শেহতীয়াকৈ ক্ষুদ্ৰ বিত্তীয় বেংকৰ পৰা আৰম্ভ কৰি দেশৰ বৃহৎ চৰকাৰী আৰু ব্যক্তিগত বেংকলৈকে সকলোৱে নিজৰ নতুন সুতৰ হাৰ কাৰ্যকৰী কৰিছে। এফ ডিৰ সুতৰ হাৰৰ দৌৰত ক্ষুদ্ৰ বিত্তীয় বেংকে বৃহৎ চৰকাৰী আৰু ব্যক্তিগত বেংকক এৰি যোৱা দেখা গৈছে। যদি আপুনি আপোনাৰ ধন সঠিক বেংকত আৰু সঠিক কাৰ্যকালৰ বাবে ৰাখে তেন্তে আপুনি এফ ডিৰ সৰ্বোচ্চ সুতৰ হাৰ ৮.৬০% পৰ্যন্ত পাব পাৰে।
সূৰ্যোদয় ক্ষুদ্ৰ বিত্তীয় বেংকে বৰ্তমান গ্ৰাহকক সৰ্বাধিক সুতৰ হাৰ আগবঢ়াইছে। এই নতুন সুতৰ হাৰ ২০২৬ চনৰ ৩০ অক্টোবৰৰ পৰা কাৰ্যকৰী কৰা হৈছে।বেংকটোৱে সাধাৰণ গ্ৰাহকৰ বাবে ৫ বছৰৰ এফডিৰ ৮.২৫% সুত আগবঢ়াইছে। আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে এই হাৰ ৮.৬০% লৈ বৃদ্ধি পাইছে। সূৰ্যোদয় ক্ষুদ্ৰ বিত্ত বেংকে কেৱল ৫ বছৰৰ এফডিতে নহয় ১৮ মাহৰ এফডিতো ভাল সুত আগবঢ়াইছে। ১৮ মাহৰ জমা ধনত সাধাৰণ গ্ৰাহকক ৮.০১% বাৰ্ষিক সুত আৰু জ্যেষ্ঠ নাগৰিকক ৮.১৬% বাৰ্ষিক সুত প্ৰদান কৰিছে বেংকটোৱে। অৰ্থাৎ যদি আপুনি আপোনাৰ ধন দীৰ্ঘদিনলৈ লক আপ কৰিব নিবিচাৰে তেন্তে এই ডেৰ বছৰৰ এফ ডি এটা আকৰ্ষণীয় বিকল্প হ’ব পাৰে।
উটকৰ্শ ক্ষুদ্ৰ বিত্ত বেংকে ১ নৱেম্বৰৰ পৰা এফ ডি সুতৰ হাৰ সলনি কৰিছে। ইয়াৰ উপৰিও বেংকটোৱে সাধাৰণ গ্ৰাহকক ৭.৫০% বাৰ্ষিক সুত আৰু জ্যেষ্ঠ নাগৰিকক ৭.৯০% বাৰ্ষিক সুত প্ৰদান কৰি আছে ২ বছৰৰ পৰা ৩ বছৰৰ কম কাৰ্যকালৰ এফ ডিৰ ওপৰত।
কোটাক মহিন্দ্ৰা বেংক আৰু এক্সিছ বেংকেও এফ ডিৰ সুতৰ হাৰ ভালকৈ আগবঢ়াইছে। কোটক মহিন্দ্ৰা বেংকে ৪ নৱেম্বৰৰ পৰা নিৰ্বাচিত এফ ডিৰ সুতৰ হাৰ সলনি কৰি সাধাৰণ গ্ৰাহকৰ বাবে ৬.৮০% সুত আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৭.৫৫% সুত ২ বছৰৰ পৰা ৩ বছৰতকৈ কম সময়ৰ এফ ডিত প্ৰদান কৰিছে। আনহাতে, এক্সিছ বেংকে ২ বছৰৰ পৰা ১০ বছৰলৈকে কাৰ্যকালৰ এফ ডিত সাধাৰণ গ্ৰাহকৰ বাবে সৰ্বোচ্চ ৬.৬০% আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে ৭.৩৫% সুতৰ হাৰ আগবঢ়াইছে।
পঞ্জাব নেচনেল বেংক (পিএনবি) আৰু বেংক অৱ ইণ্ডিয়াইও এফডিৰ ওপৰত ৭.৩৫% পৰ্যন্ত সুতৰ হাৰ আগবঢ়াইছে। পিএনবিৰ ৪৪৪ দিনীয়া বিশেষ এফডিয়ে সাধাৰণ গ্ৰাহকক ৬.৬০% আৰু জ্যেষ্ঠ নাগৰিকক ৭.১০% সুত প্ৰদান কৰে। আনহাতে, বেংক অৱ ইণ্ডিয়াই ৩ কোটি টকাৰ তলৰ জমা ধনৰ বাবে নতুন ‘ব আই অক্ষয় এফ ডি’ মুকলি কৰিছে। এই আঁচনিৰ অধীনত সাধাৰণ গ্ৰাহকে ৬.৮৫% সুত, ৬০ৰ পৰা ৮০ বছৰ বয়সৰ জ্যেষ্ঠ নাগৰিকে ৭.৩৫% আৰু ৮০ বছৰৰ ওপৰৰ ছুপাৰ জ্যেষ্ঠ নাগৰিকে ৭.৫০% সুত লাভ কৰিছে।
এফ ডিত ধন বিনিয়োগ কৰাৰ আগতে আপুনি কেৱল সৰ্বোচ্চ সুতৰ হাৰৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত লোৱা উচিত নহয়। দুই এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব। বিনিয়োগ কৰাৰ আগতে এফ ডিৰ কাৰ্যকাল আপোনাৰ বিত্তীয় পৰিকল্পনাৰ লগত খাপ খাইছে নে নাই পৰীক্ষা কৰক। লগতে মেচিউৰিটি ডেটৰ আগতে ধন উলিয়াই ল’লে প্ৰযোজ্য হ’বলগীয়া জৰিমনা বা চৰ্তসমূহৰ বিষয়েও সচেতন হওক।
ইয়াৰে এটা গুৰুত্বপূৰ্ণ কথা হ’ল এফ ডিৰ পৰা উপাৰ্জন কৰা সুতৰ ওপৰত কৰ। ফিক্সড ডিপ’জিটৰ পৰা পোৱা সুত সম্পূৰ্ণ কৰমুক্ত নহয়। এই সুতৰ আয় আপোনাৰ বাৰ্ষিক আয়ৰ সৈতে যোগ কৰা হয় আৰু আপোনাৰ প্ৰযোজ্য আয়কৰ স্লেব অনুসৰি কৰ আৰোপ কৰিব পাৰে। গতিকে বিনিয়োগৰ সিদ্ধান্ত লোৱাৰ আগতে কেৱল সুতৰ হাৰেই নহয়, কৰ কৰ্তনৰ পিছত আপোনাৰ হাতত কিমান টকা থাকিব সেয়াও বিবেচনা কৰা উচিত।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















