পাকঘৰৰ কাম সহজ কৰি তুলিবলৈ প্ৰেচাৰ কুকাৰ কিনিছিল এগৰাকী মহিলাই। কিন্তু সেই কুকাৰটোৱেই হৈ পৰিল তেওঁৰ বাবে সমস্যাৰ কাৰণ। তিনিটাৰ পৰা চাৰিটা হুইচেল দিয়াৰ পিছতো কুকাৰত ভাত আৰু মচুৰ দাইল ভালদৰে সিজা নাছিল। এই সমস্যাৰ সমাধান বিচাৰি দোকান আৰু ডিলাৰৰ কাষ চাপিও কোনো সুফল নোপোৱাত অৱশেষত মহিলাগৰাকীয়ে গ্ৰাহক আদালতৰ দ্বাৰস্থ হয়। এতিয়া আদালতে মহিলাগৰাকীৰ পক্ষত ৰায় প্ৰদান কৰি দোকান, ডিলাৰ আৰু নিৰ্মাণকাৰী কোম্পানীক মুঠ ১৬,৭৫৫ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিছে। এই ঘটনা অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমৰ। মহিলাগৰাকীয়ে ১,৭৫৫ টকা ব্যয় কৰি ৪ লিটাৰৰ এটা ডিপ পেন প্ৰেচাৰ কুকাৰ ক্ৰয় কৰিছিল। কিন্তু কুকাৰটো কিনাৰ প্ৰথম দিনাৰ পৰাই তেওঁ সমস্যাৰ সন্মুখীন হয়।
ভাত আৰু মচুৰ দাইল ৰন্ধাত সমস্যা
মহিলাগৰাকীয়ে UPIৰ জৰিয়তে ধন পৰিশোধ কৰি এখন দোকানৰ পৰা প্ৰেচাৰ কুকাৰটো ক্ৰয় কৰিছিল। প্ৰথম দিনাই কুকাৰটোত ভাত ৰান্ধিবলৈ চেষ্টা কৰে। কিন্তু তিনিটাৰ পৰা চাৰিটা হুইচেল দিয়াৰ পিছতো ভাত ভালদৰে সিজা নাছিল। পিছদিনা তেওঁ কুকাৰটোত মচুৰ দাইল ৰান্ধিবলৈ চেষ্টা কৰে। কিন্তু সেইবাৰো একেই সমস্যাৰ সৃষ্টি হয়। কুকাৰটোত ভাত আৰু দাইল ভালদৰে নিসিজাত মহিলাগৰাকীয়ে দোকানখনৰ কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰে। কিন্তু দোকানৰ কৰ্মচাৰীসকলে সমস্যাটোৰ সমাধান কৰাৰ পৰিৱৰ্তে তেওঁক কোম্পানীটোৰ চাৰ্ভিচ চেণ্টাৰলৈ যাবলৈ পৰামৰ্শ দিয়ে। মহিলাগৰাকীয়ে নিজৰ বয়স আৰু শাৰীৰিক অসুবিধাৰ বাবে চাৰ্ভিচ চেণ্টাৰলৈ যোৱাটো সম্ভৱ নহয় বুলি জানিবলৈ দিয়ে। তাৰ পিছতো সমস্যাটোৰ সমাধান নহ’ল।
নতুন কুকাৰ বিচাৰিছিল, কিন্তু মেৰামতিৰ বিল দিলে
পিছত দোকানখনে কুকাৰটো পুনৰ অৰ্ডাৰ কৰে। মহিলাগৰাকীয়ে নতুন কুকাৰ লাভ কৰিব বুলি আশা কৰিছিল। কিন্তু নতুন কুকাৰ দিয়াৰ পৰিৱৰ্তে তেওঁক মেৰামতিৰ বাবে চাৰ্ভিচ বিল প্ৰদান কৰা হয়। মহিলাগৰাকীয়ে কুকাৰটো সলনি কৰি দিবলৈ দাবী জনায়। আনহাতে, নিৰ্মাণকাৰী কোম্পানীয়েও ডিলাৰক কুকাৰটো সলনি কৰিবলৈ নিৰ্দেশ দিছিল বুলি স্বীকাৰ কৰে। কিন্তু ডিলাৰে সেই নিৰ্দেশ পালন কৰা নাছিল। দোকান, ডিলাৰ আৰু কোম্পানীটোৰ পৰা উপযুক্ত সমাধান নোপোৱাত অৱশেষত মহিলাগৰাকীয়ে বিশাখাপট্টনম জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগৰ কাষ চাপে।
আদালতৰ কি ৰায়?
