বিলাস ইন কাণ্ডক লৈ পোহৰলৈ আহিছে একাধিক ভয়ংকৰ তথ্য। গাড়ী পাৰ্কিঙক লৈ হোৱা সামান্য তৰ্কাতৰ্কিৰ পৰাই সংঘটিত হৈছিল এই ভয়ংকৰ গু*লীচালনাৰ ঘটনা। ঘটনাৰ প্ৰত্যক্ষদৰ্শী সত্যেন্দ্ৰ পাঠকে প্ৰকাশ কৰা তথ্যৰ ভিত্তিত সমগ্ৰ ঘটনাৰ সবিশেষ জনালে বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে।
প্ৰকাশিত তথ্য অনুসৰি, প্ৰথমে দেৱৰ্ষি কাশ্যপ আৰু ঘনকান্ত গগৈৰ মাজত গাড়ী পাৰ্কিঙক লৈ কাজিয়াৰ সূত্ৰপাত হৈছিল। ঘনকান্ত গগৈয়ে দেৱৰ্ষিক প্ৰথমে গাড়ীখন আঁতৰাবলৈ কৈছিল। কিন্তু দেৱৰ্ষিয়ে সেই কথাত সন্মতি প্ৰকাশ নকৰি নিজৰ গাড়ীৰ পিছফালে ঘনকান্তৰ গাড়ী ৰখাবলৈ দিছিল। এই কথাক লৈ দুয়োৰে মাজত তৰ্কাতৰ্কি আৰম্ভ হয়। কাজিয়াৰ মাজতে দেৱৰ্ষি হোটেলৰ ভিতৰলৈ সোমাই যায়। সেই সময়তে ঘনকান্ত গগৈয়ে দেৱৰ্ষি কাশ্যপলৈ গু*লীচালনা কৰে বুলি সত্যেন্দ্ৰ পাঠকে প্ৰকাশ কৰা তথ্যত উল্লেখ কৰা হৈছে।
দেৱৰ্ষিক গু*লী কৰা দেখি তেওঁৰ মাতৃ হেলেনা ভৰালী দৌৰি আহে। কিন্তু ঘনকান্ত গগৈয়ে হেলেনা ভৰালীকো গু*লীয়ায়। ইয়াৰ পিছতে ৰিণিকাক লক্ষ্য কৰি গু*লীচালনা কৰে ঘনকান্তই। সমগ্ৰ ঘটনা চকুৰ সন্মুখতে প্ৰত্যক্ষ কৰি আত্মৰক্ষাৰ চেষ্টা কৰিছিল ভূদেৱ ভৰালীয়ে। কিন্তু সেই সময়তে ঘনকান্ত গগৈয়ে পিছফালৰ পৰা ভূদেৱ ভৰালীক গু*লীচালনা কৰে বুলি প্ৰকাশ পাইছে।
আনহাতে, গু*লীচালনাৰ ঘটনা দেখি হোটেলৰ কম্পিউটাৰ কক্ষত সোমাই আত্মৰক্ষাৰ চেষ্টা কৰিছিল সত্যেন্দ্ৰ পাঠকে। কিন্তু ঘনকান্ত গগৈয়ে সত্যেন্দ্ৰ পাঠককো গু*লীয়ায়। এই ঘটনাত আঘাতপ্ৰাপ্ত হয় সত্যেন্দ্ৰ পাঠক। ইপিনে, নাৰায়ণ দাসক গু*লী কৰাৰ সন্দৰ্ভত সত্যেন্দ্ৰ পাঠকৰ ওচৰত কোনো তথ্য নাই বুলি জানিবলৈ দিছে বিধায়ক দীপক কুমাৰ দাসে।
ঘাতক ঘনকান্তক কঠোৰ শাস্তিৰ দাবী
বিলাস ইন কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে অভিযুক্ত ঘনকান্ত গগৈৰ কঠোৰতম শাস্তিৰ দাবী জনাইছে। তেওঁৰ মতে, গাড়ী পাৰ্কিঙক লৈ হোৱা তৰ্কাতৰ্কিৰ পৰাই এনে ভয়ংকৰ ঘটনা সংঘটিত হোৱাটো অত্যন্ত উদ্বেগজনক। বিধায়কগৰাকীয়ে তদন্ত বিপথে পৰিচালনা কৰাৰ অভিযোগ উত্থাপন কৰি ঘনকান্ত গগৈৰ পত্নী জোনমণিকো আইনৰ আওতালৈ অনাৰ দাবী জনাইছে। লগতে ঘটনাৰ প্ৰত্যক্ষদৰ্শী সত্যেন্দ্ৰ পাঠকৰ নিৰাপত্তাৰ স্বাৰ্থত তেওঁৰ বাসগৃহত নিৰাপত্তাৰক্ষী নিয়োগ কৰিবলৈ আহ্বান জনাইছে বিধায়কগৰাকীয়ে। বিলাস ইন কাণ্ডৰ ন্যায় নিশ্চিত কৰিবলৈ ফাষ্টট্ৰেক আদালতৰ জৰিয়তে গোচৰটোৰ বিচাৰ সম্পন্ন কৰাৰ দাবীও উত্থাপন কৰিছে দীপক কুমাৰ দাসে।
এতিয়া বিলাস ইন কাণ্ডৰ তদন্ত আৰু ন্যায়িক প্ৰক্ৰিয়াৰ ওপৰত ৰাজ্যবাসীৰ দৃষ্টি নিবদ্ধ হৈছে। ঘটনাৰ সৈতে জড়িত সকলো তথ্যৰ নিৰপেক্ষ তদন্ত আৰু দোষীৰ কঠোৰ শাস্তি নিশ্চিত কৰাটোৱেই হ’ব এই ভয়ংকৰ কাণ্ডৰ ভুক্তভোগীসকলৰ বাবে ন্যায়ৰ পথ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















