লৰেন্স বিষ্ণয় গেঙৰ বিৰুদ্ধে এক বৃহৎ অভিযান। আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছে গেঙটোৰ অন্যতম গুৰুত্বপূৰ্ণ সদস্য কুখ্যাত হেৰী বক্সাৰ। গেঙৰ ৩ নম্বৰ সদস্য হিচাপে পৰিচিত হেৰী বক্সাৰক শীঘ্ৰে ভাৰতলৈ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ আশংকা আছে।
হেৰী বক্সাৰে আমেৰিকাত থাকিয়েই লৰেন্স বিষ্ণয় গেঙৰ বিভিন্ন অপৰাধমূলক কাৰ্যকলাপ পৰিচালনা কৰি আহিছিল বুলি অভিযোগ উত্থাপিত হৈছে। চলচ্চিত্ৰ পৰিচালক ৰোহিত শেট্টীৰ ঘৰৰ বাহিৰত সংঘটিত গুলীচালনাৰ ঘটনাৰ দায়িত্বও তেওঁ স্বীকাৰ কৰিছিল।
এই ঘটনাৰ পিছতে হেৰী বক্সাৰে ছ’চিয়েল মিডিয়াত বিভিন্ন পোষ্ট আৰু অডিঅ’ মেছেজৰ জৰিয়তে বলীউডৰ সৈতে জড়িত কেইবাগৰাকীও ব্যক্তিক ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ ভিতৰত অভিনেতা কপিল শৰ্মা আৰু ছলমান খানক ভাবুকি দিয়াৰ বিষয়টোও চৰ্চালৈ আহিছিল।
হেৰী বক্সাৰৰ গ্ৰেপ্তাৰ লৰেন্স বিষ্ণয় গেঙৰ বাবে এক বৃহৎ আঘাত হিচাপে বিবেচিত হৈছে। ইয়াৰ পূৰ্বেও আমেৰিকাৰ সংস্থাই গেংষ্টাৰ হিমাংশু ভাউক গ্ৰেপ্তাৰ কৰিছিল। এতিয়া হেৰী বক্সাৰক ভাৰতলৈ অনাৰ প্ৰক্ৰিয়া কিমান সোনকালে সম্পন্ন হয়, সেয়া লক্ষণীয় হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















