বেংকত এই সপ্তাহত বহুতৰে গুৰুত্বপূৰ্ণ কাম আছে। ইয়াৰ মাজতে আৰ বি আইয়ে প্ৰকাশ কৰা ছুটীৰ কেলেণ্ডাৰ অনুসৰি ৯ নৱেম্বৰৰ পৰা ১৫ নৱেম্বৰৰ ভিতৰত ৰাজ্যত মুঠ ৬ দিনৰ বাবে বেংক বন্ধ থাকিব। এই তালিকাত এছ বি আই, এইচ ডি এফ চি বেংক, আই চি আই চি আই বেংক, এক্সিছ বেংককে ধৰি দেশৰ কেইবাটাও ৰাজহুৱা আৰু ব্যক্তিগত বেংক অন্তৰ্ভুক্ত কৰা হৈছে। অৱশ্যে সকলো ৰাজ্যতে একেদিনাই বন্ধ নহ’ব বেংক। আঞ্চলিক উৎসৱ আৰু সাপ্তাহিক বন্ধৰ ভিত্তিত বন্ধৰ দিন সলনি হ’ব। আৰ বি আইৰ নিয়ম অনুসৰি মাহৰ ২ আৰু ৪ শনিবাৰে বেংক বন্ধ থাকে। ইয়াৰ উপৰিও বিভিন্ন ৰাজ্যত স্থানীয় উৎসৱ আৰু বিশেষ অনুষ্ঠান উপলক্ষে বেংকসমূহে বন্ধৰ দিন পালন কৰে। এই সপ্তাহৰ বন্ধৰ তালিকাখন চাওকচোন।
৯ ছেপ্টেম্বৰ (সোমবাৰ) – দীপাৱলী, লক্ষ্মী পূজা, গোৱৰ্ধন পূজা আৰু বিশ্বকৰ্মা দিৱস উপলক্ষে আগৰতলা, ভোপাল, চণ্ডীগড়, গেংটক, ইম্ফল, জয়পুৰ, কানপুৰ আৰু লক্ষ্ণৌত বেংক বন্ধ থাকিব।
১০ নৱেম্বৰ (মঙলবাৰ) – বালি প্ৰতিপদা, গোবৰ্ধন পূজা, আৰু লক্ষ্মী পূজা উপলক্ষে আহমেদাবাদ, বেলাপুৰ, বেংগালুৰু, গেংটক, মুম্বাই আৰু নাগপুৰত বন্ধ থাকিব বেংক।
১১ নৱেম্বৰ (বুধবাৰ) – লক্ষ্মী পূজা, নিংগল ছাকুবা, ভাইফোণ্টা, চিত্ৰগুপ্ত জয়ন্তী উপলক্ষে বন্ধ থাকিব গেংটক, ইম্ফল, কলকাতা, লক্ষ্ণৌ, শিমলাৰ বেংক। মন কৰিবলগীয়া যে গেংটকত একেৰাহে ৩টা আঞ্চলিক বন্ধৰ দিন।
১৩ নৱেম্বৰ (শুকুৰবাৰ) – ৱাংগালা উৎসৱ উপলক্ষে শ্বিলঙৰ বেংকসমূহ বন্ধ থাকিব। ইয়াৰ পিছৰ দুটা দিন শনিবাৰ আৰু দেওবাৰে সমগ্ৰ দেশৰ সকলো বেংক বন্ধ থাকিব। মাহৰ দ্বিতীয় শনিবাৰে বেংক বন্ধ থাকিব আৰু অহা ১৫ নৱেম্বৰ দেওবাৰে সাপ্তাহিক বন্ধ থাকিব।
বেংক বন্ধ, অনলাইন সেৱা অব্যাহত থাকিব-
কিন্তু বেংকৰ শাখা বন্ধ হ’লেও গ্ৰাহকক লৈ চিন্তাৰ প্ৰয়োজন নাই। সাধাৰণতে বন্ধৰ দিনতো ইউপিআই আৰু মোবাইল বেংকিং উপলব্ধ। ফলত জৰুৰী আৰ্থিক কামত ইউপিআই ব্যৱহাৰ কৰিব পৰা যায়। এন ই এফ টি আৰু আৰ টি জি এছৰ জৰিয়তেও ধন হস্তান্তৰ কৰিব পাৰিব। এই সেৱাসমূহো ২৪ ঘণ্টাই উপলব্ধ। ইয়াৰ উপৰিও এ টি এম ব্যৱহাৰ কৰিব পাৰিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















