• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?

য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?

27 seconds ago
ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!

ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!

20 minutes ago
অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

অন্ধবিশ্বাসৰ ভয়ংকৰ পৰিণতি, এজন-দুজন নহয়, ১৯১জন লোকক হত্যা!

47 minutes ago
কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

1 hour ago
এই ৩ ৰাশিৰ আজি লাভেই লাভ!

এই ৩ ৰাশিৰ আজি লাভেই লাভ!

2 hours ago
হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

10 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

৭ নৱেম্বৰত ভাগ্যই দেখুৱাব ৰং, ৫ ৰাশি হ’ব মালামাল!

10 hours ago
Old Monk বিক্ৰী নিষিদ্ধ! FSSAI আনিলে গুৰুতৰ অভিযোগ

Old Monk বিক্ৰী নিষিদ্ধ! FSSAI আনিলে গুৰুতৰ অভিযোগ

11 hours ago
হাৰ্ট এটেকত জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতত শোকৰ ছাঁ

হাৰ্ট এটেকত জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতত শোকৰ ছাঁ

11 hours ago
আমেৰিকাত ট্ৰাম্পৰ দলৰ বিপৰ্যয়, ভাৰতৰ বাবে ডাঙৰ সকাহ! হৰমুজ মুকলি ইৰাণৰ

আমেৰিকাত ট্ৰাম্পৰ দলৰ বিপৰ্যয়, ভাৰতৰ বাবে ডাঙৰ সকাহ! হৰমুজ মুকলি ইৰাণৰ

11 hours ago
CBSEৰ দশম আৰু দ্বাদশ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কোনটো বিষয়ত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ’ব?

CBSEৰ দশম আৰু দ্বাদশ পৰীক্ষাৰ সময়সূচী প্ৰকাশ, কোনটো বিষয়ত কেতিয়া পৰীক্ষা অনুষ্ঠিত হ’ব?

12 hours ago
প্ৰিয়তমে ভাঙিছে আপোনৰ হৃদয়? এই টিপছে কৰক প্ৰেমত বলিয়া!

প্ৰিয়তমে ভাঙিছে আপোনৰ হৃদয়? এই টিপছে কৰক প্ৰেমত বলিয়া!

13 hours ago
পুনৰ ভূমিকম্পৰ জোকাৰণি! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৭.৩

আকৌ প্ৰচণ্ড ভূমিকম্প, কঁপি উঠিল সকলো!

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?

এই সিদ্ধান্তৰ আঁৰতো আছে এক বিশেষ কাৰণ

editor by editor
November 7, 2026
in ক্ৰীড়া, বিনোদন, ভাৰত
0
য’ত আৰম্ভ হৈছিল, তাতেই শেষ… অৱসৰৰ বাবে ছামিয়ে কিয় বাছি ল’লে ৬ নৱেম্বৰ?
0
SHARES
1
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট দলৰ তাৰকা বেগী বলাৰ মহম্মদ ছামিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছে। ৬ নৱেম্বৰত নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত এক আৱেগিক বাৰ্তা প্ৰকাশ কৰি অনুৰাগীসকলক এই কথা জনায় ছামিয়ে। ইয়াৰ লগে লগে ভাৰতীয় ক্ৰিকেটৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰগৰাকীৰ ১৩ বছৰীয়া টেষ্ট কেৰিয়াৰৰ অন্ত পৰে। ভাৰতীয় দলৰ হৈ মহম্মদ ছামিয়ে মুঠ ৬৪খন টেষ্ট মেচ খেলি ২২৯টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ বলিঙে বহু গুৰুত্বপূৰ্ণ মেচত ভাৰতীয় দলক সফলতা প্ৰদান কৰিছিল।

