা বাঢ়ি হ’ব ৬০হাজাৰ? জানি থওক হিচাপ

5 hours ago
নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

নক্ষত্ৰ সলনি কৰিছে চন্দ্ৰই, ২৬ ঘণ্টা গল্ডেন টাইম, অৰ্থলাভ কৰিব ৪ৰাশিৰ জাতকে

5 hours ago
শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

শীৰ্ষস্থান দখল কৰা জ্যোতিৰ্ময় দাসৰ পিতৃ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, উৰুখা পজাৰ পৰা ওলোৱা জ্যোতিৰ্ময়ৰ ভৱিষ্যতৰ সপোন কি?

6 hours ago
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

6 hours ago
১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

১৪ এপ্ৰিলত সূৰ্যৰ মহাগোচৰ, নতুন সৌৰবৰ্ষত ৪ৰাশিৰ মুখত উজলিব হাঁহি, অৰ্থলাভ কৰিব কোন কোন ৰাশিৰ জাতকে?

6 hours ago
মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

মীন ৰাশিত বুধ, কাইলৈৰ পৰা দ্বিদাদশ যোগ, ঘূৰিব ভাগ্যৰ চকা, দ্বিগুণ অৰ্থলাভ ৩ৰাশিৰ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home লেখা

ভাৰতীয় ৰে’ল হ’বগৈ ভাড়াতীয়া ৰে’ল

editor by editor
July 4, 2020 - Updated on July 5, 2020
in অসম, লেখা
0
ভাৰতীয় ৰে’ল হ’বগৈ ভাড়াতীয়া ৰে’ল
444
SHARES
796
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

যাত্ৰী তথা মাল পৰিবহণৰ ক্ষেত্ৰত ৰে’ল সেৱাই গোটেই বিশ্বতে এক গুৰুত্বপূর্ণ স্থান লাভ কৰি আহিছে। উন্নত দেশবোৰৰ ৰে’ল ব‍্যৱস্থাই দেশবোৰৰ প্ৰগতিৰেই গতি প্ৰদান কৰিছে। আমাৰ দেশতো আনুষ্ঠানিকভাৱে ১৮৫৩ চনত বম্বে আৰু থানে চহৰৰ মাজৰ ৩২ কিমি. দূৰত্বৰ ৰে’লপথ সামৰি যি ৰে’লসেৱাৰ সূচনা কৰা হৈছিল, সেই ভাৰতীয় ৰে’লে বর্তমানৰ সময়ত দৈনিক ১৩,৪০০ খন যাত্ৰীবাহী আৰু প্ৰায় ৮,০০০ খন মান মালবাহী ৰে’লৰ চলাচল কৰাই আহিছে। সেৱাখণ্ডত আত্মনিয়োগ কৰা দেশৰ এক অন‍্যতম শিল্প এই ৰে’ল বিভাগটোৱে বিগত সময়ছোৱাত সুদক্ষ পৰিচালনাৰ অধীনত দিনে নিশাই ৰাইজৰ সেৱাত ব্ৰতী হোৱাৰ উপৰি সর্বাধিক কর্মসংস্থাপন দিবলৈ সক্ষম হৈছিল। সম্পূর্ণ চৰকাৰী খণ্ডত থকা এই বিভাগটোৱে দৈনিক ২.৩০ কোটি মানুহক ৰে’ল ভ্ৰমণৰ সুযোগ দি আহিছে, যাৰ অর্ধেক ৰে’ল ব’ম্বে লোকেল ট্ৰেইনেই কঢ়িয়ায়। বিশাল দেশখনৰ ইমূৰৰ পৰা সিমূৰলৈ যাত্ৰী কঢ়িওৱাৰ উপৰি দৈনন্দিন জীৱন-জীৱিকাৰ প্ৰয়োজনত মুঠ যাত্ৰীৰ আধাতকৈয়ো বেছি সংখ‍্যক লোকে ৰে’লগাড়ী ব‍্যৱহাৰ কৰে, যিবোৰক জনা যায় নিত‍্যযাত্ৰী বুলি। দেশৰ ডাঙৰ ডাঙৰ চহৰবোৰত দেখা পোৱা লোকেল ট্ৰেইন অর্থাৎ উপকণ্ঠীয় সেৱা (Sub Urban Service) ভাৰতীয় ৰে’লৰ অন‍্য এক সেৱা, যাৰ আনুষ্ঠানিক প্ৰচলন আজিলৈকে আমাৰ ৰাজ‍্যত হোৱা নাই। দূৰণীবটীয়া যাত্ৰীবাহী (Mail/Express) আৰু মালবাহী (Goods) ৰে’লৰ সেৱাহে আমাৰ চিনাকি সেৱা হৈ আছে। সি যি কি নহওক, এনে এক জীৱনৰেখা স্বৰূপ ভাৰতীয় ৰে’লৰ গৰিমা দিনক দিনে ম্লান হ’ব ধৰিছে, যাৰ বাবে দীর্ঘদূৰত্বৰ ভ্ৰমণৰ বেলিকা মানুহে ধাৰৰ বোজা কান্ধত লৈ হ’লেও এয়াৰপ’র্টমুখী হ’বলৈ ধৰিছে। কাৰণ বহু যদিও মূলতঃ সময়সূচীমতে গন্তব‍্যস্থল নোপোৱা, বিচাৰিলেই আসন সংৰক্ষণ নোপোৱা অর্থাৎ টিকট নোপোৱা, সুস্বাদু আহাৰ, চাফচিকুণতাৰ লগতে প্ৰয়োজনীয় যাত্ৰী নিৰাপত্তাৰ অভাৱ আদিয়েই প্ৰধান। সেয়ে ৰে’ল এতিয়া প্ৰথম পছন্দৰ বাছনিত নুঠা হৈছে। সেইবুলি ১৩৮ কোটি জনসংখ‍্যাৰ দেশত দূৰণীবটীয়া দ্ৰুতগামী ৰে’লবোৰৰো আসন খালী নাথাকে। কাৰণ উৰাজাহাজৰো সুবিধা সকলো স্থানতে নাথাকে। অর্থাৎ ক’ব পাৰি যো চাহিদা শেষ হোৱা নাই। চাহিদানুসাৰে ৰে’ল পৰিবহনৰ সুব‍্যৱস্থা বিভাগে দিবহে পৰা নাই।

