তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কেঁচা চাহপাত চুৰি কৰিবলৈ অহা দুৰ্বৃত্তৰ এটা দলে শূন্যলৈ দুজাই গুলীচালনা কৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ঘটনাক কেন্দ্ৰ কৰি কুমচাং চাহ বাগিচাৰ লগতে সমগ্ৰ কাকপথাৰ অঞ্চলটোতে সৃষ্টি হৈছে তীব্ৰ আতংকৰ পৰিৱেশ।
প্ৰাপ্ত তথ্য অনুসৰি, আজি আবেলি প্ৰায় ৫ বজাত কাকপথাৰৰ কুমচাং চাহ বাগিচাৰ ৪৪ নম্বৰ ছেকচনত সংঘটিত হয় এই ভয়ংকৰ ঘটনা। কেঁচা চাহপাত চুৰি কৰাৰ উদ্দেশ্যে ৪-৫জনীয়া এটা দুৰ্বৃত্তৰ দল চাহ বাগিচাখনত প্ৰৱেশ কৰিছিল। চুৰি কাৰ্য সংঘটিত কৰিবলৈ অহা দলটোৱে হঠাৎ শূন্যলৈ দুজাই গুলী ফুটায়। গুলীচালনাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্বৃত্তৰ দলটো।
দিন-দুপৰতে চাহ বাগিচাৰ ভিতৰত গুলীচালনাৰ দৰে ঘটনা সংঘটিত হোৱাক লৈ স্বাভাৱিকতে উদ্বিগ্ন হৈ পৰিছে স্থানীয় ৰাইজ আৰু চাহ বাগিচাৰ কৰ্তৃপক্ষ। কেঁচা চাহপাত চুৰি কৰিবলৈ আহি দুৰ্বৃত্তই গুলীচালনা কৰাৰ ঘটনাই অঞ্চলটোত নিৰাপত্তা ব্যৱস্থাক লৈও বিভিন্ন প্ৰশ্নৰ অৱতাৰণা কৰিছে।
ইফালে, ঘটনাৰ খবৰ লাভ কৰাৰ পাছতে ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰাৰ লগতে গুলীচালনাৰ ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তৰ দলটোৰ সন্ধানত অনুসন্ধান অব্যাহত ৰাখিছে। ঘটনাটোৰ প্ৰকৃত কাৰণ আৰু দুৰ্বৃত্তৰ পৰিচয় তদন্তৰ পাছতহে পোহৰলৈ আহিব।
কুমচাং চাহ বাগিচাৰ ৪৪ নম্বৰ ছেকচনত সংঘটিত এই ঘটনাই সমগ্ৰ কাকপথাৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। চাহপাত চুৰি কৰিবলৈ আহি দুৰ্বৃত্তই গুলীচালনা কৰা ঘটনাক লৈ এতিয়া অঞ্চলবাসীৰ মাজত ব্যাপক চৰ্চা চলিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















