চলচ্চিত্ৰ নগৰী মুম্বাইত পুনৰ বোমা বিস্ফোৰণৰ ভাবুকিক লৈ সৃষ্টি হৈছে তীব্ৰ আতংকৰ। সংবাদ সংস্থা PTIৰ তথ্য অনুসৰি, মুম্বাইৰ মেয়ৰৰ কাৰ্যালয়, ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু বলিউডৰ মহাতাৰকা অমিতাভ বচ্চনৰ বাসগৃহ ‘জালছা’কে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ স্থানত বো*মা বি*স্ফোৰণৰ ভাবুকি দি ইমেইল প্ৰেৰণ কৰা হৈছে। এই ঘটনাৰ পিছতে মহানগৰীৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।
ভাবুকিপূৰ্ণ ইমেইলটোত মুম্বাইৰ মেয়ৰৰ কাৰ্যালয়, অমিতাভ বচ্চনৰ বাসগৃহ, আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ, বেংক, আদালত আৰু মহালক্ষ্মী ৰেচকোৰ্ছৰ দৰে গুৰুত্বপূৰ্ণ স্থানত বো*মা বি*স্ফোৰণৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ পিছতে সংশ্লিষ্ট স্থানসমূহত নিৰাপত্তাৰক্ষীক সতৰ্ক কৰি দিয়া হয়। অৱশ্যে প্ৰাথমিক পৰীক্ষা আৰু তালাচীৰ সময়ত কোনো সন্দেহজনক বস্তু উদ্ধাৰ হোৱা নাই বুলি জানিব পৰা গৈছে।
কিছুদিন ধৰি মুম্বাইত ধাৰাবাহিক বো*মাৰ ভাবুকি
মুম্বাইত বিগত কিছুদিন ধৰি বিভিন্ন স্থানলৈ বো*মা বি*স্ফোৰণৰ ভাবুকি দি ইমেইল প্ৰেৰণ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে। অভিনেতা টাইগাৰ শ্ৰফৰ শ্বুটিঙৰ সৈতে জড়িত ঘটনাৰ পিছতো এনে ভাবুকিৰ খবৰ পোৱা গৈছিল। ইয়াৰ পূৰ্বেও মেয়ৰৰ কাৰ্যালয়লৈ একেধৰণৰ ভাবুকিপূৰ্ণ ইমেইল আহিছিল।
এইবাৰো প্ৰায় দুসপ্তাহৰ ব্যৱধানত পুনৰ একেধৰণৰ ভাবুকি লাভ কৰা হৈছে। ইমেইলটোত কেৱল এটা বা দুটা স্থান নহয়, একাধিক গুৰুত্বপূৰ্ণ স্থানক লক্ষ্য কৰি বো*মা বি*স্ফোৰণৰ ভাবুকি দিয়া হৈছে। ইয়াৰ ভিতৰত মেয়ৰৰ কাৰ্যালয়, বেংক, আদালত, অমিতাভ বচ্চনৰ বাংলো, মহালক্ষ্মী ৰেচকোৰ্ছ আৰু ছাত্ৰপতি শিৱাজী মহাৰাজ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ অন্যতম।
মুম্বাইত তৃতীয়টো ভাবুকিপূৰ্ণ ইমেইল
এয়া মুম্বাইত শেহতীয়াকৈ লাভ কৰা তৃতীয়টো ভাবুকিপূৰ্ণ ইমেইল। ইমেইলটো লাভ কৰাৰ পিছতে মহানগৰীত নিৰাপত্তা ব্যৱস্থা হাই এলাৰ্টত ৰখা হয়। বাতৰি অনুসৰি, পুৱা ১০:১২ বজাত মেয়ৰৰ কাৰ্যালয়লৈ ভাবুকিপূৰ্ণ ইমেইলটো আহিছিল। ইয়াৰ পিছতে কাৰ্যালয়টোৰ নিৰাপত্তা বৃদ্ধি কৰা হয়। বোমা নিষ্ক্ৰিয়কৰণ দল আৰু নিৰাপত্তাৰক্ষীয়ে কাৰ্যালয়টোত তালাচী অভিযান চলায়। কিন্তু তালাচীৰ সময়ত কোনো সন্দেহজনক বস্তু পোৱা নগ’ল। ইমেইলটোত ‘খালিস্তানে কথা ক’ব, মুম্বাই জিন্দাবাদ’ বুলি লিখা থকা বুলিও জানিব পৰা গৈছে। এই বাৰ্তাৰ প্ৰকৃত উদ্দেশ্য কি, সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই।
পাঞ্জাব নেশ্যনেল বেংকলৈও বো*মাৰ ভাবুকি
এই ভাবুকিৰ পৰিসৰ কেৱল মেয়ৰৰ কাৰ্যালয় বা অমিতাভ বচ্চনৰ বাসগৃহতে সীমাবদ্ধ নহয়। পাঞ্জাব নেশ্যনেল বেংকৰ কেইবাটাও কাৰ্যালয় আৰু শাখালৈও বোমা বিস্ফোৰণৰ ভাবুকি দি ইমেইল প্ৰেৰণ কৰা হৈছে। সংবাদ সংস্থা PTIৰ প্ৰতিবেদন অনুসৰি, ‘reduak079@gmail.com’ নামৰ ইমেইল একাউণ্টৰ পৰা পুৱা ১০:৫২ বজাত এই ভাবুকিপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰা হৈছিল। মুম্বাইৰ পিএনবিৰ মণ্ডল কাৰ্যালয়, কফে পেৰেডত থকা স্থানীয় অপৰাধ শাখা (এলচিবি) আৰু দক্ষিণ মুম্বাইৰ জাভেৰী বজাৰস্থিত বেংকৰ শাখালৈ এই ইমেইল প্ৰেৰণ কৰা হয়। ইমেইলটোৰ বিষয়বস্তুত দিনৰ ১:১১ বজাত মুম্বাইৰ পাঞ্জাব নেশ্যনেল বেংকৰ এটা শাখাত বো*মা বিস্ফো*ৰণ ঘটোৱাৰ কথা উল্লেখ কৰা হৈছে। ইয়াৰ উপৰি ২৭ নৱেম্বৰ আৰু ৩১ ডিচেম্বৰত বোমা বিস্ফোৰণ ঘটোৱাৰ ভাবুকিৰ কথাও ইমেইলটোত উল্লেখ কৰা হৈছে বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।
Emailৰ উৎস বিচাৰি তদন্ত অব্যাহত
ধাৰাবাহিকভাৱে লাভ কৰা এই ভাবুকিপূৰ্ণ ইমেইলসমূহৰ উৎস বিচাৰি মুম্বাই আৰক্ষী আৰু তদন্তকাৰী সংস্থাসমূহে তদন্ত অব্যাহত ৰাখিছে। ইমেইলসমূহ কোনে প্ৰেৰণ কৰিছে, ইয়াৰ আঁৰত কোনো সংগঠিত চক্ৰ জড়িত আছে নেকি আৰু ভাবুকিসমূহৰ প্ৰকৃত উদ্দেশ্য কি, সেই সকলো দিশ পৰীক্ষা কৰি থকা হৈছে। বো*মা বি*স্ফোৰণৰ ভাবুকিৰ পিছতে সংশ্লিষ্ট স্থানসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে। যদিও প্ৰাথমিক তালাচীত কোনো বি*স্ফোৰক সামগ্ৰী উদ্ধাৰ হোৱা নাই, তথাপিও আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে কোনো ধৰণৰ শিথিলতা গ্ৰহণ কৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















