আধুনিক ঘৰ, হোটেল, অফিচৰ শৌচাগাৰলৈ গ’লে এটা কথাই বহুতৰে দৃষ্টি আকৰ্ষণ কৰে। ফ্লাছ কৰাৰ বাবে এটা নহয়, দুটা পৃথক বুটাম আছে। এটাৰ আকাৰ সৰু, আনটো তুলনামূলকভাৱে ডাঙৰ। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে এই দুটা বুটাম কিয় ৰখা হয়? বহুতে গম নোপোৱাকৈয়ে যিকোনো এটা টিপি দিয়ে। কিছুমানে একে সময়তে দুয়োটা বুটাম টিপে।
সৰু-ডাঙৰ বুটামৰ কাম কি?
আধুনিক শৌচাগাৰৰ এই ব্যৱস্থাটোক ‘ডুৱেল ফ্লাছ চিষ্টেম’ বুলি কোৱা হয়। ইয়াত দুটা বুটামৰ জৰিয়তে প্ৰয়োজন অনুসৰি বিভিন্ন পৰিমাণৰ পানী ব্যৱহাৰ কৰা হয়। সাধাৰণতে সৰু বুটামটো প্ৰস্ৰাৱ কৰাৰ পিছত ফ্লাছ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ই তুলনামূলকভাৱে কম পানী (প্ৰায় ৩ লিটাৰ) নিৰ্গত কৰে। ডাঙৰ বুটামটো শৌচ কৰাৰ পিছত ফ্লাছ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ পৰা প্ৰায় ৬ লিটাৰ পানী নিৰ্গত হয়। অৰ্থাৎ প্ৰতিবাৰ ফ্লাছ কৰাৰ সময়ত গোটেই টেংকিটো পানী ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই।
এই ব্যৱস্থা কিয় প্ৰৱৰ্তন কৰা হ’ল?
আগতে বেছিভাগ শৌচাগাৰতে মাত্ৰ এটা ফ্লাছ বুটাম আছিল, যাৰ অৰ্থ আছিল প্ৰতিবাৰ ফ্লাছ কৰাৰ সময়ত একে পৰিমাণৰ পানী ব্যৱহাৰ কৰা হৈছিল। এই অপ্ৰয়োজনীয় পানীৰ অপচয় বন্ধ কৰিবলৈ এই প্ৰযুক্তি প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ মূল উদ্দেশ্য হৈছে পানীৰ ব্যৱহাৰ হ্ৰাস কৰা।
সঁচাকৈয়ে পানী ৰাহি হয়নে?
ঘৰ এখনত দৈনিক পানী ব্যৱহাৰৰ এটা ডাঙৰ ক্ষেত্ৰ হ’ল শৌচাগাৰ। এইদৰে সঞ্চয় কৰা পানী আৰু ১ বা ২ বাৰ ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ ফলত খোৱা পানীৰ ওপৰতো চাপ কমি যায়। বুটাম দুটাৰ আকাৰ বেলেগ বেলেগ যাতে বুজা যায় যে সৰু বুটামটো কম পানীৰ ফ্লাছ আৰু ডাঙৰ বুটামটো বেছি পানীৰ ফ্লাছ। ফলত ব্যৱহাৰকাৰীয়ে বুটামৰ আকাৰ চাই কোনটো ব্যৱহাৰ কৰিব লাগে সেইটো বুজিব পাৰে। কিন্তু বহু ঘৰত এতিয়াও মাত্ৰ এটা ফ্লাছ বুটামহে ব্যৱহাৰ কৰা হয়। আচলতে এইটো কেৱল এটা ডিজাইন নহয়, ইয়াৰ আঁৰত পানী ৰাহি কৰাৰ এক ফলপ্ৰসূ পৰিকল্পনা আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