আমাৰ ৰাজ‍্যতে আমি দেখিছো আজি পর্যন্ত এটা পথেৰেই (Single Line) ৰে’লগাড়ী চলিছে, যাৰ ফলত বিপৰীত ফালৰ পৰা অহাখনক যোৱাৰ সুযোগ দিবলৈ কোনোবা এটা ষ্টেচনত বোন্দাপৰ দিব লাগে। যথেষ্ট সংখ‍্যক আস্থান মানে টার্মিনাল নাই, য’ৰ পৰা চাফ-চিকুণ কৰি বা যান্ত্ৰিক পৰীক্ষা আদি কৰি সময়মতে গাড়ী এখন যাবলৈ সাজু কৰা হয়। তেনেদৰে দিনে-নিশাই চলা গাড়ীখনৰ বাবে প্ৰয়োজনীয় কর্মচাৰীৰ অভাৱে ৰে’ল বিভাগক কোঙা কৰি পেলাইছে। ড্ৰাইভাৰ, গার্ড, মাষ্টৰ নথকা বাবে অন‍্য অজুহাত দেখুৱাই ৰে’ল বাতিল কৰিবলগীয়া অৱস্থা হৈছে। এনেদৰে গোটেই দেশতে চাহিদা পূৰাবলৈ গৈ ৰে’ল বিভাগ ডাঙৰ প্ৰত‍্যাহ্বানৰ সন্মুখীন হৈছে। লক্ষ‍্যণীয় কথাটো হ’ল বিগত ১০ বছৰত আয়-ব‍্যয়ৰ হিচাপ কৰা অপাৰেটিং ৰেচিঅ’ আটাইতকৈ বেয়া অৱস্থা পাইছেগৈ।