অভিষেকৰ দিনটোতে অৱসৰৰ ঘোষণা

মহম্মদ ছামিৰ টেষ্ট কেৰিয়াৰৰ সৈতে ৬ নৱেম্বৰ তাৰিখটোৰ এক বিশেষ সম্পৰ্ক আছে। ২০১৩ চনৰ ৬ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট ক্ৰিকেটত অভিষেক ঘটিছিল ছামিৰ। আশ্চৰ্যজনকভাৱে, ১৩ বছৰৰ পাছত একে তাৰিখতে তেওঁ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰে। অৰ্থাৎ যিটো দিনত ছামীয়ে টেষ্ট ক্ৰিকেটৰ যাত্ৰা আৰম্ভ কৰিছিল, সেই একেটা দিনতে তেওঁ এই ফৰ্মেটৰ পৰা বিদায় লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

অভিষেক টেষ্টতে ৯টা উইকেট দখল

টেষ্ট ক্ৰিকেটত মহম্মদ ছামিৰ আৰম্ভণি আছিল অতি চমকপ্ৰদ। ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অভিষেক মেচখনত তেওঁ দুয়োটা ইনিংছ মিলাই মুঠ ৯টা উইকেট দখল কৰিছিল। প্ৰথম ইনিংছত ছামীয়ে ১৭ অভাৰ বলিং কৰি ৭১ ৰানৰ বিনিময়ত ৪টা উইকেট লাভ কৰিছিল। আনহাতে, দ্বিতীয় ইনিংছত ১৩.১ অভাৰ বলিং কৰি ৪৭ ৰানৰ বিনিময়ত ৫টা উইকেট দখল কৰিবলৈ সক্ষম হৈছিল ছামিয়ে।

অন্তিম টেষ্ট মেচতো উজ্জ্বল প্ৰদৰ্শন

মহম্মদ ছামীয়ে নিজৰ টেষ্ট কেৰিয়াৰৰ অন্তিমখন মেচতো বলিঙেৰে সকলোকে মুগ্ধ কৰিছিল। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল আছিল তেওঁৰ অন্তিমখন টেষ্ট মেচ। সেই মেচখনত ছামিয়ে দুয়োটা ইনিংছ মিলাই ৪টা উইকেট দখল কৰিছিল। যদিও তেওঁ নিজৰ বলিঙেৰে দলৰ বাবে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল, তথাপি পৰৱৰ্তী সময়ত আঘাতৰ সমস্যাৰ বাবে টেষ্ট ক্ৰিকেটৰ পৰা আঁতৰি থাকিবলগীয়া হয়।

মহম্মদ ছামিৰ ১৩ বছৰীয়া টেষ্ট কেৰিয়াৰ বহু স্মৰণীয় প্ৰদৰ্শন, দুৰ্দান্ত বলিং আৰু অসাধাৰণ সফলতাৰে ভৰি আছে। ৬৪খন টেষ্ট মেচত ২২৯টা উইকেট দখল কৰি তেওঁ ভাৰতীয় ক্ৰিকেটৰ ইতিহাসত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিলে। তেওঁৰ অৱসৰে ভাৰতীয় টেষ্ট ক্ৰিকেটত এক বিশেষ অধ্যায়ৰ সমাপ্তি ঘটালে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Mohamamd Shami
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!
জীৱনশৈলী

ৰে’লযাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ খবৰ!

November 7, 2026
কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?
বিবিধ

কেনেকৈ নৱম শ্ৰেণীৰ এইজন ছাত্ৰই লাভ কৰিলে ২.৩ কোটিটকীয়া বাহন?

November 7, 2026
হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!
ভাৰত

হৃদয়স্পর্শী! কৃত্ৰিম চকু লাভ কৰি মুখত হাঁহি বিৰিঙিল কণমানিৰ!

November 6, 2026
Old Monk বিক্ৰী নিষিদ্ধ! FSSAI আনিলে গুৰুতৰ অভিযোগ
ভাৰত

Old Monk বিক্ৰী নিষিদ্ধ! FSSAI আনিলে গুৰুতৰ অভিযোগ

November 6, 2026

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.