এই গোচৰৰ শুনানি গ্ৰহণ কৰি বিশাখাপট্টনম জিলা গ্ৰাহক বিবাদ নিৰাময় আয়োগে মহিলাগৰাকীৰ পক্ষত ৰায় প্ৰদান কৰে। আয়োগৰ অধ্যক্ষ গুডলা তনুজা আৰু সদস্য ভাৰী কৃষ্ণ মূৰ্তি তথা ৰহিমুন্নিছা বেগমৰ বিচাৰপীঠে ৩১ অক্টোবৰত এই নিৰ্দেশ জাৰি কৰে। শুনানিৰ সময়ত দোকান, ডিলাৰ আৰু নিৰ্মাণকাৰী কোম্পানীয়ে কুকাৰটো সঠিকভাৱে কাম কৰি আছে বুলি দাবী কৰে। তেওঁলোকে কুকাৰটো সলনি কৰিবলৈ আগবঢ়া প্ৰস্তাৱক কেৱল সদিচ্ছাৰ অংশ বুলি উল্লেখ কৰে। কিন্তু আদালতে তেওঁলোকৰ এই যুক্তি গ্ৰহণ নকৰিলে। আদালতে প্ৰশ্ন কৰে যে কুকাৰটো যদি সম্পূৰ্ণৰূপে ঠিকেই আছিল, তেন্তে ইয়াক সলনি কৰাৰ প্ৰস্তাৱ কিয় দিয়া হৈছিল? ইয়াৰ উপৰি, সংশ্লিষ্ট পক্ষসমূহে কুকাৰটোৰ ৱাৰেণ্টীৰ চৰ্তসমূহ আদালতত দাখিল কৰাতো ব্যৰ্থ হয়।
১৬,৭৫৫ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ
আদালতে স্পষ্ট কৰি দিয়ে যে গ্ৰাহক সুৰক্ষা আইন অনুসৰি মহিলাগৰাকীৰ আইনী অধিকাৰ আছে। তেওঁ কোম্পানীটোৰ কোনো অনুগ্ৰহৰ ওপৰত নিৰ্ভৰশীল নহয়। ক্ৰয় কৰা সামগ্ৰীত বিসংগতি থাকিলে গ্ৰাহকে আইনী ব্যৱস্থাৰ সহায় ল’ব পাৰে। আনহাতে, দোকান আৰু ডিলাৰে মহিলাগৰাকীয়ে গ্ৰাহক আয়োগত যোগাযোগ থকা বুলি দাবী কৰি তেওঁলোকক ভাবুকি দিছিল বুলি অভিযোগ উত্থাপন কৰে। আদালতে এই মন্তব্যক মহিলাগৰাকীৰ প্ৰতি অপমানজনক আৰু আয়োগৰ সন্মানৰ বাবে মানহানিকাৰক বুলি অভিহিত কৰি অসন্তুষ্টি প্ৰকাশ কৰে।
অৱশেষত আয়োগে দোকান, ডিলাৰ আৰু নিৰ্মাণকাৰী কোম্পানীক কুকাৰটোৰ মূল্য, ক্ষতিপূৰণ আৰু গোচৰৰ খৰচকে ধৰি মুঠ ১৬,৭৫৫ টকা মহিলাগৰাকীক প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে। এই ঘটনাই পুনৰ প্ৰমাণ কৰিলে যে কোনো সামগ্ৰী ক্ৰয় কৰাৰ পিছত তাত বিসংগতি দেখা দিলে গ্ৰাহকে নীৰৱে সহ্য কৰি থকাৰ প্ৰয়োজন নাই। দোকান বা কোম্পানীয়ে সমস্যাৰ সমাধান নকৰিলে গ্ৰাহক আদালতৰ কাষ চাপি নিজৰ অধিকাৰ সাব্যস্ত কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