অভিজ্ঞ সমালোচকসকলে মত প্ৰকাশ কৰিছে যে বর্তমানৰ মোদী চৰকাৰৰ দিনত ৰে’লৰ দৰে এক দক্ষ আৰু শক্তিশালী শিল্পকো আত্মনির্ভৰ কৰি নাৰাখি এপদ এপদকৈ ব‍্যক্তিগত খণ্ডৰ হাতত গটাই দি ভাৰতীয়ৰ জীৱন ৰেখাক ধ্বংসৰ মুখলৈ ঠেলি দিয়া হ’ল। কোংকন ৰে’ল, দিল্লী মেট্ৰ’, কোচি মেট্ৰ’ আদিৰ দৰে ডাঙৰ ডাঙৰ পৰিকল্পনা ৰূপায়ণৰ দায়িত্বত থকা ৮৮ বছৰীয়া চিভিল ইঞ্জিনিয়াৰ ই.শ্ৰীধৰণ (যাক মেট্ৰ’ মেন বুলি জনা যায়)ৰ মতে, ক্ষমতালৈ আহিয়েই ৯২ বছৰীয়া এক সুন্দৰ ৰে’ল ব‍্যৱস্থা মোডী চৰকাৰে প্ৰত‍্যাহাৰ কৰিলে। এটা বিত্তীয় বর্ষত দেশৰ  কোন প্ৰান্তত, কি ধৰণে, কিমান ধন খৰচ কৰি আন্তঃগাঁঠনি উন্নয়ন কৰা উচিত হ’ব বা কিমানখন নতুন ট্ৰেইন চলোৱা হ’ব আদিকে ধৰি ৰে’ল সম্বন্ধীয় সমগ্ৰ দিশ আলোচনা কৰিবলৈ সাংসদ, উদ‍্যোগ খণ্ড, বাণিজ‍্য সংস্থা, ৰে’ল যাত্ৰী সংস্থা আদিৰ সৈতে ৰে’লমন্ত্ৰীগৰাকীয়ে আলোচনাত মিলিত হৈ ৰে’ল বাজেট প্ৰস্তুত কৰা এটা প্ৰক্ৰিয়া আছিল। সংসদৰ বাজেট অধিৱেশনত এনেদৰে সুকীয়াকৈ ৰে’ল বাজেট দাখিল কৰা হৈ আহিছিল ১৯২৪ চনৰ পৰাই যিটো স্বাধীনোত্তৰ কালতো অব‍্যাহত আছিল। ৰে’ল বাজেটক লৈ গোটেই দেশতে এক উৎসৱমুখৰ পৰিৱেশ দেখা গৈছিল। যিদৰে পৰিকল্পনা আয়োগ নাৰাখি নীতি আয়োগ কৰা হ’ল, তেনেদৰে ২০১৭-১৮ চনৰ পৰা ৰে’ল বাজেটকো নোহাৱা কৰি সাধাৰণ বাজেটৰ এটা মাত্ৰ পেৰাগ্ৰাফ কৰি দিয়া হ’ল। এনেদৰে গুৰুত্বহীন কৰি দিয়া হ’ল ৰে’ল নামৰ বিষয়টিক। এই ধাৰা অব‍্যাহত ৰাখি শেহতীয়াকৈ ১৫১ খন মানুহৰ পছন্দৰ তালিকাত থকা যাত্ৰীবাহী ৰে’লক দেশী-বিদেশী কোম্পানীৰ হাতত গতাব খুজি নিবিদা আহ্বান কৰা হৈছে।

আমাৰ ৰাজ‍্যৰ ৰে’লযাত্ৰী সংগঠন হিচাপে ‘অসম ৰে’ল যাত্ৰী সংস্থা’ৰ পক্ষৰ পৰা আমি এনে পদক্ষেপৰ বিৰোধিতা কৰিছো, কাৰণ এনে কার্যই আগলৈ কর্মীৰ সংখ‍্যা হ্ৰাস কৰাই নহয়, ৰে’ল ভাৰা অস্বাভাৱিক হাৰত বৃদ্ধি কৰি ৰাইজৰ ভ্ৰমণৰ সুযোগ সংকুচিত কৰিব। যোৱা বাজেটতে এনে প্ৰস্তাৱ ৰখা হৈছিল। অতি বেছি দেশপ্ৰেমী সজোৱা চৰকাৰ এখনে ৰে’ল সেৱাৰ মান উন্নত কৰিবলৈ বিভাগটোক শক্তিশালী নকৰি যথেষ্ট উপার্জন হৈ থকা পথসমূহৰ ৰে’লবোৰৰ পৰিচালনাৰ দায়িত্বও চৰকাৰৰ হাতত নাৰাখি অইনক গতাই ভাৰতীয় ৰে’লক ভাৰাতীয়া ৰে’ললৈ পৰিৱর্তন কৰাৰ প্ৰয়াসৰ বিৰুদ্ধে প্ৰকৃত দেশপ্ৰেমীসকলে মাত মতাৰ প্ৰয়োজন হৈ পৰিছে। আগতে ব‍্যক্তিগত খণ্ডত সুকীয়া ৰে’লপথ নির্মাণ কৰিবলৈ, সুকীয়া কর্মী বাহিনী নিয়োগ কৰিবলৈ সেই হাউছবোৰক বাধ‍্য কৰাওক। আমি পিছত সিদ্ধান্ত ল’ম ভাৰতীয় ৰে’লত উঠিম নে আদানী ৰে’লত! পছন্দৰ দুৱাৰ খোলা থাকক। ৰাষ্ট্ৰীয় ঐক‍্যৰ প্ৰতীক ভাৰতীয় ৰে’ল সর্বশক্তিমান হৈ থাকক। ভাৰত মাতাক পেং লাখুটি নালাগে।

(লেখকঃ দীপঙ্কৰ শর্মা অসম ৰে’লযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: all india rail passenger associationassam rail passenger associationcentral govt indiacentral rail minister of indiadipankar sarmaIndian RailwayPiyush gowelPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!
জীৱনশৈলী

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

April 10, 2026
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?
প্ৰযুক্তি

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

April 10, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

April 10, 2026
কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
জীৱনশৈলী

কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?

April 10, 2026
Next Post
‘অসম লাইভ ২৪’ত বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা

'অসম লাইভ ২৪'ত বিজেপিৰ মুখপাত্ৰ জয়ন্ত মল্ল বৰুৱা

চাপত চীন

চাপত চীন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.